গুৱাহাটী,১৭ এপ্ৰিল: মহামাৰী কৰ’ণাৰ দ্বিতীয় ঢৌৱে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে । দৈনিক শ শ লোক কৰ’ণাত আক্ৰান্ত হৈছে । দেশত দৈনিক সহস্ৰাধিক কৰ’ণা ৰোগীৰ মৃত্যু হৈছে ।
অসমত এতিয়ালৈকে ১,১২৩ গৰাকী লোকৰ মৃত্যু হোৱাৰ তথ্য চৰকাৰীভাৱে প্ৰকাশ কৰা হৈছে । চৰকাৰী এই তথ্যৰ বিপৰীতে ক'ভিডজনিত কাৰণত অৰ্থাৎ পোষ্ট ক'ভিডত অসমত তিনি হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে । বিগত চাৰিদিনত ৰাজ্যখনত ৯ জন ক'ভিড ৰোগীৰ মৃত্যু হৈছে । ক'ভিড 19 ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত মৃত্যুৰ হাৰ বৃদ্ধি পোৱাৰ আশংকাত ৰাজ্য চৰকাৰে প্ৰশাসনক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে ।
ইফালে শেহতীয়াকৈ গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ’ণা ৰোগীৰ সংখ্যা । দৈনিক ২০০-২৫০ লোক ক'ৰণাত আক্ৰান্ত হৈছে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ক'ভিডৰ সৈতে মোকাবিলা কৰাৰ বাবে মহানগৰ জিলা প্ৰশাসন সষ্টম হৈ পৰিছে ।
বিশেষকৈ গুৱাহাটী মহানগৰীত ক'ৰণাত মৃত্যু হোৱা লোকৰ মৃতদেহ সৎকাৰৰ বাবে ভূতনাথ শ্মশান সাজু কৰি তোলা হৈছে । বিগত বৰ্ষত আৰম্ভণিতে উলুবাৰীস্থিত শ্মশানত ক'ভিডত মৃত্যু হোৱা লোকৰ মৃতদেহ সৎকাৰৰ ব্যৱস্থা কৰা হৈছিল ৷ স্থানীয় লোকৰ আপত্তিৰ বাবে ভূতনাথ শ্মশানত ক'ভিড মৃতদেহ সৎকাৰৰ ব্যৱস্থা কৰা হয় । প্ৰশাসনৰ এক সূত্রই জনোৱা মতে, সাময়িকভাৱে ভূতনাথ শ্মশানত ক'ভিডজনিত মৃতদেহ সৎকাৰৰ ব্যৱস্থা কৰিলেও মৃতকৰ সংখ্যা বৃদ্ধি পালে পুনৰ উলুবাৰী শ্মশানত সৎকাৰৰ ব্যৱস্থা কৰা হ'ব । ভূতনাথ শ্মশানৰ চণ্ডাল সুজিত বাছফৰে জনোৱা মতে, কৰ’ণাৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ লগে লগে পুনৰ ক'ভিডত মৃত্যু হোৱা লোকৰ সৎকাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ।
বাছফৰে কয়-'বিগত বৰ্ষৰ জুন মাহৰ পৰা এতিয়ালৈকে ভূতনাথ শ্মশানত তিনি শতাধিক ক'ভিডত মৃত্যু হোৱা লোকৰ সৎকাৰ কৰা হৈছে । শুকুৰবাৰেও ক'ভিড 19 ত মৃত্যু হোৱা এজন লোকৰ মৃতদেহ সৎকাৰ কৰা হয় । বিগত বৰ্ষত ক'ভিড পৰিস্থিতি ভয়াৱহ আছিল । এটা দিনত ১০ টালৈকে মৃতদেহ সৎকাৰ কৰা হৈছিল । বৰ্তমান সময়তো ক'ভিডৰ মৃতদেহ সৎকাৰ কৰাৰ বাবে এটা দল সদায় সাজু হৈ থাকে । ভূতনাথ শ্মশানত এদিনত ১২ টালৈকে ক'ভিড মৃতদেহ সৎকাৰ কৰাৰ ব্যৱস্থা আছে । ক'ভিডত মৃত্যু হোৱা লোকৰ সৎকাৰৰ বাবে শ্মশানত পৃথকে ব্যৱস্থা কৰা হৈছে । য'ত অন্য লোক প্ৰৱেশ কৰিব নোৱাৰে । পিপিই কীট পৰিধান কৰি প্ৰশাসনৰ সকলো নিৰ্দেশনা মানি চলি মৃতদেহ সৎকাৰ কৰা হয় । যাৱতীয় ব্যৱস্থা প্ৰশাসনৰ ফালৰ পৰা কৰা হৈছে’ ৷
উল্লেখ্য যে, ক'ভিড পৰিস্থিতিয়ে ক্ৰমাৎ ভয়াৱহতাৰ দিশে গতি কৰিছে । সৰ্ব সাধাৰণ ৰাইজ সজাগ-সচেতন নহ’লে পৰিস্থিতি আৰু অধিক জটিল হৈ পৰিব । বিগত ২৪ ঘণ্টাত কেৱল কামৰূপ মহানগৰ জিলাতে নতুনকৈ ২৪৫ গৰাকী লোকৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰিছে ।
লগতে পঢ়ক: ৰাজ্যত ক'ৰণা আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু