গুৱাহাটী , 14 এপ্ৰিল : আজি গৰু বিহু ৷ ৰাজ্যজুৰি উলহ মালহেৰে পালন কৰা হৈছে গৰু বিহু ৷ সমান্তৰালকৈ ক্ষেত্ৰীৰ সমীপৰ মালয়বাৰীৰ চহা ৰাইজে পালন কৰিছে গৰু বিহু ৷ পুৱাৰে পৰা গৰুক গা ধুৱাবলৈ মালয়বাৰীৰ ৰাইজে ভিৰ কৰেহি কলং নদীৰ পাৰত ৷

গো ধনৰ গাত হালধিৰ মিশ্ৰণ সানি লাও বেঙেনা খোৱাই গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰে মালয়বাৰীৰ ৰাইজে ৷ ইপিনে হঠাৎ বতৰ বেয়া হোৱাৰ বাবে নদীৰ পাৰলৈ গৰুক গা ধুৱাবলৈ নি অসুবিধাৰ সম্মুখীন হোৱাৰ ফলত উভতিব লগীয়া হয় কৃষিজীৱি ৰাইজ ৷