গুৱাহাটী,১৩ নৱেম্বৰ: পহিলা নৱেম্বৰৰ পৰা অসমত আৰম্ভ হোৱা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্রা ছয় জনগোষ্ঠীয়ে আহ্বান জনোৱা অসম বন্ধৰ বাবে ১৫ নৱেম্বৰত স্থগিত ৰখা হৈছে । আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই (PC by APCC leader Manjit Mahanta) । তেওঁ কয় যে, অসম বন্ধৰ পৰিপ্ৰেক্ষিতত ভাৰত জোড়ো যাত্রাৰ পদযাত্রা গুৱাহাটী মহানগৰীত ১৫ নৱেম্বৰৰ পৰিবৰ্তে ১৬ নৱেম্বৰত আৰম্ভ হ'ব (Bharat Jodo Yatra in Assam) ।
পহিলা নৱেম্বৰৰ পৰা অসমত আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাত বিগত ১২ দিনত ১ লাখ ২০ হাজাৰ মানুহে অংশগ্ৰহণ কৰিছে । ইতিমধ্যে ১২ দিনত এই পদযাত্রাই ১৫০ কিলোমিটাৰ বাট অতিক্ৰম কৰিছে । তেওঁ লগতে কয় যে সোমবাৰে ভাৰত জোড়ো যাত্রাই কামৰূপ গ্ৰাম্যত প্ৰৱেশ কৰিব (Bharat Jodo Yatra in Guwahati) । ১৬ নৱেম্বৰৰ পুৱা ১০.৩০ বজাত শিঙিমাৰি চ'কৰ পৰা পদযাত্রা আৰম্ভ হৈ দুপৰীয়া আমিনগাঁও ৰাজীৱ ভৱনত সামৰণি পৰিব ।
পিছদিনা অর্থাৎ ১৭ নৱেম্বৰৰ পুৱা ১০.৩০ বজাত গুৱাহাটীৰ ভৰলুমুখৰ সোণাৰাম হাইস্কুল খেলপথাৰৰ পৰা পদযাত্ৰা আৰম্ভ হৈ গুৱাহাটী ক্লাৱ, শিলপুখুৰী হৈ দুপৰীয়া চান্দমাৰীৰ বিহুতলীত সমাপ্ত হ’ব । সেইদৰে ১৮ নৱেম্বৰৰ পুৱা ১০.৩০ বজাত চান্দমাৰী বিহুতলীৰ পৰা পদযাত্ৰা আৰম্ভ হৈ দুপৰীয়া নাৰেংগীৰ বোন্দা খেলপথাৰত সমাপ্ত হ'ব ।
আনহাতে মৰিগাঁও, নগাঁৱকে ধৰে অন্যান্য জিলাসমূহৰ ক্ষেত্ৰত পূৰ্ব-নিৰ্ধাৰিত দিন আৰু সময়সূচী অনুসৰিয়ে পদযাত্ৰা কাৰ্যসূচী ৰূপায়িত হ’ব । গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া পদযাত্রাত জিতেন্দ্ৰ সিঙকে ধৰি কংগ্ৰেছৰ কেইবাগৰাকী শীৰ্ষ নেতাই অংশ গ্ৰহণ কৰিব বুলি তেওঁ কয় । সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতা উপস্থিত আছিল ।
লগতে পঢ়ক: Actor Siddhartha Sarmah : কে কে খ্যাত অভিনেতা সিদ্ধাৰ্থ শৰ্মা সম্প্ৰতি সুস্থ