ETV Bharat / state

জ্যোতি চিত্ৰবনত Audio visual hub মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

author img

By

Published : Aug 22, 2022, 2:24 PM IST

গুৱাহাটীৰ কাহিলিপাৰাস্থিত জ্যোতি চিত্ৰবনত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জ্যোতি চিত্ৰবনত নতুনকৈ নিৰ্মাণ কৰা Audio visual hub টো মুকলি কৰে (Audio visual hub inauguration in Jyoti chitraban )।

জ্যোতি চিত্ৰবনত  Audio visual hub  মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
জ্যোতি চিত্ৰবনত Audio visual hub মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটী, 22 আগষ্ট: গুৱাহাটীৰ কাহিলিপাৰাস্থিত জ্যোতি চিত্ৰবনত নতুনকৈ নিৰ্মাণ কৰা হয় এটা Audio visual hub ৷ সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জ্যোতি চিত্ৰবনত নতুনকৈ নিৰ্মাণ কৰা Audio visual hub টো মুকলি কৰে (Audio visual hub inauguration in Jyoti chitraban )।

এই উপলক্ষে জ্যোতি চিত্ৰবনত অনুষ্ঠিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চলচ্চিত্ৰ হৈছে এক শক্তিশালী মাধ্যম । ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া চলচ্চিত্ৰৰ যাত্ৰা আৰম্ভ কৰিছিল। অসমত এটা চলচ্চিত্ৰ ষ্টুডিঅ নিমাণ কৰাৰ সপোন জ্যোতিপ্ৰসাদ আগৰৱালাই দেখিছিল ।

1961 চনত চৰকাৰৰ উদ্যোগত জ্যোতি চিত্ৰৱন নিৰ্মাণ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাৰ সপোনক বাস্তৱ ৰূপ দিয়া হয়। তাৰ পিছত পৰৱৰ্তী সময়ত 1968 চনত জ্যোতি চিত্ৰৱনত শ্বুটিং কক্ষ নিৰ্মাণ কৰি জ্যোতি চিত্ৰৱনৰ উন্নয়ণ সাধন কৰা হয় ৷

তেওঁ কয় যে জ্যোতি চিত্ৰৱনত এতিয়ালৈকে 500 খনৰো অধিক চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে। আকৌ জ্যোতি চিত্ৰৱনত 1500 খন শ্ৰব্য চিডি, 2000 খন ভিডিঅ এলবাম আৰু 500 খন তথ্য চিত্ৰ নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে 2018 চনত জ্যোতি চিত্ৰবনত Audio visual hub টো নিৰ্মাণ কৰাৰ বাবে চৰকাৰে 10 কোটি টকা আৱণ্টন কৰিছিল ।

তেওঁ কয়-" 70 বিঘা মাটিত থকা জ্যোতি চিত্ৰৱনৰ সামগ্ৰিক উন্নয়ণৰ বাবে মাষ্টাৰ প্লেন তৈয়াৰ কৰিব লাগিব। এই ক্ষেত্ৰত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।" মুখ্যমন্ত্ৰীগৰাকীয়ে জ্যোতি চিত্ৰৱনত 1500 মানুহ বহিব পৰা এটা প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবেও অনুমোদন দিয়ে (Cm at jyotichitranban )। মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত চলচ্চিত্ৰ নীতি নতুন ধৰণে কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ৷ এই অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, সাংসদ পবিত্ৰ মাঘেৰিটা আৰু জ্যোতি চিত্ৰৱনৰ অধ্যক্ষ বিদ্যা সাগৰ উপস্থিত থাকে ৷

লগতে পঢ়ক: ৰাজ্যৰ ২৪ জিলাত সম্পন্ন চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.