ETV Bharat / state

জালুকবাৰীত কেন্দ্ৰীয় নাগৰিক কমিটি আৰু মহানগৰ আৰক্ষীৰ সজাগতামূলক সভা - জালুকবাৰী \

আৰক্ষী আৰু সৰ্ব সাধাৰণ ৰাইজৰ মাজত সু সম্পৰ্ক গঢ়ি তোলা লক্ষ্যৰে মঙলবাৰে জালুকবাৰীত অনুষ্ঠিত কৰা হয় এখন সজাগতামূলক সভা ৷ য’ত উপস্থিত থাকে মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰ, পশ্চিম গুৱাহাটীৰ উপ আৰক্ষী আয়ুক্ত খনিন্দ্ৰ চৌধুৰী, জালুকবাৰী শাখাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত জয়ন্ত বৰুৱাকে ধৰি জালুকবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ ডেকা ৷

মহানগৰ আৰক্ষীৰ সজাগতামূলক সভা
author img

By

Published : May 8, 2019, 3:36 AM IST

গুৱাহাটী, 3 মে’: মঙলবাৰে আৰক্ষী আৰু সাধাৰণ ৰাইজৰ মাজত সু-সম্পৰ্ক গঢ়ি তোলা লক্ষ্যৰে জালুকবাৰী কেন্দ্ৰীয় নাগৰিক কমিটি আৰু মহানগৰ আৰক্ষীৰ উদ্যোগত বৰিপাৰাস্থিত তৰুণ সংঘ পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় এখন সজাগতামূলক সভা ৷ উক্ত সভাখনত ৰাইজৰ বিভিন্ন সমস্যা সমূহৰ বিষয়ে বিষদ ভাৱে আলোচনা কৰা হয় ৷ এই সভাত মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰ, পশ্চিম গুৱাহাটীৰ উপ আৰক্ষী আয়ুক্ত খনিন্দ্ৰ চৌধুৰী, জালুকবাৰী শাখাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত জয়ন্ত বৰুৱা, জালুকবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ ডেকাকে প্ৰমুখ্য কৰি অঞ্চলটোৰ ভালেসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷

মহানগৰ আৰক্ষীৰ সজাগতামূলক সভা

ইপিনে এই সভাতে এজন সচেতন নাগৰিক হিচাপে সকলোৱে সমাজত চলি থকা অবৈধ কাৰ্য-কলাপৰ বিৰুদ্ধে চুকা দৃষ্টি ৰাখিবলৈ আহ্বান জনাই মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে । ড্ৰাগছ, অবৈধ সুৰা আদিৰ বিৰুদ্ধে আৰু ঘৰ আদি ভাড়া দিয়া সময়ত ৰাইজক সজাগ হ'বলৈ অনুৰোধ জনায় আৰক্ষী আয়ুক্তগৰাকীয়ে । আনহাতে, ঘৰৰ চৌহদত চিচি কেমেৰাৰ সংস্থাপন কৰাৰো উপদেশ দিয়ে দীপক কুমাৰে ৷

Intro:মংগলবাৰে জালুকবাৰী কেন্দ্ৰীয় নাগৰিক কমিটি আৰু মহনগৰ আৰক্ষীৰ উদ্যোগত বৰিপাৰাস্থিত তৰুণ সংঘ পুথিভঁৰাল প্ৰেক্ষাগৃহত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। আৰক্ষী আৰু সাধাৰণ ৰাইজৰ মাজত সু সম্পৰ্ক গঢ়ি তোলা লক্ষ্যৰে আয়োজন কৰা হয় এই সভা। সভাত ৰাইজে বিভিন্ন সমস্যা দাঙি ধৰে। ইফালে এই সভাত উপস্থিত থাকে মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰ, পশ্চিম গুৱাহাটীৰ DCP খনিন্দ্ৰ চৌধুৰী, জালুকবাৰী শাখাৰ ACP জয়ন্ত বৰুৱা, জালুকবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ ডেকাকে প্ৰমুখ্য কৰি অঞ্চলটোৰ ভালেসংখ্যক গন্য-মান্য ব্যক্তি। Body:এজন সচেতন নাগৰিক হিচাপে সকলোৱে সমাজত চলি থকা অবৈধ কাৰ্যকলাপত নজৰ দিবলৈ ৰাইজ আহ্বান জনাই মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে। ড্ৰাগছ, অবৈধ সুৰা, ঘৰ ভাড়া দিয়া আদিৰ ক্ষেত্ৰত ৰাইজক সজাগ হ'বলৈ কয় আৰক্ষী আয়ুক্তগৰাকীয়ে। যতেই তেনে তথ্য লাভ কৰে ততাতৈয়াকৈ আৰক্ষীক খবৰ দিবলৈ কয় আৰক্ষী আয়ুক্তগৰাকীয়ে। তাৰোপৰি পাৰ্যমানে প্ৰতিজন লোকক নিজৰ ঘৰৰ চৌহদত চিচি কেমেৰা সংস্থাপন কৰিবলৈও উপদেশ দিয়ে দীপক কুমাৰে।Conclusion:Hirul Haque...guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.