ETV Bharat / state

Bhogali Mela in Guwahati : দীঘলীপুখুৰী পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰত ভোগালী মেলা - various traditional delicacies

ভোগালীক আদৰিবলৈ সাজু হৈছে মহানগৰবাসী ৷ গুৱাহাটীৰ সিদ্ধিনাথ শৰ্মা ভৱনত 9 জানুৱাৰীৰ পৰা 13 জানুৱাৰীলৈকে পাঁচদিনীয়াকৈ আয়োজন কৰা হৈছে ভোগালী মেলাৰ (Bhogali mela in Guwahati) ৷ বিভিন্ন প্ৰকাৰ পিঠা- লাড়ু, দৈ-ক্ৰীম, গুৰ, সান্দহকে ধৰি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰে উভয়নদী হৈ পৰিছে এই ভোগালী মেলা ৷

bihu mela
মহানগৰীত ভোগালী মেলা
author img

By

Published : Jan 12, 2022, 7:15 PM IST

গুৱাহাটী, 12 জানুৱাৰী : বিহুলৈ মাজত মাথো এটা দিন ৷ হেপাঁহৰ ভোগালীক আদৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলিছে গুৱাহাটী মহানগৰীতো ৷ প্ৰতিবছৰৰ দৰে এইবাৰো মহানগৰীৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈছে ভোগালী মেলাৰ (Bhogali Mela at various places in Guwahati) ৷ বিগত দুটা বৰ্ষত ক’ৰণা মহামাৰীৰ কাৰণে ৰাইজে মাঘ বিহু পালনৰ পৰা বিৰত থাকিবলগীয়া হৈছিল ৷ এইবাৰো ক’ৰণা মহামাৰীৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে অৱশ্যে বিভিন্ন নীতি-নিৰ্দেশনা জাৰি কৰিছে ৷

তাৰ মাজতে চৰকাৰৰ নতুন নীতি-নিৰ্দেশনা মানি এইবাৰ ভোগালীক আদৰিবলৈ সাজু হৈছে বিহুবলীয়া অসমীয়া ৰাইজ ৷ মহানগৰীৰ বিভিন্ন স্থান এতিয়া ভৰি পৰিছে ভোগালীৰ সামগ্ৰীৰে ৷ ভীৰ পৰিলক্ষিত হৈছে মহানগৰীৰৰ বজাৰ আৰু পদপথসমূহত ৷ দীঘলী পুখুৰীৰ পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰৰ সিদ্ধিনাথ শৰ্মা ভৱনত বৰ অসম আৰু চিৰসেউজ কলাকৃষ্টিৰ উদ্যোগত আয়োজন কৰা হৈছে পাঁচদিনীয়া ভোগালী মেলাৰ (Bhogali mela in Guwahati) ৷

Bhogali Mela in Guwahati : দীঘলীপুখুৰী পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰত ভোগালী মেলা

বিভিন্ন প্ৰকাৰ পিঠা- লাড়ু, দৈ-ক্ৰীম, গুৰ, সান্দহকে ধৰি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰে উভয়নদী হৈ পৰিছে এই ভোগালী মেলা (Various traditional delicacies) ৷ ক’ভিড-19ৰ মাজতো ৰাইজৰ বিপুল সঁহাৰি লাভ কৰি উৎফুল্লিত হৈ পৰিছে বিক্ৰেতাসকল ৷

লগতে পঢ়ক : Bhogali Market in Rangia : ৰঙিয়াৰ ভোগালীৰ বজাৰত সীমাহীন ব্যস্ততা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.