ETV Bharat / state

Himanta Biswa Sarma Controvery : হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ তৰক; কংগ্ৰেছ নেতা কমল নাথলৈ ভূপেন বৰাৰ পত্ৰ - Bhupen Boras letter to Kamal Nath

শেহতীয়াভাৱে পাঁচ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনক লৈ ব্যস্ত হৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে ভ্ৰমণ কৰি আছে নিৰ্বাচনমুখী ইখনৰ পিছত সিখন ৰাজ্য । তাৰ মাজতে সোমবাৰে মদ্যপ্ৰদেশত এক ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছোনিয়া গান্ধীক উপলক্ষ্য কৰি কমল নাথলৈ জনোৱা আহ্বানে পুনৰ বিতৰ্কৰ সৃষ্টি কৰিছে । তাৰ পৰিপ্ৰেক্ষিততে ভূপেন বৰাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আহ্বান জনাই পত্ৰ প্ৰেৰণ কৰিছে ।

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ তৰক
Himanta Biswa Sarma Controvery
author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 4:04 PM IST

গুৱাহাটী, ২২ ছেপ্টেম্বৰ : "আমি ইতিমধ্যে অসমত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে FIR দাখিল কৰিছোঁ । আপুনি বা মধ্যপ্ৰদেশ কংগ্ৰেছৰ আইন বিভাগক আপোনাৰ ৰাজ্যতো একে পদক্ষেপ ল’বলৈ অনুৰোধ জনাইছোঁ ।" এইদৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ তৰিবলৈ নিৰ্বাচন আসন্ন মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছ নেতা কমল নাথলৈ পত্ৰযোগে আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই ৷

উল্লেখ্য যে যোৱা ১৮ ছেপ্টেম্বৰত মধ্যপ্ৰদেশৰ বিদিশা জিলাত এখন জনসভাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা কমল নাথক উদ্দেশ্য কৰি বিতৰ্কিত মন্তব্য কৰি ১০ জনপথ জ্বলাই দিবলৈ আহ্বান জনাইছিল ৷ এই ১০ নম্বৰ পথতেই বাস কৰে কংগ্ৰেছ নেত্ৰী ছোনীযা গান্ধী । ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যই যথেষ্ট বিতৰ্কৰ সূত্ৰপাত ঘটাছিল ৷ অসমতো এই প্ৰসংগত জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই নাজিৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ।

এতিয়া একেই পদক্ষেপ ল’বলৈ মধ্যপ্ৰদেশ কংগ্ৰেছৰ প্ৰবীণ নেতা কমল নাথলৈ অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰিছে APCC-ৰ সভাপতি ভূপেন বৰাই ৷ পত্ৰখনৰ আৰম্ভণিতে ভূপেন বৰাই লিখিছে, "সন্মানীয় কমল নাথ ডাঙৰীয়া, এইটো আপোনাৰ নিশ্চয় জ্ঞাত যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিয়মিতভাৱে সাম্প্ৰদায়িক বক্তব্য আগবঢ়োৱাৰ বাবে পৰিচিত ৷ যোৱা সোমবাৰ, ১৮ ছেপ্টেম্বৰ তাৰিখে মধ্যপ্ৰদেশৰ বিদিশা জিলাত তেওঁ কৈছে— 'মই কমল নাথক প্ৰত্যাহ্বান জনাব খুজিছোঁ, যদিহে আপুনি এগৰাকী হনুমান ভক্ত, হনুমানে লংকা জ্বলাইছিল, আপুনিও ১০ জনপথ জ্বলোৱা উচিত ।'

কমল নাথলৈ ভূপেন বৰাই লিখা পত্ৰ
কমল নাথলৈ ভূপেন বৰাই লিখা পত্ৰ

হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য একেবাৰে গ্ৰহণযোগ্য নহয় বুলি কৈ ভূপেন বৰাই কমল নাথলৈ লিখিছে যে যিকোনো প্ৰাজ্ঞ হিন্দুৱেই জানে সীতাক লংকালৈ ৰাৱণে হৰণ কৰি নিছিল ৷ এই মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই কি বুজাব বিচাৰিছে ? এই ১০ জনপথৰ বাসিন্দা কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ছোনিয়া গান্ধীয়ে কাৰোবাক অপহৰণ কৰিছে আৰু কাৰোবাক নিজৰ বাগিচা ঘৰত বলপূৰ্বক ৰাখিছে ?

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২৭ এপ্ৰিল, ২০২৩ত দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ ঘৃণাসূচক মন্তব্যৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশনা দিছিল । এই প্ৰসংগৰে আমি অসমত মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে এখন FIR দাখিল কৰিছোঁ ৷ আপুনি নাইবা মধ্যপ্ৰদেশ কংগ্ৰেছ আইন বিভাগৰ পৰাও একেই পদক্ষেপ ল’বলৈ মই অনুৰোধ জনালোঁ ।"

এয়া পত্ৰখনৰ শেষত মধ্যপ্ৰদেশ তথা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা কমল নাথলৈ অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ অনুৰোধ ৷ অৱশ্যে ভূপেন বৰাৰ এই অনুৰোধ ৰক্ষা কৰি আসন্ন বিধানসভা নিৰ্বাচনক লৈ ব্যস্ত মধ্যপ্ৰদেশ কংগ্ৰেছ বা কমল নাথে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধ গোচৰ তৰে নে নতৰে সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক :2024 Lok Sabha Election: মিত্রদললৈ তিনি এৰি এঘাৰৰ লক্ষ্যৰে লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ শাসকীয় দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.