ETV Bharat / state

গুৱাহাটীৰ তিনি সমষ্টিত নিজা প্ৰাৰ্থী দিব ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে

author img

By

Published : Oct 30, 2020, 9:06 PM IST

গুৱাহাটীত বৰ্তমান ৮৫ হাজাৰ ভূমিহীন থলুৱা লোক আছে । এই লোকসকলক প্ৰতিখন চৰকাৰে মাটিৰ পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে যদিও সেয়া কাৰ্যত শূন্য হৈ ৰৈছে। ঠিক একেদৰে বিজেপি চৰকাৰেও গুৱাহাটীৰ বিভিন্ন স্থানত থকা ৮৫ হাজাৰ পৰিয়ালক পট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। এই ক্ষেত্ৰত এক চুক্তি স্বাক্ষৰিত কৰিছিল চৰকাৰে। কিন্তু বৰ্তমানলৈ চৰকাৰে ভূমিহীন লোকক মাটিৰ পট্টা দিয়াৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে ।

bhumi adhikar program at guwahati
গুৱাহাটীৰ তিনি সমষ্টিত নিজা প্ৰাৰ্থী দিব ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে

গুৱাহাটী,30 অক্টোবৰঃ শুকুৰবাৰে গুৱাহাটীৰ সোণাৰাম হাইস্কুল খেলপথাৰত ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত পালন কৰা হয় 'খিলঞ্জীয়াৰ ভূমি অধিকাৰ দিৱস'। এই অনুষ্ঠানত সংগঠনটোৰ পূৰ্বৰ কৰ্মসূচীৰ ওপৰত পৰ্যালোচনা কৰি আগন্তুক সময়ৰ বাবে কেইবাটাও সংকল্প গ্ৰহণ কৰে। গুৱাহাটীত বৰ্তমান ৮৫ হাজাৰ ভূমিহীন থলুৱা লোক আছে। এই লোকসকলক প্ৰতিখন চৰকাৰে মাটিৰ পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে যদিও সেয়া কাৰ্যত শূন্য হৈ ৰৈছে । ঠিক একেদৰে বিজেপি চৰকাৰেও গুৱাহাটীৰ বিভিন্ন স্থানত থকা ৮৫ হাজাৰ পৰিয়ালক পট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। এই ক্ষেত্ৰত এক চুক্তি স্বাক্ষৰিত কৰিছিল চৰকাৰে। কিন্তু বৰ্তমানলৈ চৰকাৰে ভূমিহীন লোকক মাটিৰ পট্টা দিয়াৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

যাৰ বাবে বিজেপি চৰকাৰ উফৰোৱাৰ বাবে কেইবালানি প্ৰস্তাৱ লয় ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে। আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবেও নিজাববীয়াকৈ প্ৰস্তুতি চলাইছে সংগঠনটোৱে । পশ্চিম গুৱাহাটী, পূৱ গুৱাহাটী আৰু দিশপুৰ বিধানসভা সমষ্টিত ভূমিহীন লোকক ঠিয় কৰোৱাৰ যো-জা আৰম্ভ কৰিছে সংগঠনটোৱে । এই ক্ষেত্ৰত বিজেপি বিৰোধী সকলো দলৰ লগতে কথা বাৰ্তা চলি আছে বুলি জানিবলৈ দিয়ে ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে। যি দলেই সংগঠনটোৰ প্ৰস্তাৱ মানি ল'ব, সেই দলকে সমৰ্থন আগবঢ়োৱাব বুলি স্পষ্ট কৰি দিলে সংগঠনটোৰ নেতৃত্বই।

লগতে পঢ়কঃ নগাঁৱত বন বিভাগৰ নিবিদাক লৈ উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.