গুৱাহাটী, 13 এপ্ৰিলঃ শনিবাৰে ৰাজ্যজুৰি পালন কৰা হৈছে অশোকাষ্টমী পূজা ৷ এই পূজা উপলক্ষে পূৱ মালয়বাৰীৰ কলং নদীৰ পাৰত পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তৰ লানি-নিছিগা সোঁত নদীত স্নান কৰিবলৈ ৷
উল্লেখ্য যে, অশোকাষ্টমীৰ দিনা নদীত স্নান কৰিলে পাপ মুক্ত হয় বুলি লোক বিশ্বাস চলি আহিছে । সেয়েহে পৰস্পৰা অনুসৰি কল দলিয়াই স্নান কৰে ভক্ত সকলে । এই দিনটোত ব্ৰাহ্মণ সকলৰ দ্বাৰা পিণ্ড দান আদি কৰা পৰম্পৰা আছে ৷