গুৱাহাটী, 16 নৱেম্বৰ: কামৰূপ মেট্ৰ' জিলাৰ অন্তৰ্গত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীৰ শিঙিমাৰীৰ পৰা বুধবাৰে পুনৰ আৰম্ভ হৈছে কংগ্ৰেছৰ পদযাত্ৰাৰ কাৰ্যসূচী (Bharat Jodo Yatra in Assam)। এই কাৰ্যসূচীৰ পূৰ্বে বুধবাৰে পুৱা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা নেতৃত্বত কংগ্ৰেছৰ এটা দলে জালুকবাৰীত থকা সুধাকণ্ঠৰ সমাধিক্ষেত্ৰলৈ আহে । ভূপেন বৰাই সুধাকণ্ঠৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনায় (APCC president Bhupen Bora) ।
শ্ৰদ্ধাঞ্জলি জনায় সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ভূপেন বৰাই কয় যে এই পদযাত্ৰা আজি এক ঐতিহাসিক সময়ত আহি উপস্থিত হৈছে । মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি জালুকবাৰীত উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰীলৈ প্ৰত্যাহ্বান জনায় কয় যে বি জে পিৰ পতন জালুকবাৰী সমষ্টিৰ পৰা আৰম্ভ হ’ব (Bhupen Borah challenge to Assam CM Himanta Biswa Sarma)। এই পতনৰ আৰম্ভণি ইতিমধ্যে আৰম্ভ হৈছে ।
তেওঁ জনায় এই পদযাত্ৰাৰ প্ৰতি ৰাইজৰ বিপুল সহাৰি পোৱা গৈছে । এই পদযাত্ৰাত আজি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকী, মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা অসমৰ কেইগৰাকী সাংসদ আৰু বহু বিধায়ক তথা দলীয় নেতাই অংশগ্ৰহণ কৰিছে বুলি তেওঁ জনায় ।
উল্লেখযোগ্য যে ১৪ নৱেম্বৰ তাৰিখে বিয়লি কামৰূপ (গ্ৰাম্য) জিলাত পদযাত্ৰাৰ কাৰ্যসূচী সমাপ্ত হৈছিল আৰু ছয় জনগোষ্ঠীৰ ‘অসম বন্ধ’ৰ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত ১৫ নৱেম্বৰত পদযাত্ৰা কাৰ্যসূচী স্থগিত ৰখা হৈছিল । আজি কামৰূপৰ শিঙিমাৰিৰ পৰা পদযাত্ৰা আৰম্ভ কৰা হৈছে । কাইলৈ গুৱাহাটী মহানগৰীত পদযাত্ৰা কৰা হ‘ব ।
উল্লেখ্য যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত যোৱা ১ নৱেম্বৰত ধুবুৰীৰ গোলকগঞ্জত আৰম্ভ কৰা পদযাত্ৰাই ইতিমধ্যে ধুবুৰী, বঙাইগাঁও, বৰপেটা, নলবাৰী আৰু কামৰূপ (গ্ৰাম্য) জিলা অতিক্ৰম কৰিছে আৰু বিগত ১৪ দিনত প্ৰায় ১৫০ কিল'মিটাৰ বাট অতিক্ৰম কৰিছে ।
এই যাত্ৰাত প্ৰতিদিনে বৰাৰ সৈতে ১২০ জনীয়া এটা স্থায়ী পদযাত্ৰীৰ দলে যাত্ৰা কৰিছে আৰু প্ৰায় প্ৰতিদিনে গৌৰৱ গগৈ, আব্দুল খালেক, প্ৰদ্যুত বৰদলৈ, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, জাকিৰ হুছেইন শিকদাৰ, ৰাণা গোস্বামী, দীপ বায়ন, ৰামান্না বৰুৱা, বিভিন্ন সমষ্টিৰ বিধায়কসকল, প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া, বিভিন্ন জিলা কংগ্ৰেছৰ নেতৃত্ব আৰু কৰ্মকৰ্তা, দলৰ বিভিন্ন বিভাগ আৰু কোষৰ মুৰব্বীসকল, ভাতৃ-ভগ্নী সংগঠনৰ নেতৃত্ব তথা সদস্য-সদস্যাসকলে অংশগ্ৰহণ কৰিছে ।
কাইলৈ কামৰূপ (মেট্ৰ') জিলাত আৰম্ভ হ'বলগীয়া এই “ভাৰত জোড়ো যাত্ৰা-অসম”এ পর্যায় ক্ৰমে মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় হৈ তিনিচুকীয়া জিলাত প্ৰৱেশ কৰিব আৰু শদিয়াত এই যাত্ৰাৰ সামৰণি মাৰিব ।
লগতে পঢ়ক: Bharat Jodo Yatra: ভূপেন বৰাৰ নেতৃত্বত ভাৰত জোড়ো যাত্ৰাত শহস্ৰাধিক লোকৰ অংশগ্ৰহণ