ETV Bharat / state

বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ পুনৰ নিৰ্বাচিত বিশ্বজিৎ দৈমাৰী - বিশ্বজিৎ দৈমাৰী

বিনা প্ৰতিদ্বন্দিতাৰে পুনৰবাৰ ৰাজ্যসভালৈ নিৰ্বাচিত বিশ্বজিৎ দৈমাৰী ৷ সাংসদ হিচাপে এয়া হ’ব দৈমাৰীৰ চতুৰ্থটো কাৰ্যকাল ৷

as_ghy_biswajith-daimary-elected-as-rajya-sabha-mp__img_7206058
বিনা প্ৰতিদ্বন্দিতাৰে পুণৰবাৰ ৰাজ্যসভালৈ নিৰ্বাচিত বিশ্বজিৎ দৈমাৰী
author img

By

Published : Feb 23, 2021, 6:41 AM IST

গুৱাহাটী,23 ফেব্ৰুৱাৰী: বিনা প্ৰতিদ্বন্দিতাৰে বিজেপিৰ প্ৰাৰ্থীৰূপে ৰাজ্যসভালৈ নিৰ্বাচিত হ'ল বিশ্বজিৎ দৈমাৰী । সোমবাৰে আছিল ৰাজ্যসভাৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন । কিন্তু ৰাজ্যসভাত খালী হোৱা একমাত্ৰ আসনখনৰ বাবে এজন প্ৰাৰ্থীয়েই মনোনয়ন দাখিল কৰিছিল আৰু তেওঁ আছিল সদস্য বিপিএফৰ সদ্যত্যাগী তথা ন বিজেপি নেতা বিশ্বজিৎ দৈমাৰী ৷

সেই অনুসৰি একমাত্ৰ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন বৈধ ঘোষিত হোৱাৰ পিছত সোমবাৰে ৰাজ্যসভা নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়া দুলাল চন্দ্ৰ পেগুৱে বিশ্বজিৎ দৈমাৰীক বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰে । উল্লেখ্য যে, সাংসদ হিচাপে এয়া হ’ব দৈমাৰীৰ চতুৰ্থটো কাৰ্যকাল ৷

লগতে পঢ়ক- এজন জনপ্ৰতিনিধিৰ নূন্যতম যোগ্যতা কি হোৱা উচিত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.