গুৱাহাটী, 20 জুন : বুধবাৰে নিশা এখন গৰাকীবিহীন বাইক উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় শৰাইঘাট দলঙত । বাইকখনৰ গৰাকীয়ে বাইকখন এৰি দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জপিয়াই আত্মহত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । দলঙত উদ্ধাৰ হোৱা বাইকখনৰ নম্বৰ AS 01 BM 3719 । বাইকখনৰ পৰা উদ্ধাৰ হৈছে ড্ৰাইভিং লাইচেঞ্চ আৰু কিছু নথি-পত্ৰ ।
![Etv Bharat Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-19jun-801-boymissing-as10002_19062019233613_1906f_1560967573_800.jpg)
যুৱকজন তামুলপুৰৰ লক্ষ্মণ স্বৰ্গীয়াৰী বুলি জানিব পৰা গৈছে । সম্প্ৰতি জালুকবাৰী আৰক্ষী চকীত উপস্থিত হৈছে যুৱকজনৰ পৰিয়াল । পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি দুপৰীয়া টকাৰ বাবে মাকৰ লগত বাক-বিতণ্ডাত লিপ্ত হৈছিল লক্ষ্মণ স্বৰ্গীয়াৰী । তাৰ পাছতেই ঘৰৰ পৰা ওলাই আহিছিল যুৱকজন । আৰক্ষীৰ অনুসন্ধানতহে পোহৰলৈ আহিল প্ৰকৃত তথ্য ।