গুৱাহাটী, 12 ছেপ্টেম্বৰ : জুৱাৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ বিপদত আৰক্ষী বিষয়া ৷ আৰক্ষীৰ বিৰুদ্ধে জব্দকৃত ধন আত্মসাৎ আৰু উৎকোচ লোৱাৰ অভিযোগ ৷ ঘটনা অনুসৰি, যোৱা ৭ ছেপ্টেম্বৰৰ নিশা বেলতলাৰ শুভম ল’জত বশিষ্ঠ আৰক্ষীৰ এটা দলে জুৱাৰী বিৰুদ্ধে চলাইছিল অভিযান । আটক হৈছিল তিনিজনকৈ জুৱাৰী । লগতে ৰমণী কলিতাৰ ড্ৰয়াৰত থকা সৰ্বমুঠ ৬ লাখ ৬৫ হাজাৰ টকাসহ বহুটো আপত্তিজনক সা-সামগ্ৰী জব্দ হৈছিল । এই ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি অভিযুক্তক আদালতলৈ প্ৰেৰণ কৰি আৰক্ষীয়ে । কিন্তু ইয়াৰ মাজতে ঘটনাই লৈছে নতুন মোৰ ।
শুভম ল’জৰ মালিকৰ এক ভাষ্যই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে । কিয়নো অভিযানৰ সময়চোৱাত শুভম ল’জত আছিল ২১লাখ টকা । আৰু সেই সম্পূৰ্ণ টকা খিনি আছিল ৰমণী কলিতাৰ কাহিলিপাৰাস্থিত মাটি বিক্ৰীৰ টকা । নিশা অভিযান কালত শুভম ল’জত প্ৰৱেশ কৰিছিল পৰিদৰ্শক ভাস্কৰ জ্যোতি নাথে । পৰিদৰ্শক ভাস্কৰ জ্যোতি নাথে প্ৰৱেশ কৰি সম্পূৰ্ণ ২১লাখ টকা সংগ্ৰহ কৰি সংবাদমাধ্যমৰ আগত মাত্ৰ ৬লাখ ৬৫হাজাৰ টকা প্ৰদৰ্শন কৰা অভিযোগ উত্থাপিত হৈছে ।
পৰিদৰ্শক ভাস্কৰ নাথে ৰমণী কলিতাক এৰি দিয়াৰ বাবদ সৰ্বমুঠ ৪ লাখ টকা আৰু আন দুগৰাকী জুৱাৰীক এৰি দিয়াৰ বাবদ ৭ লাখ ৫০হাজাৰ টকা লোৱাৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ পোন চাটেই নাকচ কৰিছে পৰিদৰ্শক ভাস্কৰ জ্যোতি নাথে । ইফালে এই ঘটনাৰ পিছতে তৎকালীন ভাৱে বলবৎ হোৱাকৈ পৰিদৰ্শক ভাস্কৰ জ্যোতি নাথক নিলম্বনৰ নিৰ্দেশ দিছে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই ।
লগতে পঢ়ক : প্ৰাক্তন কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে ভূমি বেদখলৰ অভিযোগ