গুৱাহাটী,15জুনঃ শুকুৰবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসভৱনত জনপ্ৰিয় অসমীয়া ধাৰাবাহিক বেহাৰবাৰী আউটপ'ষ্টৰ কলা-কুশলীৰ বৈঠকৰ পিছতে তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে ৰাজ্যত ৷ ছ'চিয়েল মিডিয়াত বৈঠকৰ ফটো শ্বেয়াৰ হোৱাত একাংশই আক্ৰমণৰ লক্ষ্য কৰি লৈছে বেহাৰবাৰী আউটপ'ষ্টৰ কলা-কুশলী সকলক ৷ কিন্তু এনে সমালোচনাৰ সন্মুখীন হোৱাৰ পিছতে দুখ প্ৰকাশ কৰিছে ধাৰাবাহিকখনৰ শিল্পীসকলে ৷
সমগ্ৰ বিষয়টোক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বেহাৰবাৰী আউটপ'ষ্টৰ মোহন খ্যাত অভিনেতা দ্বীপজ্যোতি কেওঁট আৰু কে কে খ্যাত অভিনেতা সিদ্বাৰ্থ শৰ্মাই ৷ এক ভিডিঅ'ৰ জৰিয়তে অভিনেতা সিদ্বাৰ্থ শৰ্মাই মন্তব্য প্ৰকাশ কৰি কয় যে, বেহাৰবাৰী আউট পষ্টৰ কলা-কুশলীসকলে কোনো ব্যক্তিগত স্বাৰ্থৰ বাবে মুখ্যমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰা নাছিল ৷ শিল্পী সমাজৰ কিছু সমস্যা লৈহে তেওঁলোকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰিছিল ৷ আনহাতে, অভিনেতা দ্বীপজ্যোতি কেওঁটেও ভিডিওৰ জৰিয়তে মন্তব্য প্ৰকাশ কৰি কয় যে,এই দুৰ্যোগৰ দিনত শিল্পী সমাজৰ কিছু সমস্যা আৰু অসমৰ জ্বলন্ত কিছু সমস্যা লৈহে তেওঁলোকে সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিবাচক সঁহাৰি দিয়াৰ কথাও উল্লেখ কৰে অভিনেতা দ্বীপজ্যোতি কেওঁটে ৷
লগেত পঢ়কঃব্য়ক্তিগত নাৰ্ছিং হোমৰ ক্ষেত্ৰত কি নিয়ম উঠাই ল'লে দিল্লী চৰকাৰে ?