ETV Bharat / state

সাহিত্য সভাৰ নিৰ্বাচন : সভাপতি পদৰ দৌৰত সাতগৰাকী সাহিত্যিক - Sahitya Sabha elections latest news

মহানগৰীত সংবাদমেল সম্বোধন কৰি অসম সাহিত্য সভাৰ নিৰ্বাচন সম্বন্ধীয় কাম-কাজৰ বিষয়ে অৱগত কৰিলে নিৰ্বাচন আয়োগৰ মুখপাত্ৰ বিজন মহাজনে ৷ সভাপতি পদৰ বাবে সাত গৰাকী,উপ-সভাপতি পদৰ বাবে চাৰি আৰু প্ৰধান সম্পাদক পদৰ বাবে তিনি গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন পত্ৰ ৷ 15 ডিচেম্বৰত ঘোষণা কৰা হ'ব ফলাফল ৷

বিজন মহাজনৰ সংবাদমেল
author img

By

Published : Oct 16, 2019, 8:31 PM IST

গুৱাহাটী, 16 অক্টোবৰ : বুধবাৰে মহানগৰীৰ অসম সাহিত্য সভাৰ কাৰ্যালয়ত সাহিত্য সভাৰ নিৰ্বাচন সংক্ৰান্তীয় এখন সংবাদমেল সম্বোধন কৰে সাহিত্য সভাৰ নিৰ্বাচন আয়োগৰ মুখপাত্ৰ বিজন মহাজনে ৷ সংবাদমেলযোগে আগন্তুক 2020-22 বৰ্ষৰ কাৰ্যকালৰ সভাপতি পদৰ বাবে মুঠ সাত গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰা বুলি অৱগত কৰে বিজন মহাজনে ৷ সভাপতি পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকল ক্ৰমে বসন্ত কুমাৰ গোস্বামী,সূৰ্যকান্ত হাজৰিকা,কৰৱী ডেকা হাজাৰিকা,প্ৰহ্লাদ কুমাৰ তাছা, কুলধৰ শইকীয়া,জয়শ্ৰী গোস্বামী মহন্ত আৰু পখিলা কলিতা ৷ সমান্তৰালকৈ সাহিত্য সভাৰ 2020-22 বৰ্ষৰ কাৰ্যকালৰ উপ-সভাপতি পদৰ বাবে চাৰিগৰাকী আৰু প্ৰধান সম্পাদক পদৰ বাবে তিনিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰা কথা সংবাদমেল যোগে অৱগত কৰে বিজন মহাজনে ৷

সভাপতি পদৰ দৌৰত সাতগৰাকী সাহিত্যিক

ইপিনে,সাহিত্য সভাৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পাচতেই সকলো প্ৰাৰ্থীলৈ সকীয়নি প্ৰদান কৰে নিৰ্বাচন সমিতিয়ে ৷ শপত নামাত যদি কোনো প্ৰাৰ্থীয়ে ভুল তথ্য দাখিল কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ লগতে নিৰ্বাচনী সমিতিক যি প্ৰাৰ্থীয়ে বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিব তেনে ব্যক্তিৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে নিৰ্বাচন আয়োগৰ মুখপাত্ৰ গৰাকীয়ে ৷

উল্লেখ্য যে, অহা 1 নৱেম্বৰ পৰা সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হ'ব । 10 ডিচেম্বৰ লৈ চলিব সাহিত্য সভাৰ নিৰ্বাচন প্ৰক্ৰিয়া ৷ 15 ডিচেম্বৰত গণনা প্ৰক্ৰিয়া সম্পন্ন কৰিয়েই নিৰ্বাচন আয়োগে ঘোষণা কৰিব বিজয়ী প্ৰাৰ্থীৰ নাম ৷

Intro:অসম সাহিত্য সভাৰ কাৰ্যালয়ত অসম সাহিত্য সভাৰ নিৰ্বাচন সংক্ৰান্তীয় সংবাদমেল।অহা 1 নৱেম্বৰ পৰা সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হব। 10 ডিচেম্বৰ লৈ সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া চলিব। তাৰ পিছতে 15 ডিচেম্বৰত গণনা প্ৰক্ৰিয়া সম্পন্ন কৰি নিৰ্বাচনী পৰিষদে ঘোষণা কৰিব জয়ী প্ৰাৰ্থীৰ নাম।
2020- 22 বৰ্ষৰ নিৰ্বাচনৰ বাবে মুঠ 7 গৰাকীয়ে প্ৰাৰ্থীয়ে সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিছে ।
বসন্ত কুমাৰ গোস্বামী , সূৰ্যকান্ত হাজৰিকা , কৰৱী ডেকা হাজাৰিকা , প্ৰহ্লাদ কুমাৰ তাছা, কুলধৰ শইকীয়া , জয়শ্ৰী গোস্বামী মহন্ত
সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰা কৰাসকলে সক্ৰিয় ৰাজনীতিৰ লগত জড়িত নহয় বুলি শপত নামাৰ জৰিয়তে স্পষ্ট কৰাৰ লগে লগে এই ব্যক্তি সকলক মুখ্য নিৰ্বাচনী পৰিষদে বৈধ বুলি প্ৰকাশ কৰিছে।

Body:উপসভাপতি পদৰ বাবে 4 গৰাকী লোকে মনোনয়ন দাখিল কৰিছে আৰু এই 4 গৰাকীক বৈধ ঘোষণা নিৰ্বাচন পৰিষদৰ। লগতে প্ৰধান সম্পাদক পদৰ বাবে 3 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে আৰু এই তিনি গৰাকীকো বৈধ ঘোষণা অসম সাহিত্য সভা নিৰ্বাচন পৰিষদৰ। সাহিত্য সভাৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতে নিৰ্বাচন সমিতিৰ সকীয়নি সকলো প্ৰাৰ্থীলৈ । শপত নামাত।যদি কোনোৱে ভুল তৈথ্য দাখিল কৰিছে তেওঁলোকৰ বিৰুদ্ধে লোৱা হব আইনগত ব্যৱস্থা।

Conclusion:নিৰ্বাচন সমিতিক যি প্ৰাৰ্থীয়ে বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছে তেনে প্ৰাৰ্থীক আইনগত ব্যৱস্থাৰ আওতাত অনাৰ লগতে শাস্তি মূলক ব্যৱস্থাও গ্ৰহণ কৰিব নিৰ্বাচনী সমিতিয়ে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.