গুৱাহাটী, 15 জুন: ২০ জুনৰ ভিতৰত বদৰপুৰৰ পৰা নিউ-হাফলংলৈকে ৰেল সেৱা পুনৰ আৰম্ভ কৰাৰ সম্ভাৱনা আছে বুলি উত্তৰ-পূব সীমান্ত ৰে'লৱেই সদৰি কৰিছে । গুৱাহাটীত বুধবাৰে অনুষ্ঠিত এখন সংবাদমেলত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক অংশুল গুপ্তাই এই কথা সদৰি কৰি কয় যে ডিমা হাছাওত পুনৰ মেৰামতিৰ কাম চলি আছে (Badarpur-New Haflong rail service may resume by 20 june)।
তেওঁ কয় যে ডিমা হাছাওত ৰেলৱেৰ ৬১ টা ক্ষতিগ্ৰস্ত স্থানৰ ভিতৰত ৪৬ টাত পুনৰ মেৰামতি সম্পূৰ্ণ হৈছে আৰু ১৫ টা গুৰুত্বপূৰ্ণ স্থানত কাম পূর্ণ গতিত চলি আছে । আৱদ্ধ যাত্ৰীসকলক উদ্ধাৰ কৰাৰ বাবে আৰু তেওঁলোকক ঘৰলৈ সুৰক্ষিতভাৱে ঘূৰাই পঠিওৱাৰ বাবে মহাপ্ৰৱন্ধকগৰাকীয়ে ভাৰতীয় বায়ু সেনা, ৰে'ল কৰ্মচাৰীসকলক ধন্যবাদ জ্ঞাপন কৰে ৷
চন্দ্ৰনাথপুৰ-শিলচৰ নতুন লাইন প্ৰকল্পৰ বাবে শেহতীয়াকৈ অনুমোদিত চূড়ান্ত অৱস্থান জৰীপ সন্দৰ্ভতো তেওঁ সংবাদ মেলত প্ৰকাশ কৰে । এই প্ৰকল্পটোৱে পাৰ্বত্য ক্ষেত্ৰত এক বিকল্প পথ প্ৰদান কৰাৰ লগতে দক্ষিণ অসম, মিজোৰাম, মণিপুৰ আৰু ত্ৰিপুৰালৈ সংযোগৰ বাবে দ্বৈত লাইন হিচাপে কাম কৰিব বুলি তেওঁ জনায় ।
লগতে পঢ়ক: মন্ত্রী অশোক সিংঘালক মুখ্যমন্ত্রীয়ে জবাবদিহি কৰক: বিৰোধী দলপতি