ETV Bharat / state

ম'বাইলেই কাল হ'ল নেকি যোৰহাটৰ যুৱক অসীমৰ ?

ভূতনাথৰ চাঞ্চল্যকৰ ঘটনা ৷ চণ্ডালৰ লগত কাজিয়া হোৱাৰ ফলতেই ব্ৰহ্মপুত্ৰত পৰি গৈছিল অসীম ৷ আজিও লুইতৰ বুকুত নিৰুদ্দেশ অসীম ।

author img

By

Published : Jul 19, 2019, 3:26 PM IST

প্ৰকৃততে কি হৈছিল ভূটনাথত

গুৱাহাটী, 19 জুলাই : যোৰহাটৰ যুৱক অসীম বৰুৱাৰ নিৰুদ্দেশৰ ঘটনাক লৈ অব্যাহত আছে চাঞ্চল্যৰ ৷ নিতৌ উদঘাটন ন ন তথ্য ৷ চণ্ডালক গ্ৰেপ্তাৰৰ পাচতেই চণ্ডালৰ ইটোৰ পাচত সিটো স্বীকাৰোক্তি ৷ কিন্তু প্ৰকৃততে যুৱকজনৰ লগত কি হৈছিল ভূতনাথত ? চণ্ডালৰ স্বীকাৰোক্তি অনুসৰি 9 তাৰিখে নিশা অত্যাধিক মদ্যপান কৰি ভূতনাথ শ্মশানলৈ আহিছিল অসীম বৰুৱা । তাৰ পিছত নিজৰ ম'বাইলত চাৰ্জ নোহোৱাত শ্মশানৰ চণ্ডাল ভগীৰথ সৰকাৰৰ ম'বাইলেৰে মাতৃক ফোন কৰিছিল অসীমে । অসীমৰ অৱস্থা গম পাই চণ্ডাল ভগীৰথক অসীমৰ ফোন দুটা নিজৰ লগত ৰাখি থ’বলৈ কৈছিল অসীমৰ মাতৃয়ে । যুৱকজনৰ মাতৃৰ কথা মতে চণ্ডালগৰাকীয়ে ম'বাইল দুটা ল'বলৈ চেষ্টা কৰাৰ সময়তে দুয়োৰে মাজত সূত্ৰপাত ঘটে কাজিয়াৰ । কাজিয়াৰ ফলতে ব্ৰহ্মপুত্ৰত পৰি যায় অসীম । ইফালে এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৩০২/২০১ ধাৰাত এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে চণ্ডাল ভগীৰথ সৰকাৰক ।

প্ৰকৃততে কি হৈছিল ভূটনাথত

তৰোপৰি উক্ত দিনা ঘটনাস্থলীত উপস্থিত থকা নৱ কুমাৰ দাস নামৰ আন এজন চণ্ডালক ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । উল্লেখ্য যে, বৰ্তমানেও লুইতৰ বুকুত নিৰুদ্দেশ হৈ আছে যোৰহাটৰ যুৱক অসীম বৰুৱা ।

Intro:মোবাইলে কাল হ'ল যোৰহাটৰ যুৱক অসীম বৰুৱাৰ। প্ৰকৃততে নিশা ভূতনাথত কি হৈছিল যুৱকজনৰ লগত। ১৫তাৰিখে নিশা অত্যাধিক মদ্যপান কৰি ভূতনাথ শ্মশানলৈ আহিছিল অসীম বৰুৱা। তাৰ পিছত নিজৰ মোবাইলত চাৰ্জ নোহোৱা বাবে চণ্ডাল ভগীৰথ সৰকাৰৰ মোবাইলেৰে মাতৃ ফোন কৰিছিল অসীমে। অসীমৰ অৱস্থা গম পাই চণ্ডাল ভগীৰথক অসীমৰ ফোন দুটা নিজৰ লগত ৰাখি থবলৈ কৈছিল মাতৃয়ে। যুৱকজনৰ মাতৃৰ কথা মতে চণ্ডালজনে মোবাইল দুটা ল'বলৈ চেষ্টা কৰিছিল। ধৃত চণ্ডালে আৰক্ষীক দিয়া ভাষ্য অনুসৰি তাতেই হৈছিল দুয়োৰে মাজত কাজিয়া। কাজিয়াৰ ফলতে ব্ৰহ্মপুত্ৰত পৰি যায় অসীম। ইফালে এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৩০২/২০১ ধাৰাত এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে চণ্ডাল ভগীৰথ সৰকাৰক।

Body:তৰোপৰি উক্ত দিনা ঘটনাস্থলীত উপস্থিত থকা নৱ কুমাৰ দাস নামৰ আন এজন চণ্ডালক ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে বৰ্তমানো লুইতৰ বুকুত নিৰুদ্দেশ হৈ আছে যোৰহাটৰ যুৱক অসীম বৰুৱা।

byte- যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.