ETV Bharat / state

অষ্টমীত ম'হৰ গাড়ী, নৱমীত ই ৰিক্সা : ভূপেন বৰাৰ পূজাৰ ৰাজনীতি

author img

By

Published : Oct 14, 2021, 2:27 PM IST

কেতিয়াবা যদি ম'হৰ গাড়ী, কেতিয়াবা আকৌ ই ৰিক্সা । অষ্টমী আৰু নৱমী পূজাৰ দিন দুটা ম'হৰ গাড়ী আৰু ই ৰিক্সাৰেই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আপ্ৰাণ চেষ্টা চলায় কংগ্ৰেছ দলে ।

Bhupen Bara Puja Politics
ভূপেন বৰাৰ পূজাৰ ৰাজনীতি

গুৱাহাটী, ১৪ অক্টোবৰ : মহাষ্টমী পূজাৰ দিনা গোঁসাইগাঁও সমষ্টিৰ উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী জুৱেল টুডুৰ হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে নিৰ্বাচনী প্ৰচাৰ চলায় ৷ ম'হৰ গাড়ী আৰু ই ৰিক্সাৰেই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আপ্ৰাণ চেষ্টা চলায় নেতাদ্বয়ে ৷

Bhupen Bara Puja Politics
ভূপেন বৰাৰ পূজাৰ ৰাজনীতি

নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে কেইবাখনো পূজা মণ্ডপত উপস্থিত হৈ দুৰ্গতিনাশিনী মা দুৰ্গাৰ আশিষ গ্ৰহণ কৰে । পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বাবেই এইদৰে ম'হৰ গাড়ীত উঠি পূজা চোৱা বুলি মন্তব্য কৰে ভূপেন বৰাই । ইয়াৰ পিছতেই বুধবাৰে নিশাৰ ভাগত ভূপেন বৰা গৈ উপস্থিত হয় উপ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া আন এটা সমষ্টি মৰিয়নীত ।

ভূপেন বৰাৰ পূজাৰ ৰাজনীতি

আনহাতে বৃহস্পতিবাৰে নৱমী পূজাৰ দিনা পুৱাতেই ভূপেন বৰা মৰিয়নীলৈ পূজা চাবলৈ ওলাই ই-ৰিক্সাত উঠি । বৰাৰ লগত সংগী হিচাপে থাকে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, দলৰ প্ৰাক্তন সাংসদ দীপ গগৈ আৰু মৰিয়নীৰ উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী লোহিত কোঁৱৰ ।

Bhupen Bara Puja Politics
ভূপেন বৰাৰ পূজাৰ ৰাজনীতি

ইন্ধনৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদতে এইদৰে পূজা চাই নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছে । পিছে ম'হৰ গাড়ী আৰু ই-ৰিক্সাই কংগ্ৰেছক নিৰ্বাচনী বৈতৰনী পাৰ কৰাই নে নকৰাই সেয়া সময়েহে ক’ব ।

Bhupen Bara Puja Politics
ভূপেন বৰাৰ পূজাৰ ৰাজনীতি

লগতে পঢ়ক : PM Gati Shakti National Master Plan : সবিশেষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.