ETV Bharat / state

সদলবলে মনোনয়ন দাখিল কৰিলে ভূৱনেশ্বৰ কলিতাই

author img

By

Published : Mar 13, 2020, 3:12 PM IST

শুকুৰবাৰে মনোনয়ন দাখিল কৰে ভূৱনেশ্বৰ কলিতাই ৷ মনোনয়ন দাখিলৰ সময়ত কলিতাক সংগ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, অগপৰ সভাপতি অতুল বৰা, বি পি এফৰ বিশ্বজিৎ দৈমাৰী আদি ৷

bhubaneswar kalita file nomination for rajyasabha
মনোনয়ন দাখিল কৰিলে ভূৱনেশ্বৰ কলিতাই

গুৱাহাটী, ১৩ মাৰ্চ : ৰাজ্যসভাৰ প্ৰথমখন আসনৰ বাবে বিজেপিৰ নিজা প্ৰাৰ্থী হিচাপে শুকুৰবাৰে মনোনয়ন দাখিল কৰে ভূৱনেশ্বৰ কলিতাই । সৌ সিদিনালৈকে কংগ্ৰেছৰ শীৰ্ষ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি পৰৱৰ্তী সময়ত বিজেপিত যোগ দিয়া কলিতাক মনোনয়ন দাখিলৰ সময়ত সংগ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, অগপৰ সভাপতি অতুল বৰা, বি পি এফৰ বিশ্বজিৎ দৈমাৰী আদিয়ে ৷

অজিত ভূঞাক তীব্ৰ সমালোচনা মন্ত্ৰী হিমন্তৰ

মনোনয়ন দাখিলৰ পিচত সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকে কলিতা । ইয়াৰ বিপৰীতে মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই কয় যে, বিজেপিয়ে তৃতীয়খন আসনৰ বাবে কোনো প্ৰাৰ্থী আগ নবঢ়াই । বিজেপিৰ এজনেই নিজা প্ৰাৰ্থী, তেওঁ হৈছে ভূৱনেশ্বৰ কলিতা । তৃতীয়খন আসনৰ বাবে ইতিমধ্যে সাংবাদিক অতনু ভূঞাই মনোনয়ন সংগ্ৰহ কৰা প্ৰসংগতো মন্ত্ৰী গৰাকীয়ে কয় যে অতনু ভূঞা সন্দৰ্ভত একো ক'বলগীয়া নাই । যিহেতু তেওঁ বিজেপিৰ সমৰ্থিত বা নিজা প্ৰাৰ্থী নহয় ।

মন্ত্ৰী গৰাকীয়ে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী সাংবাদিক অজিত কুমাৰ ভূঞাক তীব্ৰ সমালোচনা কৰি কয় যে "কা" বিৰোধী আন্দোলনৰ নাম লৈ এতিয়া এ আই ইউ ডি এফৰ কোলাত উঠি ভূঞাৰ দৰে এগৰাকী সাংবাদিক ৰাজ্যসভালৈ যাবলৈ ওলোৱাটো জাতিটোৰ বাবেই দুৰ্ভাগ্যজনক ।

লগতে পঢ়ক :

ইউ পি পি এল দলৰ নিৰ্বাচনী কাৰ্যালয় জ্বলোৱা সন্দৰ্ভত বি পি এফৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.