গুৱাহাটী, 13 ছেপ্টেম্বৰ : গৰুখুঁটি প্ৰকল্পলৈ ৰাজ্য চৰকাৰে মুঠ ১৫,৮৭,৯৩,৩৪৮ কোটি টকা মোকলাই দিছে ৷ দুবছৰত কি কি উৎপাদন কৰিলে গৰুখুঁটি প্ৰকল্পই ? উৎপাদিত সামগ্ৰী দেশৰ বাহিৰলৈ কৰিছেনে ৰপ্তানি ? এই সন্দৰ্ভত কংগ্ৰেছ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ বুধবাৰে এক লিখিত প্ৰশ্ন উত্থাপন কৰে ৷
উল্লেখ্য যে ৰাজ্য চৰকাৰে দীৰ্ঘদিন ধৰি বসবাস কৰা লোকক উচ্ছেদ অভিযান চলায় স্থাপন কৰা গৰুখুঁটি প্ৰকল্পক লৈ প্ৰশ্নৰ উত্থাপন হৈছে ৷ গৰুখুঁটি কৃষি প্ৰকল্প আৰু পদ পথৰ ব্যৱসায়ী সন্দৰ্ভত কংগ্ৰেছৰ বিধায়ক দেৱব্ৰত শইকীয়াই সোধা প্ৰশ্নৰ উত্তৰত কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাই বিধানসভাত সদৰি কৰা মতে, গৰুখুঁটি প্রকল্প পৰিচালনা ২০২১ চনৰ পৰা ২১ জুলাই ২০২২ তাৰিখলৈ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা কৰা হৈছিল ৷ আৰু তাৰ পিছত অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তমর্মে এখন স্থায়ী সমিতিয়ে পৰিচালনা কৰিবলৈ লয় এই প্ৰকল্প ৷ বিত্তীয়বর্ষ ২০২১-২২ ত অসম চৰকাৰে প্ৰকল্পলৈ সৰ্বমুঠ ৯,৫২,৯৩,৩৪৮.০০ টকা মোকলাই দিয়ে ৷ ২০২২-২৩ বিত্তীয় বৰ্ষত ৬,৩৫,০০,০০০.০০ টকা মোকলাই দিয়ে চৰকাৰে ৷
গতিকে আজিৰ তাৰিখলৈ সৰ্বমুঠ ১৫,৮৭,৯৩,৩৪৮ টকা প্ৰকল্পলৈ মোকলাই দিয়া হৈছে আৰু ৫,৯১,,৭০,৩০৭ টকা জমা আছে ৷ মন্ত্ৰী অতুল বৰাই বিধানসভাত সদৰি কৰা মতে APART ৰ জৰিয়তে কৃষি অভিযান্ত্রিক শাখাই ২০২১-২২ চনত গৰুখুঁটিত এটা কৃষি সম্প্ৰসাৰণ বিষয়াৰ কাৰ্যালয় স্থাপন কৰিছে ৷ ইয়াৰ অনুমোদিত ধনৰ পৰিমাণ আছিল ৪১,০৫,১১০.০০ টকা আৰু কাৰ্যালয়টো স্থাপনৰ খৰছৰ পৰিমাণ ৩৯,৪২,৭০১.০০ টকা ৷
দৰং জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা পোৱা তথ্য সদৰী কৰি তেওঁ সদনত দাখিল কৰা তথ্যমতে গৰুখুঁটি বহুমুখী কৃষি প্রকল্পত মূলা ২,৭৩০ কিলোগ্ৰাম, ৰঙালাও ৪,৬৩১ কিলোগ্ৰাম, গীৰগাই গাখীৰ ২৪,৩১৭ লিটাৰ, দৈ ১,৮৪৭ লিটাৰ, মৌ ৩০ লিটাৰ, মাছ ১৭ কুইন্টল আৰু গাহৰি ৩৭ টা উৎপাদন কৰিছে ৷ লগতে আন আন কৃষি আৰু পশুপালন সামগ্ৰী উৎপাদন কৰিছে ৷
উল্লেখ্য যে, গৰুখুঁটি বহুমুখী কৃষি প্রকল্প সমিতিয়ে দায়িত্ব গ্ৰহণ কৰাৰ পিছৰ পৰা সকলো সামগ্ৰী আজিৰ তাৰিখলৈ স্থানীয়ভাবে ছিপাঝাৰ, মঙলদৈ আৰু খাৰুপেটিয়া অঞ্চলৰ বিক্ৰেতাক দি আছে ৷ কিন্তু গুৱাহাটীৰ বজাৰত বৰ্তমান পোনপটিয়াভাবে দিয়া নাই যদিও ভোগালী বিহুৰ সময়ত দীঘলী পুখুৰীৰ পাৰত অনুষ্ঠিত হোৱা দুদিনীয়া ভোগালী মেলাত প্ৰকল্পৰ কৃষকে গৈ কিছু দৈ,শাক-পাচলি বিক্ৰী কৰিছে ৷ বৰ্তমানলৈ গৰুখুঁটি বহুমুখী কৃষি প্রকল্পত উৎপাদিত সামগ্ৰী দেশৰ বাহিৰলৈ ৰপ্তানি কৰা হোৱা নাই বুলি মন্ত্ৰী অতুল বৰাই সদৰী কৰে ৷