গুৱাহাটী, ২৬ নৱেম্বৰ : "মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্রীৰ চকীখনৰ গৰিমা বহু গুণে অৱনমিত কৰিছে । অসমৰ ৰাজনৈতিক ইতিহাসত এনে মুখ্যমন্ত্রী কেতিয়াও পোৱা নাই ।" এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ ।
শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন যোগদান সভাত সভাপতি বৰাই কঠোৰ সমালোচনা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক(Bhupen Kumar Borah criticizes Himanta Biswa Sharma)। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে, ‘‘ইয়াৰ পূৰ্বে কেতিয়াও এনেদৰে মুখ্যমন্ত্রীৰ আসনখনৰ সন্মান এনেদৰে লাঘৱ হোৱা নাছিল । কোনো এগৰাকী মুখ্যমন্ত্রীয়ে হিমন্ত বিশ্ব শৰ্মাৰ দৰে সংবিধান বিৰোধী কথা কোৱা নাছিল’’ ।
তেওঁ কয় যে, ৰাজ্যখনে অৰ্থনৈতিক সংকটৰে যুঁজ দি থকাৰ সময়তে কেবিনেট বৈঠকৰ নামত ৩৩ খন ব্যঞ্জনেৰে খাদ্য গ্ৰহণ কৰাৰ যুক্তি ক'ত । এজনৰ এসাঁজৰ নামত তিনি হাজাৰ টকা ব্যয় কৰা হৈছে ।
তেওঁ লগতে কয় যে, সীমা সমস্যা সমাধান কৰাত ব্যৰ্থ হোৱা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্রীসকলক গামোচা পিন্ধাই তৎ নোপোৱা হৈছে । সকলো ক্ষেত্রতে ৰাজনৈতিক চমক সৃষ্টিৰ প্ৰয়াসত অৱতীৰ্ণ হৈছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা ।
সভাত সমাজকৰ্মী, অধিবক্তা, চিকিৎসক, সাংবাদিক, বিজেপিৰ সদস্য, অগপৰ সদস্যকে ধৰি বিভিন্ন ক্ষেত্রৰ ২৪ গৰাকী লোকে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে । সভাত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা শৰৎ বৰকটকী আৰু বলিন কুলীৰ উপৰি ভালেসংখ্যক নেতা উপস্থিত আছিল ।
লগতে পঢ়ক: Civic body election Tripura: ভোট গণনাৰ সময়ত বিশেষ নিৰাপত্তা ব্যৱস্থাৰ দাবী CPIM ৰ