ETV Bharat / state

বান ৰুধিবলৈ পূজা-পাতল কৰি চৰকাৰক সহায় কৰিব লাগে: প্ৰদেশ কংগ্ৰেছ

author img

By

Published : Jun 16, 2022, 10:10 PM IST

Updated : Jun 16, 2022, 10:16 PM IST

‘‘মুখ্যমন্ত্ৰীগৰাকীয়ে পাপ কৰিছে ৷ পাপৰ প্ৰায়চিত্ত হ’বলৈ চৰকাৰক সকলোৱে পূজা-পাতল, যজ্ঞ আদি কৰি চৰকাৰক সহায় কৰিব লাগে’’ ৷ বানৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা দায়সৰা মন্তব্যক তীব্ৰ ভাষাৰে সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিধ‍ায়ক ৰকিবুল হুছেইনে (Bhupen Kumar Borah and Rakibul Hussain criticize Assam CM) ৷

Rakibul Hussain criticize Assam CM
বান ৰুধিবলৈ পূজা-পাতল কৰি চৰকাৰক সহায় কৰিব লাগে: প্ৰদেশ কংগ্ৰেছ

গুৱাহাটী, ১৬ জুন : গুৱাহাটী মহানগৰীৰ ভয়াৱহ কৃত্ৰিম বান (Artificial flood in Guwahati) সন্দৰ্ভত চৰকাৰী ব্যৱস্থাপনা আৰু মুখ্যমন্ত্ৰীৰ বক্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে । বৃহস্পতিবাৰে গুৱাহাটী সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে (Bhupen Kumar Borah criticize Assam CM) ।

মুখ্যমন্ত্ৰীক কটাক্ষ কৰি তেওঁ কয় যে, নিৰ্বাচনৰ আগত বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিয়‍া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া বৰষুণ কমিবৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ কথা কৈছে । নিৰ্বাচনৰ আগতেই অসমৰ ৰাইজক ক'ব লাগিছিল যে, মুখ্যমন্ত্ৰী পাতিলে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাব যে, বান নহয় ।

প্ৰাকৃতিক দুৰ্যোগ আগতেও হৈছিল যদিও গুৱাহাটীৰ এনে দুৰ্দশা কাহানিও হোৱা নাছিল বুলি সদৰি কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ লগতে তেওঁ কয়, বানপানীৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে দায়সৰা মন্তব্য দিছে । বিজেপিৰেই প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই নিজই কৈছে যে, ছুপাৰ ছাকাৰ দুৰ্নীতিৰ আহিলা । কমিছনৰ অংকত অনা হৈছে ছুপাৰ ছাকাৰ ।

তেওঁ লগতে কয় যে, বৃহৎ পৰিমাণৰ পুঁজি ব্যয় কৰাৰ পাচতো গুৱাহাটীত কি পৰিস্থিতিত ইমান ভয়াৱহ বান হৈছে, তাৰ এটা স্বাধীন তদন্ত দিয়াৰ বাবে ৰাজ্যপালৰ প্ৰতি আহ্বান জনোৱা হৈছে । আনহাতে, বিধ‍ায়ক ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি পাপ পূণ্যৰ প্ৰসংগ উল্লেখ কৰে (Rakibul Hussain criticize Assam CM) ।

লগতে তেওঁ মুখ্যমন্ত্ৰী ড৹ শৰ্মাক কটাক্ষ কৰি কয়, এই সংকটৰ সময়ত ‌আমি পূজা-পাতল, যজ্ঞ আদি কৰি চৰকাৰক সহায় কৰিব লাগে ।

লগতে পঢ়ক : কংগ্ৰেছে ৰাজ্যপালক দিলে দুখনকৈ স্মাৰক পত্র

Last Updated : Jun 16, 2022, 10:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.