ETV Bharat / state

বিহাৰৰ নিৰ্বাচনী ফলাফল সৰ্ন্দভত কি কয় অসমৰ কংগ্ৰেছ দলে - by congress

বিহাৰৰ নিৰ্বাচনী ফলাফলে অসমৰ আসন্ন বিধানসভা নিৰ্বাচনত কোনো ধৰণৰ প্ৰভাৱ নেপেলাই বুলি দৃঢ়তাৰে মত পোষণ কৰিছে কংগ্ৰেছ দলে । প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰঞ্জন বৰাই বিহাৰৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ই টিভি ভাৰতক কয়-এই নিৰ্বাচনৰ ফলাফলে অসমৰ নিৰ্বাচনত কোনো প্ৰভাৱ পেলাব নোৱাৰে ।

bihar elections reactions by congress
বিহাৰৰ নিৰ্বাচনী ফলাফল সৰ্ন্দভত কি কয় অসমৰ কংগ্ৰেছ দলে
author img

By

Published : Nov 11, 2020, 7:19 PM IST

গুৱাহাটী, 11নৱেম্বৰঃ বিহাৰৰ নিৰ্বাচনী ফলাফলে পৰিস্কাৰ কৰি দিলে যে, আজিৰ তাৰিখত দেশত কংগ্ৰেছৰ প্ৰয়োজনীয়তা, গ্ৰহণযোগ্যতা সকলো শেষ হৈছে । এই ভাষ্য শাসক দল বিজেপিৰ। বিহাৰৰ নিৰ্বাচনী ফলাফল সম্পূৰ্ণ হোৱাৰ পিছতে আজি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম প্ৰদেশ বিজেপিৰ উপ-সভাপতি জয়ন্ত দাসে ই টিভি ভাৰতক কয় যে বিহাৰৰ নিৰ্বাচনী ফলাফলে নিশ্চিতভাৱে অসমতো প্ৰভাৱ পেলাব । আগন্তুক তিনি চাৰি মাহৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া অসমৰ বিধানসভা নিৰ্বাচনতো কংগ্ৰেছ এনেদৰে ধৰাশায়ী হৈ পৰিব বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ নেতাজনে ৷

বিহাৰৰ নিৰ্বাচনী ফলাফল সৰ্ন্দভত কি কয় অসমৰ কংগ্ৰেছ দলে

ইপিনে, বিহাৰৰ নিৰ্বাচনী ফলাফলে অসমৰ আসন্ন বিধানসভা নিৰ্বাচনত কোনো ধৰণৰ প্ৰভাৱ নেপেলাই বুলি দৃঢ়তাৰে মত পোষণ কৰিছে কংগ্ৰেছ দলে । প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰঞ্জন বৰাই বিহাৰৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইটিভি ভাৰতক কয় যে, এই নিৰ্বাচনৰ ফলাফলে অসমৰ নিৰ্বাচনত কোনো প্ৰভাৱ পেলাব নোৱাৰে ।

কংগ্ৰেছ নেতাজনে আৰু কয় যে, বিহাৰৰ নিৰ্বাচনত ব্যাপক ৰিগিং চলিছিল । বহু সংখ্যক ইভিএম খোলা অৱস্থাত পোৱা গৈছিল । আনকি যিসমূহ সমষ্টিত কংগ্ৰেছ বা আন বিৰোধী দলৰ প্ৰাৰ্থী বিজয়ৰ দিশে অগ্ৰসৰ হৈছিল, সেই সমূহত বলপূৰ্বকভাবে পুনৰ ভোট গণনা কৰোৱাই বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰোৱা হৈছিল । গতিকে বিহাৰৰ এই নিৰ্বাচনী ফলাফলে অসমৰ নিৰ্বাচনত কোনো প্ৰভাৱ পেলাব নোৱাৰে বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷

লগতে পঢ়কঃ বিপিএফ এৰিলে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.