ETV Bharat / state

ওপজা দিনত সুধাকণ্ঠলৈ সশ্ৰদ্ধ প্ৰণিপাত... - ভূপেন হাজৰিকাৰ জন্মদিন

‘মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান’...সংগীতেৰে অসমবাসীৰ মাজত আজিও জীয়াই থকা সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ(Dr Bhupen Hazarika) আজি ওপজা দিন ৷ অসমীয়া সমাজ জীৱনলৈ গীত আৰু বোলছবিৰ জৰিয়তে এক মেটমৰা সম্ভাৰ দি যোৱা এইগৰাকী মহান শিল্পীক আজি সুঁৱৰিছে সমগ্ৰ দেশে ৷

birth anniversary of dr bhupen hazarika
ভূপেন হাজৰিকাৰ জন্মদিন
author img

By

Published : Sep 8, 2021, 7:17 AM IST

চিটাৰা ডেস্ক, 8 ছেপ্টেম্বৰ : আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ(Dr Bhupen Hazarika) 95 সংখ্যক জন্ম জয়ন্তী ৷ সুৰ, সংগীত আৰু এক মহান ব্যক্তিত্বৰে সমগ্ৰ দেশতে এগৰাকী অসমীয়া হিচাপে পৰিচয় দাঙি ধৰিছিল শিল্পীগৰাকীয়ে ৷ 1926 চনৰ 8 ছেপ্টেম্বৰত তিনিচুকীয়া জিলাৰ শদিয়াত জন্মগ্ৰহণ কৰিছিল সুধাকণ্ঠই ৷

পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তি প্ৰিয়া হাজৰিকা দহোটি সন্তানৰ ভিতৰত জ্যেষ্ঠ পুত্ৰ আছিল তেওঁ ৷ সংস্কৃতিবান এই হাজৰিকা পৰিয়ালটোৰ সন্তান ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, সমৰ হাজৰিকাকে ধৰি প্ৰতিগৰাকীৰেই আছে সংগীত জগতত এক সুকীয়া পৰিচয় ৷

birth anniversary of dr bhupen hazarika
ভূপেন হাজৰিকাৰ জন্মদিন

তেওঁ ধুবুৰী, গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা লাভ কৰিছিল ৷ 1940 চনত তেওঁ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় ৷ ইয়াৰ পাচতে 1942 চনত কটন মহাবিদ্যালয়ৰ(Cotton College) পৰা কলা বিভাগত উত্তীৰ্ণ হৈ ড৹ ভূপেন হাজৰিকাই বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ(Banaras Hindu University) পৰা ক্ৰমে ৰাজনীতি বিজ্ঞানত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ৷

পৰৱৰ্তী সময়ত কলোম্বিয়া বিশ্ববিদ্যালয়ৰ(Colombia University) পৰা Role of Mass Communication in India's Adult Education বিষয়টোত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল সুধাকণ্ঠগৰাকীয়ে ৷ ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পূৰ্বে তেওঁ গুৱাহাটীস্থিত অল ইণ্ডিয়া ৰেডিঅ’ত (All India Radio) কম সময়ৰ বাবে কাম কৰিছিল ৷

বাল্যকালৰ পৰাই সংগীতৰ(Music) ক্ষেত্ৰখনত জড়িত হৈ পৰিছিল হাজৰিকাই ৷ পিতৃ আৰু মাতৃৰ পৰাই তেওঁ সংগীতৰ ক্ষেত্ৰখনত অনুপ্ৰেৰণা লাভ কৰিছিল ৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্যৰে আগবাঢ়িছিল সুধাকণ্ঠৰ সাংস্কৃতিক যাত্ৰা ৷

birth anniversary of dr bhupen hazarika
ভূপেন হাজৰিকাৰ জন্মদিন

সেই সময়ত এই দুগৰাকী মণিষীৰ যোগেদি পোন প্ৰথমবাৰৰ বাবে কলিকতাত গীত বাণীবদ্ধ কৰিছিল ভূপেন হাজৰিকাই ৷ এয়াই তেওঁৰ সংগীতৰ যাত্ৰাৰ আৰম্ভণি আৰু থাৰ পাচত থমকি ৰোৱা নাই সুধাকণ্ঠগৰাকী ৷ গীতত কণ্ঠদান কৰাৰ পৰা আৰম্ভ কৰি গীতিকাৰ, সুৰকাৰ হিচাপেও খ্যাতি লাভ কৰিছিল অসম গৌৰৱ ভূপেন হাজৰিকাই ৷

এইগৰাকী মহান শিল্পীৰ প্ৰতিটো গীতত পোৱা যায় আই মাতৃৰ কেঁচা মাটিৰ গোন্ধ ৷ শ্বহীদৰ কেঁচা তেজৰ চেকুৰা, কৃষকৰ ঘামৰ টোপাস যেন ৰন্ধ্ৰে ৰন্ধ্ৰে অনুভৱ কৰিছিল সুধাকণ্ঠই ৷ সেইবাবেই তেওঁৰ কলম আৰু কণ্ঠৰে নিগৰিছিল বহু কালজয়ী দেশপ্ৰেমমূলক গীত যেনে- অ’ মোৰ ধৰিত্ৰী আই, শ্বহীদ প্ৰণামো তোমাক, কত জোৱানৰ মৃত্যু হ’ল আদি ৷

কেৱল অসমৰ সংগীত জগততে সীমাবদ্ধ নাছিল ভূপেন হাজৰিকা ৷ অসমীয়া ভাষাৰ উপৰিও সুধাকণ্ঠই বঙালী, হিন্দী, ওড়িয়া আদি কেইবাটাও ভাষাত গীত পৰিৱেশন কৰি দেশৰ সংগীত ক্ষেত্ৰখনত দখল কৰিছিল এক সুকীয়া স্থান ৷ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন শিল্পী পল ৰ’বচনৰ বিখ্যাত ‘Old Man River’ গীতটিক অনুসৰণ কৰি সুধাকণ্ঠই লিখিছিল ’আমি একেখন নাৱৰে যাত্ৰী’ শীৰ্ষক গীতটি ৷

birth anniversary of dr bhupen hazarika
ভূপেন হাজৰিকাৰ জন্মদিন

কেৱল সংগীতেই নহয়, ছবি নিৰ্মাণ আৰু পৰিচালনাৰ ক্ষেত্ৰতো তেওঁৰ অনবদ্য অৱদান আছিল ৷ ‘এৰাবাটৰ সুৰ’, ‘চামেলি মেম চাহাব’, ‘লটি-ঘটি’, ‘শকুন্তলা’, ‘প্ৰতিধ্বনি’, ‘চিকমিক বিজুলী’ আদি বহুকেইখন বোলছবি নিৰ্মাণ কৰিছিল ড৹ ভূপেন হাজৰিকাই ৷ তেওঁৰ দ্বাৰা নিৰ্মিত সৰহ সংখ্যক ছবিয়ে ৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম বুটলিবলৈ সক্ষম হৈছিল ৷

ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰতৰত্ন’ৰে বিভূষিত কৰা সুধাকণ্ঠগৰাকীয়ে অৰ্জন কৰিছিল বহু খ্যাতি ৷ 1977 চনত পদ্মশ্ৰী , 2001 চনত একেটা বৰ্ষতে পদ্মভূষণ আৰু সাহিত্য অকাডেমী, 2008 চনত সাহিত্যচাৰ্য, 2009 চনত অসমৰত্ন আৰু 2012 চনত মৰণোত্তৰভাৱে পদ্মবিভূষণ সন্মান লাভ কৰিছিল হাজৰিকাই ৷

তাৰ পাচতে 2019 চনত মৰণোত্তৰভাৱে ‘ভাৰতৰত্ন’ সন্মানেৰে বিভূষিত কৰা হয় ড৹ ভূপেন হাজৰিকাক ৷ 1993 চনত শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ 69 তম অধিৱেশনত সভাপতিৰ আসন অলংকৃত কৰিছিল ড৹ ভূপেন হাজৰিকাই ৷ 1950 চনত প্ৰিয়ম্বদা পেটেল হাজৰিকাৰ সৈতে সাংসাৰিক জীৱন আৰম্ভ কৰিছিল সুধাকণ্ঠই ৷ তেওঁৰ একমাত্ৰ পুত্ৰ সন্তান হৈছে তেজ হাজৰিকা ৷

ৰাজনীতিৰ ক্ষেত্ৰখনতো সুধাকণ্ঠৰ সফলতা উল্লেখনীয়৷ কিয়নো তেওঁ 1967 চনৰ পৰা 1972 চনলৈ নাওবৈচা সমষ্টিৰ পৰা অসম বিধানসভাৰ(Assam Assembly) সদস্য হিচাপে নিৰ্বাচিত হৈছিল ৷ অসমীয়া সংস্কৃতি আৰু অসমীয়া সমাজ জীৱনলৈ গীত-বোলছবিৰ জৰিয়তে এক মেটমৰা সম্ভাৰ আগবঢ়াই থৈ যায় সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই ৷

বৃক্ক আৰু বহুকেইটা ৰোগত আক্ৰান্ত হৈ অৱশেষত 2011 চনৰ 5 নবেম্বৰত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে অসম গৌৰৱ এইগৰাকী প্ৰখ্যাত শিল্পীয়ে ৷ সুধাকণ্ঠৰ অৱদানক সুঁৱৰি তেওঁৰ ওপজা দিনত আজি সকলোৱে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মহান শিল্পীগৰাকীলৈ৷ ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰাও সুধাকণ্ঠলৈ থাকিল গভীৰ শ্ৰদ্ধাঞ্জলি ৷

লগতে পঢ়ক: হাস্পতালৰ পৰা অব্যাহতি দিলে শ্বায়েৰা বানুক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.