গুৱাহাটী,২৪ মে': অসমত মৌলবাদী তথা জেহাদীৰ সক্ৰিয়তা নতুন কথা নহয় যদিও শেহতীয়া কেতবোৰ ঘটনাই ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে । আৰক্ষীয়ে অসমত জেহাদীৰ ঘাটি উৎখাত কৰাৰ লগতে তেওঁলোকৰ গতিবিধি নিৰীক্ষণত ৰখাৰ সময়তে অতি শেহতীয়াকৈ বটদ্ৰৱাকাণ্ডই অসমৰ পৰিৱেশ কিমান বিপজ্জনক হৈ পৰিছে, সেই কথা প্ৰমান কৰিছে ।
পূৰ্বতে এনে ঘটনা বৰপেটা, ছিপাঝাৰৰ গৰুখুঁটি আদিত সংঘটিত হৈছিল । কিন্তু এইবাৰ সংঘটিত হ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিতে । আগন্তুক দিনত হয়তো উজনি অসমতো এনে ঘটনা সংঘটিত হ'ব পাৰে । অতি উদ্বেগৰ বিষয় যে অনুপ্ৰৱেশকাৰী লোকসকলৰ বসতি স্থানসমূহত সোমাই পৰিছে মৌলবাদী তথা জেহাদী সংগঠনসমূহ । এনে মৌলবাদী, জেহাদীৰ কবলত পৰিয়েই এতিয়া বিচ্ছিন্নতাবাদী হৈ পৰিছে বহু সংখ্যক পূৰ্ববংগীয় মূলৰ লোক ।
ইফালে সেইসকলৰ বসতি স্থানসমূহত ইমানেই জনসংখ্যা বৃদ্ধি পাবলৈ ধৰিছে যে সেয়াও ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ বাবে বিপজ্জনক হৈ পৰিছে । এই গতিত লোকসকলৰ জনসংখ্যা বৃদ্ধি পাই থাকিলে অচিৰেই অসমত খিলঞ্জীয়া লোকসকল সংখ্যালঘুত পৰিণত হ'ব । ৰাজনৈতিক অধিকাৰৰ পৰা আৰম্ভ কৰি অর্থনৈতিক অধিকাৰলৈকে সকলো ক্ষেত্ৰতে বঞ্চিত হ'ব লাগিব খিলঞ্জীয়াসকল ।
লগতে পঢ়ক: Road accident at Kaliabor : মেজিক-টেম্প’ৰ মাজত মুখামুখি সংঘৰ্ষ, নিহত 2
ইফালে পূৰ্ববংগীয় লোকসকলক সাৰথি কৰি গঢ়ি উঠা দল-সংগঠনবোৰৰ বাবেও ৰাজ্যখনত বিপদজনক পৰিস্থিতিৰ সৃষ্টি হৈছে । খিলঞ্জীয়াৰ স্বাৰ্থজড়িত বিষয়সমূহত সততে এই দল-সংগঠনসমূহে বাধা আৰোপ কৰে । এনে দল-সংগঠনৰ বাবেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ পাইলট প্ৰজেক্ট গ্ৰহণ কৰিও প্ৰথমবাৰ ব্যৰ্থ হৈছিল ৰাজ্য চৰকাৰখন (NRC pilot project in Assam) ।
নিজৰ ভৰিৰ তলৰ মাটি হেৰুওৱাৰ শংকাত একাংশ লোকে বৰপেটাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটোকে বন্ধ কৰি দিছিল । ইয়াৰ পাছত সৌ সিদিনাখন দৰঙৰ ছিপাঝাৰৰ গৰুখুঁটিত প্ৰশাসনে উচ্ছেদ চলাবলৈ যাওঁতেই দেখা গ'ল ঠিক একে ধৰণৰ ছবি । সংখ্যালঘু লোকসকলে আৰক্ষীক আক্ৰমণ কৰিবলৈ দলে-বলে ওলাই আহিল ।
ইফালে শনিবাৰে গুৰুজনাৰ জন্মভূমি বটদ্ৰৱাত সংঘটিত ঘটনাই সকলোৰে চকু কপালত তুলিছে । এইবাৰ সংখ্যালঘু লোকসকল দলে-বলে ওলাই আহি জ্বলাই দিলে থানা । মূলসুঁতিৰ অসমীয়া ৰাইজৰ বাবে এয়া এক ভয়ানক বিপদৰ অশনি সংকেত । এনে ঘটনাৰ সৈতে ৰাজ্যৰ খিলঞ্জীয়া লোকসকলৰ ভৱিষ্যতৰ কথা জড়িত হৈ আছে । কিয়নো একমাত্ৰ খিলঞ্জীয়াৰ অধিকাৰ থকা অসমত এতিয়া চলিছে একাংশ সংখ্যালঘু লোকৰ আধিপত্য (Minorities are dominating indigenous people)।
লগতে পঢ়ক: হাতীগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড ; হানি-খুঁচি হত্যা জৈয়নুদ্দিন আহমেদক
পূৰ্ববংগ তথা বাংলাদেশৰ পৰা এটা সময়ত অহা উক্ত লোকসকলে এতিয়া গোজেই গজালি হ’ল । এফালে তেওঁলোকৰ জনসংখ্যা বৃদ্ধিয়ে খিলঞ্জীয়ালৈ সংকট নমাই আনিছে, আনফালে আকৌ মৌলবাদী, জেহাদীক প্ৰশ্ৰয় দি দেশৰ সাৰ্বভৌমত্বলৈ ভাবুকি কঢ়িয়াই আনিছে । ইতিমধ্যে নামনি অসমত বিগত চাৰি-পাঁচ মাহত ইজনৰ পাছত সিজনকৈ জেহাদীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা ঘটনাই প্ৰমাণ কৰিছে কোন দিশে গতি কৰিছে পৰিস্থিতি ।
আনকি বটদ্ৰৱাৰ ঘটনাৰ সৈতে আনচাৰুল ইছলাম গোট জড়িত হৈ থকাৰ কথা খোদ আৰক্ষীয়ে প্ৰকাশ কৰিছে (Assam police declared Ansarul Islam group involved in Batadrava incident) । আৰক্ষীৰ মতে পৰিকল্পিতভাৱে বটদ্ৰৱা থানা জ্বলাই দিয়া হৈছিল । আল কায়দাৰ এটা ঠাল আনচাৰুল ইছলাম গোটে ৰাজ্যৰ বহুতো মছজিদত প্ৰৱেশ কৰাৰ চেষ্টা চলাই আছে । মাদ্ৰাছাত ইতিমধ্যে গোটটো প্ৰৱেশো কৰিছে । সংগঠনটোৱে একাংশ মুছলমান লোকক উত্তেজিত কৰি শ্লিপাৰ চেল গঢ়ি তুলিবলৈকো চেষ্টা কৰি আছে ।
যদিহে এইক্ষেত্ৰত সংগঠনটো সফল হয়, তেনেহ'লে অসমত অনাগত দিনত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব । ইফালে জনসংখ্যা বৃদ্ধিৰ ফলত ৰাজ্যত অনাগত দিনত খিলঞ্জীয়াসকল সংখ্যালঘুত পৰিণত হোৱাৰ সম্ভাৱনাও প্ৰকট হৈ পৰিছে । লোকপিয়ল অনুষ্ঠিত হোৱা নাই যদিও কেন্দ্ৰীয় চৰকাৰৰ কিছু তথ্য অনুসৰি সংখ্যালঘু বসতি প্ৰধান অঞ্চলসমূহত জনবিস্ফোৰণ ঘটিছে ।
লগতে পঢ়ক: পুনৰ বিটিচিত বিপিএফে গঠন কৰিব চৰকাৰ : হাগ্ৰামা মহিলাৰী
২০১১ চনতঅসমৰ মুঠ জনসংখ্যা আছিল ৩ কোটি ১২ লাখ । কিন্তু দহ বছৰৰ পাছত ২০২১ চনত ৰাজ্যখনৰ জনসংখ্যা ৩ কোটি ৫০ লাখলৈ আৰু চলিত বৰ্ষত ৩ কোটি ৫৫ লাখলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । সকলোতকৈ ডাঙৰ কথা উজনি অসমতকৈ মধ্য আৰু নামনি অসমত সকলোতকৈ অধিক জনসংখ্যা বৃদ্ধি পাইছে । লক্ষণীয় বিষয় যে ২০১১ চনত বৰপেটাৰ জনসংখ্যা আছিল ১৬ লাখ ৯৩ হাজাৰ ।
কিন্তু ২০২১ চনত এই জনসংখ্যা হৈছেগৈ ১৮ লাখ ৭৪ হাজাৰ । একেদৰে মৰিগাঁও জিলাত ২০১১ চনত জনসংখ্যা ৯.৫৭ লাখ আছিল যদিও ২০২১ চনত হৈছেগৈ ১০.৯২ লাখ । ইয়াৰ বিপৰীতে খিলঞ্জীয়া লোকৰ বসতি প্ৰধান ধেমাজি জিলাত ২০১১ চনত জনসংখ্যা আছিল ৬.৮৬ লাখ আৰু ২০২১ চনত এই সংখ্যা বৃদ্ধি পাই হৈছেগৈ ৭.৬০ লাখ । জনসংখ্যা বৃদ্ধিৰ ফলত সংখ্যালঘু এলেকাৰ সমষ্টিত ভোটাৰৰ সংখ্যাও বৃদ্ধি পাইছে ।
২০১৬ চন আৰু ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰকাশিত ভোটাৰ তালিকা অনুসৰি জনিয়া, মানকাচৰ, ধিং, নাওবৈচা আদি সমষ্টিত পাঁচ বছৰত ২০-২৪ শতাংশ ভোটাৰ বৃদ্ধি পাইছে । কিন্তু ইয়াৰ বিপৰীতে মাজুলী, থাওৰা আদি খিলঞ্জীয়া লোকৰ বসতি প্ৰধান সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে মাত্ৰ ১৫ শতাংশ । ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে শীঘ্ৰেই ৰাজ্যৰ বহুতো বিধানসভা সমষ্টি খিলঞ্জীয়াৰ হাতৰ পৰা ওলাই যাব ।
ইফালে জনসংখ্যা বৃদ্ধি পোৱা সমষ্টিৰ লোকসকল আন আন সমষ্টিলৈ প্ৰব্ৰজিত হৈছে । যাৰ ফলত অনাগত দিনত আন আন সমষ্টিতো জন বিন্যাস সলনি হোৱাটো নিশ্চিত হৈ পৰিছে । মন কৰিবলগীয়া কথা যে ৰাজ্যৰ এই সংকটৰ সময়তো কিন্তু বিৰোধী ৰাজনৈতিক দলসমূহে নিজৰ স্বার্থ সিদ্ধিৰ বাবেহে কাম কৰি আছে । আনকি বটদ্ৰৱা থানা জ্বলাই দিয়াৰ দৰে ঘটনা সংঘটিত হোৱাৰ পাছতো বিৰোধী ৰাজনৈতিক দলসমূহে স্বাৰ্থসিদ্ধিত নামি পৰিছে । এনে পৰিস্থিতিত অনাগত দিনত অসমৰ খিলঞ্জীয়া লোকসকল ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হোৱটো এক প্ৰকাৰ নিশ্চিত ।
লগতে পঢ়ক: ডিমা হাচাওৰ বানে ধোৱা অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ