ETV Bharat / state

Guwahati double murder: নুনমাটিৰ ডাবল মাৰ্ডাৰ ঘটনা, বন্দনা কলিতা আৰু দুই সহযোগীৰ জামিন আবেদন নাকচ - Guwahati double murder case

গুৱাহাটীৰ ডাৱল মাৰ্ডাৰ গোচৰৰ মূল অভিযুক্ত বন্দনা কলিতা আৰু তেওঁৰ সহযোগী অৰূপ ডেকা আৰু ধনটি ডেকাক আজি কামৰূপ সত্র ন্য‍ায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে এই তিনিওৰে জামিন আৱেদন নাকচ কৰে। তিনিওৰে বিৰুদ্ধে আই পি চিৰ ৩০২, ২০১ আৰু ৩৪ ধাৰাত ৰুজু হৈ আছে গোচৰ।

Guwahati double murder case
নুনমাটিৰ ডাবল মাৰ্ডাৰ
author img

By

Published : Jun 17, 2023, 9:23 PM IST

গুৱাহাটী, 17 জুন: গুৱাহাটীৰ নুনমাটিৰ ডাবল মাৰ্ডাৰ ঘটনাৰ মূল অভিযুক্ত বন্দনা কলিতা আৰু তেওঁৰ দুই সহযোগীৰ জামিন আবেদন নাকচ ৷ উল্লেখ্য যে নিজ স্বামী আৰু শাহুক কাটি টুকুৰা-টুকুৰ কৰি প্ৰথমে ফ্ৰীজত ৰাখি প‍াছত মেঘালয়ৰ দুৰ্গম অঞ্চলত পেলাই দিছিল বন্দনা কলিতাই ৷ সাত মাহ পাছত পোহৰলৈ অহা এই ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ সেই গোচৰৰে তদন্তৰ অন্তত আৰক্ষীয়ে ন্যায়ালয়ত দাখিল কৰিছিল 1400 পৃষ্ঠাৰ অভিযোগনামা ৷

শনিবাৰে এই গোচৰৰ মূল অভিযুক্ত বন্দনা কলিতা আৰু তেওঁৰ সহযোগী অৰূপ ডেকা, ধনটি ডেকাক কামৰূপ সত্ৰ ন্য‍ায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয় ৷ আদালতে এই তিনিও হত্যাকাৰীৰে জামিন আৱেদন নাকচ কৰে ৷ তিনিওৰে বিৰুদ্ধে আই পি চিৰ 302, 201 আৰু 34 ধাৰাত ৰুজু হৈ আছে গোচৰ ৷ ইফালে আদালতে এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন 1 জুলাই ধাৰ্য কৰিছে ৷ এই পৰৱৰ্তী শুনানিতে নথি প্ৰদানৰো সম্ভাৱনা আছে ৷

উল্লেখ্য যে বন্দনা কলিতাই তেওঁৰ স্বামী অমৰজ্যোতি দে' আৰু শাহু শংকৰী দে'ক হত্যা কৰি তেওঁলোকৰ মৃতদেহ কেইবা টুকুৰা কৰি পেলাই দিছিল মেঘালয়ৰ বিভিন্ন স্থানত ৷ তাৰ পাছতেই তেওঁ নিজেই আৰক্ষী থানাত স্বামী আৰু শাহু নিৰুদ্দেশ হোৱাৰ গোচৰ ৰুজু কৰিছিল ৷ আনকি স্বামী আৰু শাহুৰ সন্ধান উলিয়াব নোৱাৰাৰ বাবে বন্দনা কলিতাই আৰক্ষীকো জবাবদিহি কৰিছিল ৷ ইয়াৰ পাছতে শংকৰী দে’ৰ একাউণ্টৰ পৰা এ টি এমৰ জৰিয়তে ধন উলিওৱাৰ তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে বন্দনা কলিতাক গ্ৰেপ্তাৰ কৰিছিল আৰু জেৰাৰ অন্তত এই ভয়াৱহ ডাৱল মাৰ্ডাৰ ঘটনা পোহৰলৈ আহিছিল ৷

8 জুনতো বিশেষ আদালতত হাজিৰ কৰোৱা হৈছিল বন্দনা কলিতাক ৷ পুনৰ হত্যাৰ কথা অস্বীকাৰ কৰিছিল বন্দনা কলিতাই ৷ সময়ত সকলো খুলি কোৱাৰ ইংগিত দিছিল বন্দনা কলিতাই ৷ বন্দনা কলিতাৰ লগতে হাজিৰ কৰোৱা হৈছিল আন দুই অভিযুক্ত অৰূপ আৰু ধনটিক ৷ ইয়াৰ পূৰ্বেও বন্দনা কলিতাই কেইবাবাৰো আৰক্ষীক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছিল ৷ ইফালে বিগত 14 মে'ত আৰক্ষীয়ে প্ৰায় 3 মাহৰ অন্তত সমগ্ৰ গোচৰটোৰ চাৰ্জশ্বীট দাখিল কৰিছিল ৷

নুনমাটি আৰক্ষীয়ে এই হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতা আৰু তেওঁৰ দুই সহযোগীৰ বিৰুদ্ধে দাখিল কৰিছিল চাৰ্জশ্বীট ৷ আদালতত দাখিল কৰা চাৰ্জশ্বীটত সমগ্ৰ হত্যাকাণ্ডৰ প্ৰামাণ্য নথি-পত্ৰ দাখিল কৰি স্পষ্টকৈ উল্লেখ কৰা হৈছিল যে এই হত্যাকাণ্ড পৰকীয়া প্ৰেম আৰু সম্পত্তিৰ বাবে সংঘটিত কৰা হৈছিল ৷ বন্দনা কলিতাৰ নৃশংসতাৰ বলি হৈছিল তেওঁৰ স্বামী অমৰজ্যোতি দে' আৰু শাহু শংকৰী দে' ৷ এই দুয়োগৰাকীকে বন্দনা কলিতাই হত্যা কৰি তেওঁলোকৰ দেহ কেইবা টুকুৰা কৰি ফ্ৰীজত ৰাখি পাচত পেলাই দিছিল চুবুৰীয়া মেঘালয়ৰ বিভিন্ন অঞ্চলত ৷ উল্লেখ্য যে গোচৰটোৰ আৰক্ষীয়ে 1400 পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছিল ৷

লগতে পঢ়ক: Goa Diwas: ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত গোৱা দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.