গুৱাহাটী, 8 নৱেম্বৰ : কিছুদিন পূৰ্বে মহানগৰীৰ চাৰ্ভেত সংঘটিত বৃদ্ধা দম্পতীৰ হত্যাকাণ্ডই কঁপাই গৈছিল সমগ্ৰ ৰাজ্য ৷ 80ৰ ঊৰ্ধৰ দম্পতী ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাক হত্যা কৰাৰ কথা আৰক্ষীক স্বীকাৰ কৰিছিল বৰুৱা দম্পতীৰ কেয়াৰ টেকাৰ আকাশ চৌধুৰীয়ে ৷ সোমবাৰে মহানগৰীৰ চিজেএম ক’ৰ্টত আকাশ চৌধুৰীক উপস্থিত কৰোৱাৰ পিছতে ঘটনাই লৈছে নতুন মোৰ ৷
সংবাদ মাধ্যমক আদালতৰ চৌহদত দেখাৰ পিছতে আকাশ চৌধুৰীয়ে বিস্ফোৰক ভাষ্য প্ৰকাশ কৰে ৷ আকাশে সন্তানৰ নামত শপত খাই বৰুৱা দম্পতীক হত্যা কৰাৰ কথা অস্বীকাৰ কৰে ৷ তদুপৰি এই সমগ্ৰ কাণ্ডৰ বাবে আৰক্ষীক পোনপটীয়াকৈ দোষাৰোপ কৰে আকাশে ৷ একমাত্ৰ আৰক্ষীৰ নিৰ্যাতনৰ বাবেহে এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা বুলি সদৰী কৰে আকাশে ৷
জেৰাৰ সময়চোৱাত আৰক্ষীয়ে অমানৱীয় অত্যাচাৰ চলাইছিল আকাশক ৷ যাৰ বাবে বৰুৱা দম্পতীৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছিল তেওঁ ৷ আকাশৰ এই ভাষ্যৰ পিছতে নতুন মোৰ লৈছে মহানগৰীৰ চাৰ্ভেৰ বৰুৱা দম্পতীৰ হত্যাকাণ্ডই ৷
লগতে চাওক: ফৰেনছিক ৰিপ’ৰ্টত পোৱা গৈছে আকাশ চৌধুৰীৰ ফিংগাৰ প্ৰিণ্ট : মহানগৰ আৰক্ষী আয়ুক্ত