ETV Bharat / state

শুকুৰবাৰৰ জোহোৰৰ নামাজ নিজ ঘৰতে পঢ়িবলৈ আহ্বান বদৰুদ্দিন আজমলৰ - চৰকাৰী নীতি নিৰ্দেশনা মানি চলিবৰ বাবে আহ্বান বদৰুদ্দিন আজমলৰ

লক-ডাউনৰ সময়ছোৱাত চৰকাৰী নীতি নিৰ্দেশনা মানি চলিবৰ বাবে তথা সমূহীয়াকৈ মছজিদত জুম্মা নামাজ পঢ়াৰ পৰিৱৰ্তে নিজ নিজ ঘৰতে শুকুৰবাৰে জোহোৰৰ নামাজ পঢ়িবলৈ মুছলমান লোকসকললৈ আহ্বান সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ ৷

Badaruddin Ajmal request to pray Juhur namaz at home instead of Majid
শুকুৰবাৰৰ জোহোৰৰ নামাজ নিজ ঘৰতে পঢ়িবলৈ আহ্বান বদৰুদ্দিন আজমলৰ
author img

By

Published : Apr 2, 2020, 4:02 PM IST

গুৱাহাটী,2 এপ্ৰিল : পূৰ্বৰ দৰে সমূহীয়াকৈ মছজিদত জুম্মা নামাজ পঢ়াৰ পৰিৱৰ্তে নিজ নিজ ঘৰতে শুকুৰবাৰে জোহোৰৰ নামাজ পঢ়িবলৈ তথা লক-ডাউনৰ সময়ছোৱাত চৰকাৰী নীতি নিৰ্দেশনা মানি চলিবৰ বাবে মুছলমান লোকসকললৈ পুনৰ আহ্বান জনাইছে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে ৷ এই সন্দৰ্ভত সাংসদ গৰাকীয়ে মন্তব্য কৰে যে মছজিদৰ ইমাম,মোৱাজিন সকলৰ বাদে নিজ নিজ অঞ্চলৰ জামাতৰ লোক সকলে মছজিদত জুম্মাৰ নামাজ পঢ়াৰ পৰিৱৰ্তে নিজ ঘৰতে জোহোৰৰ নামাজ পঢ়িলেও সমানেই পূন্য লাভ কৰিব ৷

শুকুৰবাৰৰ জোহোৰৰ নামাজ নিজ ঘৰতে পঢ়িবলৈ আহ্বান বদৰুদ্দিন আজমলৰ

আনহাতে সাংসদ গৰাকীয়ে কয় যে, লকডাউনৰ সময়ত বিভিন্ন ৰাজ্যত অসমৰ বহু লোক আবদ্ধ হৈ থাকিবলগীয়া হৈছে ৷ সেইসকল লোক বিভিন্ন কামৰ বাবে অসমৰ পৰা আন আন ৰাজ্যলৈ যাব লগা হৈছিল ৷ সেই সকলৰ নিৰাপত্তা তথা সেই সকলৰ বাবে সকলো ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰী তথা সহায় সহযোগিতা, চিকিৎসা আদি ব্যৱস্থা কৰিবৰ বাবে আহ্বান জনায় ভাৰতবৰ্ষৰ 28 খন ৰাজ্যৰ মূখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰন কৰাৰ কথাও উল্লেখ কৰে সাংসদ মৌলানা বদৰুদ্দিন আজমলে ৷

লগতে পঢ়কঃ প্ৰাতঃ ভ্ৰমণলৈ যোৱা 120 গৰাকী লোকক আবদ্ধ লাতুৰ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.