ETV Bharat / state

ৰাজ্যত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

author img

By

Published : Dec 8, 2020, 2:18 PM IST

মঙলবাৰে সংশোধিত কৃষি আইন ২০২০ বাতিলৰ দাবীত কৃষকসকলে আহ্বান কৰা ভাৰত বন্ধৰ প্ৰভাৱ ৰাজ্যজুৰি পৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে যোৰহাট, শিৱসাগৰ. বিলাসীপাৰা, নগাঁৱৰ লগতে গুৱাহাটী মহানগৰীতো বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ৷

AS_jrt_bharat-bandh-impact-at-assam_img_AS10039
কৃষকে আহ্বান কৰা ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ অসমত

নিউজ ডেস্ক, 8 ডিচেম্বৰঃ সংশোধিত কৃষি আইন ২০২০ ৰ বিৰোধিতাৰে মঙলবাৰে ভাৰত বন্ধৰ আহ্বান জনাইছে বিভিন্ন কৃষক সংগঠনসমূহে ৷ অসমতো এই বন্ধৰ পূৰ্ণৰূপত প্ৰভাৱ পৰা দেখা গৈছে ৷ কৃষকসকলৰ সমৰ্থনত আগবাঢ়ি আহিছে বিভিন্ন দল-সংগঠন ৷ আইনখনৰ বিৰোধিতাৰে যোৰহাটৰ বিষ্টুৰাম বৰুৱা প্ৰেক্ষাগৃহৰ সন্মুখত এক প্ৰতিবাদী সমদল উলিয়ায় চিটু, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলে ৷

AS_jrt_bharat-bandh-impact-at-assam_img_AS10039
যোৰহাটত ভাৰত বন্ধৰ প্ৰভাৱ

শিৱসাগৰতো ভাৰত বন্ধৰ সমৰ্থনত আগবাঢ়ি আহিছে বিভিন্ন দল-সংগঠন ৷ মঙলবাৰে পুৱাৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে শিৱসাগৰ নগৰৰ বিভিন্ন অঞ্চলত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷ ইয়াৰ মাজতে বীৰ লাচিত সেনা, এএছআইএফকে ধৰি একাংশ সংগঠনৰ সমৰ্থকে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰাৰ চেষ্টা কৰাৰ সময়ত আৰক্ষীয়ে ১৫ গৰাকী বন্ধ সমৰ্থকক আটক কৰি শিৱসাগৰ সদৰ থানালৈ প্ৰেৰণ কৰে ৷

শিৱসাগৰত ভাৰত বন্ধৰ প্ৰভাৱ

বিলাসীপাৰাতো দেখা গৈছে কৃষক আইনৰ বিৰোধিতাৰে আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰভাৱ ৷ বিলাসীপাৰাৰ সোনামুখী ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকাও দাহ কৰে প্ৰতিবাদকাৰীসকলে ৷ ভাৰত চৰকাৰক অতিশীঘ্ৰে এই আইন বাতিলৰ দাবী জনায় সংগঠন দুটাৰ সদস্যসকলে অন্যথা অনাগত দিনত আৰু তীব্ৰতৰ আন্দোল গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷

বিলাসীপাৰাত ভাৰত বন্ধৰ প্ৰভাৱ

সমান্তৰালকৈ নগাঁৱৰ কামপুৰ আৰু কঠিয়াতলীতো ভাৰত বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ বন্ধৰ প্ৰতি সমৰ্থন জনাই নগাঁৱৰ যান বাহনৰ লগতে ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ৷

নগাঁৱত ভাৰত বন্ধৰ প্ৰভাৱ

মঙলবাৰে কৃষক সংগঠনসমূহে আহ্বান কৰা ভাৰত বন্ধৰ প্ৰভাৱ গুৱাহাটী মহানগৰীতো পৰা পৰিলক্ষিত হৈছে ৷ সংশোধিত কৃষি আইন 2020 বাতিলৰ দাবীত একাংশ বন্ধৰ সমৰ্থকে দিছপুৰৰ অসম সচিবালয়ৰ গাতে লাগি থকা ভাৰতীয় ষ্টেট বেংকৰ আঞ্চলিক মুখ্য কাৰ্যালয়ৰ গেটত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। ধৰ্ণা কাৰ্যসূচীত ষ্টেট বেংকৰ মুখ্য কাৰ্যালয়লৈ অহা কৰ্মচাৰীসকলক ভিতৰত প্ৰৱেশ কৰাৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়াৰ লগতে ভাৰত বন্ধ পালন কৰি কাৰ্যালয়টো বন্ধ ৰাখিবলৈ দাবী জনায় ।

গুৱাহাটীত ভাৰত বন্ধৰ প্ৰভাৱ

লগতে পঢ়ক-ৰক্ত দানেৰে আই মাতৃক সেৱা এদল সৈন্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.