গুৱাহাটী,২১আগষ্ট: ভূমিৰ অৱণ্টনৰ ক্ষেত্ৰত থকা জটিলতাৰ বাবে স্তব্ধ হ'ব মহানগৰীৰ চচলত অৰ্ধনিৰ্মিত অৱস্থাত থকা ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকা সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অভিলাষী প্ৰকল্প ৷ চৰকাৰৰ সদিচ্ছাহীনতাৰ বাবে নিৰ্মাণ সম্পূৰ্ণ নহ'ব নেকি সুধাকণ্ঠৰ স্মৃতি সজীৱ কৰি ৰখাৰ স্বাৰ্থত নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্প ?
সাহিত্য সভাৰ অমনোযোগিতাৰ বাবে বিগত ২১ বছৰ ধৰি মৃতপ্ৰায় অৱস্থাত থকা এই প্ৰকল্পই প্ৰাণ পাব কেতিয়া ? স্বাভাৱিকতে এনেধৰণৰ প্ৰশ্নই এতিয়া দোলা দি ফুৰি ফুৰিছে ভূপেনদাৰ অনুৰাগী সকলৰ মাজত । সম্প্ৰতি হাবি-জংঘলে আগুৰি ধৰি গৰু-ছাগলীৰ চৰণীয় পথাৰত পৰিণত কৰা অসম সাহিত্য সভাৰ কেইবা কোটি টকীয়া প্ৰকল্পটো নিৰ্মাণক লৈ আহি পৰিছে চৰম অনিশ্চয়তা ।
লগতে পঢ়ক : জনা-নজনা : কেৱল এগৰাকী মহিলা থকা গাঁওখন
কিয়নো প্ৰায় ৫০ বিঘাৰো অধিক ভূমিত নিৰ্মাণ হ'বলগীয়া ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকা সাংস্কৃতিক বিশ্ববিদ্যালয় প্ৰকল্পটোৰ বাবে এতিয়ালৈ চৰকাৰৰ পৰা লাভ কৰা নাই ভূমিৰ অৱণ্টন । লক্ষণীয় কথা এই যে, পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰখনে মাজুলীত সুধাকণ্ঠৰ নামত সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন কৰাৰ পিছত অসম সাহিত্য সভাৰ এই অভিলাষী প্ৰকল্পটোৰ ৰূপায়ণৰ ক্ষেত্ৰত আহি পৰিছে চৰম অনিশ্চয়তা ।
একাংশ সচেতন লোকৰ অভিযোগ অনুসৰি কোনো এখন চৰকাৰে এই প্ৰকল্পটো নির্মাণক লৈ বিশেষ তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল । সংগীত সূৰ্য্য ড৹ ভূপেন হাজৰিকাৰ স্মৃতি যুগমীয়া কৰাৰ লগতে অসমৰ প্ৰতিটো থলুৱা জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য-গীত-বাদ্য তথা লোক সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকা সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ স্থাপনৰ প্ৰকল্পটো গ্ৰহণ কৰা হৈছিল ৷
লগতে পঢ়ক: তালিবানক সমৰ্থন কৰা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ গ্ৰেপ্তাৰ
সেই উদ্দেশ্যে ২০০০ চনত নাৰেংগী-ছয়মাইল সংযোগী পথৰ চচলৰ শিলসাঁকো বিলৰ ভূমিত সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপনৰ অৰ্থে প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল । সেই সময়ত কংগ্ৰেছ চৰকাৰৰ তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ দিনতেই এই প্ৰকল্পটোৰ বাবে অসম সাহিত্য সভাই ভূমিৰ অৱণ্টন লাভ কৰিছিল ৷ ইয়াৰ পাচত একেতা বৰ্ষতে আধাৰশিলা স্থাপন কৰিছিল ইতিহাস আচাৰ্য ডঃ হেৰম্বকান্ত বৰপূজাৰীয়ে ।
পৰৱৰ্তী সময়ত সাহিত্য সভাই গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ২০০৯ চনত অসম সাহিত্য সভাৰ প্ৰকল্প ক্ষেত্ৰত আৰম্ভ কৰা হৈছিল এই বিশ্ববিদ্যালয়ৰ নিৰ্মাণৰ কাম-কাজ । প্ৰথম পৰ্যায়ত প্ৰকল্পটোৰ নামত প্ৰায় ১০ লাখ টকা খৰচ কৰি কেইটামান খুঁটা নিৰ্মাণ কৰি ৰাইজৰ মনত আশাৰ সঞ্চাৰ কৰিছিল ৷ কিন্তু চৰকাৰী ভাৱে ভূমি অবণ্টনৰ ক্ষেত্ৰত থকা মেৰপেচৰ বাবে পৰৱৰ্তী সময়ত স্তব্ধ হৈ পৰে ইয়াৰ কাম কাজ।
লগতে পঢ়ক: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মাতৃভূমিত বিপুল আদৰণি
জানিব পৰা অনুসৰি, শিলসাঁকো বিলৰ ভূমি হোৱা হেতুকে জলাশয় সংৰক্ষণ আইনৰ অধীনত গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা গোচৰৰ বাবে অসম সাহিত্য সভাই নিজাববীয়াকৈ লাভ কৰিবলৈ সক্ষম হোৱা নাই এই প্ৰকল্পৰ বাবে বিলৰ ভূমি । সম্প্ৰতি অৰ্ধনির্মিত প্ৰকল্পটো হাবি-জংঘলে আগুৰি ধৰাৰ লগতে চাফ-চিকুন তথা মেৰামতিৰ অভাৱত খুঁটা সমুহত শেলুৱৈ ধৰাৰ লগতে লোহাৰ সামগ্ৰী সমূহত মামৰে ধৰি ভাঙি যোৱাৰ উপক্ৰম হৈছে ।
ইফালে প্ৰকল্পটোৰ একাংশ ভূমি ভূ-মাফিয়াই বেদখল কৰাৰো অভিযোগ উত্থাপন কৰিছে একাংশ লোকে । ইফালে প্ৰকল্পটোৰ অগ্ৰগতিৰ সন্দৰ্ভত অসম সাহিত্য সভাৰ ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকা সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ আহ্বায়ক পবিত্ৰ কুমাৰ শৰ্মাই কয়, ভূমি আবন্টনৰ ক্ষেত্ৰত থকা জটিলতাৰ বাবে কেইবাবছৰ ধৰি প্ৰকল্পটোৰ কাম-কাজ স্তব্ধ হৈ আছে ৷ কিন্তু বৰ্তমানৰ ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰখনে এই ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে পবিত্ৰ কুমাৰ শৰ্মাই ।
লগতে পঢ়ক: ৮৫ গৰাকী ভাৰতীয়ক লৈ কাবুলৰ পৰা ভাৰত অভিমুখে তৃতীয়খন বিমান