ETV Bharat / state

মহাজোঁটৰ চৰকাৰ কেনেকৈ: 'গেম চেঞ্জাৰ' বাঘেল, জিতেন্দ্ৰ সিঙৰ ফৰ্মূলা - ৰাজস্থানৰ শীৰ্ষ কংগ্ৰেছ নেতা তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং

অসমৰ বিধানসভা নিৰ্বাচনৰ প্ৰায় ডেৰমাহ পূৰ্বৰে পৰা নিজ ৰাজ্য এৰি আহি অসমত বাহৰ পাতিছিল ৰাষ্ট্ৰীয় ৰাজনীতিত 'গেম চেঞ্জাৰ' ৰূপে পৰিচিত ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে । ৩৮০ জনীয়া বিশেষ দলক লৈ ডেৰমাহজুৰি অসমত বাহৰ পাতি কংগ্ৰেছৰ সকলো নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰিছিল 'গেম চেঞ্জাৰ' ভূপেশ বাঘেলে ।

'গেম চেঞ্জাৰ' বাঘেল
'গেম চেঞ্জাৰ' বাঘেল
author img

By

Published : Apr 12, 2021, 6:04 PM IST

গুৱাহাটী, ১২ এপ্ৰিল: ৰাজ্যৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ সকলো ৰণকৌশল যুগুতোৱা দলটোৰ দুগৰাকী ৰাষ্ট্ৰীয় নেতা হঠাৎ গুৰুত্বপূৰ্ণ হৈ উঠিছে । এই দুই নেতাৰ এগৰাকী হৈছে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু আনজন ৰাজস্থানৰ শীৰ্ষ কংগ্ৰেছ নেতা তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং । মন কৰিবলগীয়া দিশটো হ'ল, অসমৰ বিধানসভা নিৰ্বাচনৰ প্ৰায় ডেৰমাহ পূৰ্বৰে পৰা নিজ ৰাজ্য এৰি আহি অসমত বাহৰ পাতিছিলহি ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে । ৰাষ্ট্ৰীয় ৰাজনীতিত 'গেম চেঞ্জাৰ' ৰূপে পৰিচিত এইগৰাকী কংগ্ৰেছী মুখ্যমন্ত্ৰী ।

জিতেন্দ্ৰ সিং
জিতেন্দ্ৰ সিং

ছত্তিশগড়ৰ ৰাজনীতি নিজৰ কুটনীতিৰে সলাই পেলাইছিল ভূপেশ বাঘেলে । সেইবাবেই হয়তো তেওঁ 'গেম চেঞ্জাৰ' । সেইজন 'গেম চেঞ্জাৰ' ৰ লগত আছে ৩৮০ জনীয়া এটা বৃহৎ দল । যিটো দলে ছত্তিশগড়ৰ মছনদত কংগ্ৰেছক বহুওৱাৰ সকলো ব্যৱস্থা কৰি দিছিল কুটনৈতিক কৌশেলেৰে । সেই ৩৮০ জনীয়া বিশেষ দলটোক লৈ ডেৰমাহজুৰি অসমত বাহৰ পাতি কংগ্ৰেছৰ সকলো নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰিছিল 'গেম চেঞ্জাৰ' ভূপেশ বাঘেলে ।

ৰাজ্যৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ সকলো ৰণকৌশল যুগুতোৱা দলটোৰ দুগৰাকী ৰাষ্ট্ৰীয় নেতা

অসমত এইবাৰ বিজেপি মিত্ৰজোঁটক ওফৰাই কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ পাতিবলৈ ভূপেশ বাঘেলৰ এই পৰিকল্পনাত ব্যয় কৰা হৈছিল দুশৰো অধিক কোটি টকা । ছত্তিশগড়ৰ মুখ্যমন্ত্ৰীগৰাকীক অসমৰ বাবে এই বিশেষ দায়িত্ব অৰ্পণ কৰিছিল কংগ্ৰেছ হাইকমাণ্ডে । যাৰ বাবে ৩৮০ জনীয়া বিশেষ কৰ্মবাহিনী লৈ ৰণক্ষেত্ৰত নামি পৰিছিল ভূপেশ বাঘেল । এইক্ষেত্ৰত বাঘেলৰ সোঁহাত স্বৰূপে কাম কৰিছিল নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে অসমৰ তত্বাৱধায়কৰূপে নিযুক্তি দিয়া ৰাজস্থানৰ জিতেন্দ্ৰ সিঙে । এতিয়া নিৰ্বাচন শেষ । বাঘেল আৰু জিতেন্দ্ৰ সিঙৰ মন্ত্ৰণাত চলিছে অসমত মহাজোঁটৰ চৰকাৰ গঠনৰ পৰিকল্পনা । এই পৰিকল্পনা কিমান সফল হয় সেয়া স্পষ্ট ‌হ'ব ২ মে'ৰ পিছতহে ।

লগতে পঢ়ক: কলগাছিয়াত বহাগক আদৰণি অনুষ্ঠানৰ আয়োজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.