ETV Bharat / state

ফেব্ৰুৱাৰীত অসম বিধানসভাত উত্থাপন কৰা হ’ব বহুবিবাহ বিৰোধী বিধেয়ক - বহুবিবাহ বিৰোধী বিধেয়ক

ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ পৰৱৰ্তী অধিৱেশনত বহুবিবাহ বিৰোধী বিধেয়ক উত্থাপন কৰা হ’ব । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে উল্লেখ কৰে এই কথা ৷ ‘লাভ জেহাদ’ দফা সন্নিবিষ্ট হোৱাৰ সম্ভাৱনা ৷ ৫০ সংখ্যক কাৰ্বি যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ ৰাষ্ট্ৰপতিক আমন্ত্ৰণ জনায় মুখ্যমন্ত্ৰীয়ে ৷

Bill to ban polygamy to be tabled in Assam Assembly by February
ফেব্ৰুৱাৰীত অসম বিধানসভাত উত্থাপন কৰা হ’ব বহুবিবাহ বিৰোধী বিধেয়ক
author img

By ANI

Published : Dec 16, 2023, 9:58 AM IST

নিউজ ডেস্ক, ১৬ ডিচেম্বৰ: বহুবিবাহ বিৰোধী বিধেয়কখন অহা ৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া অসম বিধানসভাৰ অধিবেশনত উত্থাপন কৰা হ’ব ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে নতুন দিল্লীৰ অসম ভৱনত সাংবাদিকৰ আগত এই কথা ব্যক্ত কৰে । অসমৰ বিভিন্ন ব্যক্তি আৰু সংগঠনৰ সৈতে কেইবামাহো ধৰি আলোচনাৰ অন্তত এই বহুবিবাহ বিৰোধী বিধেয়কখন প্ৰস্তুত কৰা হৈছে ।

একাধিকবাৰ বিবাহ কৰা প্ৰথা নিষিদ্ধ কৰাৰ প্ৰস্তাৱিত আইনখনৰ ওপৰত মতামত বিচাৰি চৰকাৰৰ তৰফৰ পৰা ৰাজহুৱা জাননীও জাৰি কৰা হৈছিল ষ এই জাননীৰ প্ৰতি সঁহাৰি জনাই ৰাজ্য চৰকাৰে ১৪৯টা পৰামৰ্শ লাভ কৰিছে । ইয়াৰে ১৪৬টা পৰামৰ্শ বিধেয়কখনৰ সপক্ষে আছিল আৰু তিনিটা সংগঠনে এই বিধেয়কখনৰ বিৰোধিতা কৰিছিল । ৰাজ্যত "লাভ জেহাদ" বন্ধ কৰাৰ উদ্দেশ্যেৰে বিধেয়কখনত কিছু কথা সন্নিবিষ্ট কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বে কৈছিল ।

উল্লেখ্য যে, দেওবাৰৰ সন্ধিয়াৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী শৰ্মাই ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, কেন্দ্ৰীয় বিত্তমন্ত্ৰী, কেন্দ্ৰীয় পেট্ৰ‘লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীৰ লগতে কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰে ৷ চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক তপন কুমাৰ ডেকা আৰু ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ(নিয়া) সঞ্চালক প্ৰধান দীনকৰ গুপ্তাক শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক নতুন দিল্লীৰ অসম ভৱনত সাক্ষাৎ কৰে । দুয়োটা কেন্দ্ৰীয় সংস্থাৰ মুৰব্বীয়ে মুখ্যমন্ত্ৰী শৰ্মাৰ সৈতে নিৰাপত্তা সম্পৰ্কীয় বিষয়ত আলোচনা কৰে ।

নিয়াৰ সঞ্চালক প্ৰধানগৰাকীয়ে ত্ৰিপুৰাৰ সৈতে অসমে গোচৰ পঞ্জীয়ন কৰা ৰোহিংগীয়া অনুপ্ৰৱেশ আৰু সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ ৪৪টা স্থানত চলোৱা অভিযানৰ বিষয়েও মুখ্যমন্ত্ৰীক অৱগত কৰে । বৰ্তমান উত্তৰ-পূব পৰিক্ৰমা বিভাগৰ উপদেষ্টা হিচাপে কৰ্মৰত আই বিৰ প্ৰাক্তন বিশেষ সঞ্চালক এ কে মিশ্ৰইও মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে ।

বৈঠকৰ পাচত অসম হাউছ চৌহদত সংবাদ মাধ্যমক অৱগত কৰি মুখ্যমন্ত্ৰী শৰ্মাই ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া অসম বিধানসভাৰ অধিৱেশনত উত্থাপন কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আলফাৰ সৈতে শান্তি চুক্তিৰ সন্দৰ্ভত গুৰুত্বসহকাৰে আলোচনা কৰি থকাৰ কথা জানিবলৈ দিয়ে ৷ ইফালে আলোচনাপন্থী আলফা গোটৰ সৈতে হোৱা শান্তি চুক্তি চূড়ান্ত কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ চলিত মাহত অথবা অহা বছৰৰ জানুৱাৰীৰ ভিতৰত আলফাৰ সৈতে চূড়ান্ত চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা থকা কথাও ব্যক্ত কৰে ৷

মুখ্যমন্ত্ৰী উল্লেখ কৰা অনুসৰি, আলোচনাপন্থী আলফা গোটৰ সৈতে হ’বলগীয়া শান্তি চুক্তিত ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক সুৰক্ষাৰ লগতে ভূমিৰ অধিকাৰো সন্নিবিষ্ট কৰা হ'ব । মুখ্যমন্ত্ৰীয়ে কয় যে হিংসাই বিকাশ আৰু উন্নয়নত বাধাৰ সৃষ্টি কৰিব ৷ ৰাজ্য আৰু ইয়াৰ জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত, আলফা(স্বাঃ) সৌহাদ্যপূৰ্ণ নিষ্পত্তিলৈ আহিব লাগিব ।

তেওঁ অহা বছৰৰ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ৫০ সংখ্যক কাৰ্বি যুৱ মহোৎসৱত ভাৰতৰ ৰাষ্ট্ৰপতিক অংশগ্ৰহণ কৰিবলৈ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফেব্ৰুৱাৰী মাহত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনায় ৷

লগতে পঢ়ক: জানুৱাৰীত আলোচনাপন্থী আলফাৰে হ’ব শান্তিচুক্তি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.