ETV Bharat / state

বিজেপি অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত 'সামূহিক টীকাকৰণ অভিযান' - বিজেপি, অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত 'সামূহিক টীকাকৰণ অভিযান'

সোমবাৰে পুৱা ৯ বজাত গুৱাহাটীৰ উলুবাৰীৰ ডিটিআৰপি ইণ্ড'ৰ ষ্টেডিয়ামত বিজেপিৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত 'সামূহিক টিকাকৰণ অভিযান' কাৰ্যসূচী গ্ৰহণ কৰা হয় । প্ৰশাসন আৰু স্বাস্থ্য বিভাগক সহযোগিতা কৰাৰ অৰ্থে মহিলা মৰ্চাই এই কাৰ্যসূচী গ্ৰহণ কৰে ।

বিজেপি, অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত 'সামূহিক টীকাকৰণ অভিযান'

author img

By

Published : Apr 26, 2021, 7:58 PM IST

গুৱাহাটী, ২৬ এপ্ৰিল : দেশজুৰি ক'ভিড-১৯ ৰ সংক্ৰমণৰ লগতে প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অব্যাহত আছে । সোমবাৰে পুৱা ৯ বজাত গুৱাহাটীৰ উলুবাৰীৰ ডিটিআৰপি ইণ্ড'ৰ ষ্টেডিয়ামত বিজেপিৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত 'সামূহিক টীকাকৰণ অভিযান' কাৰ্যসূচী গ্ৰহণ কৰা হয় । প্ৰশাসন আৰু স্বাস্থ্য বিভাগক সহযোগিতা কৰাৰ অৰ্থে এই কাৰ্যসূচী গ্ৰহণ কৰা হয় । এই কাৰ্যসূচীত ৪৫ বয়সৰ উৰ্ধৰ মহিলাসকলক টীকাকৰণৰ কৰাৰ পদক্ষেপ সফলতাৰে ৰূপায়ণ কৰা হয় ।

বিজেপি, অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত 'সামূহিক টীকাকৰণ অভিযান'
বিজেপি, অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত 'সামূহিক টীকাকৰণ অভিযান'

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী অপৰাজিতা ভূঞাই কয় যে ভাৰতীয় জনতা পাৰ্টীৰ মূলমন্ত্ৰ 'সেৱাই সংগঠন' ক সাৰোগত কৰি প্ৰদেশ মহিলা মৰ্চাই এই জটিল পৰিস্থিতিৰ সময়ত জনসাধাৰণক সহায় কৰিবলৈ আগবাঢ়ি আহিছে । এয়া আমাৰ সকলোৰে কৰ্তব্য, জনকল্যাণৰ স্বাৰ্থত আগলৈও এনেধৰণৰ কাৰ্যসূচীৰ দ্বাৰা সকলোৰে সহযোগিতা কৰিবলৈ পালে সুখী হ'ব বুলি সংবাদ মাধ্যমৰ আগত জনায় । উল্লেখযোগ্য যে, সোমবাৰৰ এই কাৰ্যসূচীত ৩০০ ৰো অধিক মহিলাই টীকাকৰণ অভিযানত অংশগ্ৰহণ কৰে ।

৩০০ ৰো অধিক মহিলাই টীকাকৰণ অভিযানত অংশগ্ৰহণ কৰে

লগতে পঢ়ক: মহানগৰীৰ লালুংগাঁৱত পিষ্টলসহ এজন অস্ত্ৰ সৰবৰাহকাৰী আটক

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.