ETV Bharat / city

বিভ্ৰান্তিত অগপঃ ৰোষত পৰি অন্তঃকন্দল উদঙাই আদালতলৈ ঢাপলি - ATUL BORA PRESS MEET

আজি সংবাদ মাধ্যমৰ উপৰ্যুপৰি প্ৰশ্নত থৰকাচুতি হেৰুওৱা মন্ত্ৰী তথা নেতা অতুল বৰা আৰু কেশৱ মহন্তকে ধৰি ফণিভূষণ চৌধুৰিৰ উপস্থিতিত চূড়ান্ত দলীয় অন্তঃ কন্দলৰ কথাও নিজেই উডঙাই দিয়ে মন্ত্ৰী বৰাই ৷

ATUL BORA PRESS MEET
বিভ্ৰান্তিত অগপ
author img

By

Published : Dec 15, 2019, 6:49 PM IST

Updated : Dec 15, 2019, 10:36 PM IST

গুৱাহাটী, 15 ডিচেম্বৰঃ আকৌ এখন নতুন নাটকৰ দিশে অগ্ৰসৰ হৈছে অগপ নেতৃত্ব ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে মন্ত্ৰীত্ব ত্যাগ কৰাৰ অভিনয় কৰা অগপৰ একাংশ মুধাফুটা নেতৃত্বই আকৌ এবাৰ সাজু হৈছে এখন নতুন নাটক মঞ্চস্থ কৰিবলৈ৷ ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক 2019ত ভোটদান কৰি ৰাইজৰ ৰোষত পৰা দলটোৰ মুধাফুটা নেতৃত্বই এতিয়া পুনৰ সংশোধিত আইন খনৰ বিৰোধিতাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা ঘোষণা কৰিছে ৷

বিভ্ৰান্তিত অগপঃ

দেওবাৰে সংবাদ মাধ্যমৰ উপৰ্যুপৰি প্ৰশ্নত থৰকাচুতি হেৰুওৱা মন্ত্ৰী তথা নেতা অতুল বৰা আৰু কেশৱ মহন্তকে ধৰি ফণিভূষণ চৌধুৰীৰ উপস্থিতিত চূড়ান্ত দলীয় অন্তঃ কন্দলৰ কথাও নিজেই উডঙাই দিয়ে মন্ত্ৰী বৰাই ৷ সাংবাদিকৰ প্ৰশ্নত মন্ত্ৰী মহন্ত আৰু বৰাই উদ্ভত যুক্তি দাঙি ধৰি কয় যে, তেঁওলোক হেনো পূৰ্ৱৰ স্থিতিতেই অটল আছে ! 855 গৰাকী চহিদৰ নাম লৈ নিজৰ স্থিতি দোহাৰি কয় যে, NDA ত থকা হেতুকে সাংসদ বীৰেন্দ্ৰ প্ৰদাস বৈশ্যই সদনত উপস্থিত আছিল ৷

বিভ্ৰান্তিত অগপ

উল্লেখ্য যে, ৰাজ্যসভাত ভোটদান কৰা বিষয়টোত নিমাত অগপ নেতৃত্বই পুনৰ পূৰ্ৱৰ স্থিতিত থকা বুলি দৃঢ়তাৰে দাবী কৰে যদিও ৰাজ্যসভাত অগপৰ ভোটদান আৰু এতিয়া পুনৰ সংশোধিত আইনৰ বিৰোধিতাৰে আদালতৰ দ্বাৰস্থ হোৱা যুক্তিয়ে আস্বস্ত কৰিব পৰা নাই অসমবাসীক ৷ উল্লেখ্য যে, বিগত বৰ্ষত মন্ত্ৰীত্ব ত্যাগ কৰি পূৰ্ৱত্তোৰৰ ৰাজ্য চৰকাৰ সমূহক লগত লৈ 2016ৰ বিধেয়ক বিৰোধিতা কৰা অগপ নেতৃত্বই হেনো এইবাৰ কোনো এখন চুবুৰীয়া ৰাজ্যৰ সমৰ্থনেই লাভ নকৰিলে ! অগপৰ ব্যৰ্থতাপূৰ্ণ আৰু স্থিতিহীন অৱস্থিতিৰে আজিৰ এই সংবাদমেলৰ পৰিপ্ৰেক্ষিতত আঞ্চলিক দলটোৰ ভৱিষ্যৎ কোনদিশে গতি কৰে সেয়া লক্ষণীয় হ'ব ৷ কিয়নো, ইতিমধ্যে ৰাজ্যসভাত বিধেয়কৰ সপক্ষে ভোটদানৰ পাছত বহু নেতা কৰ্মীয়ে দলৰ শীৰ্ষ কাণ্ডাৰীৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰিছে ৷

Intro:অতুল বৰাৰ সংবাদ মেল ৷
যোৱা দিনকেইটাত ৰাজ্যখনত কেবক লৈ বিভিন্ন প্ৰতিবাদি কাৰ্যসুচী বিভিন্ন দল সংগঠনে কৰি আহিছে ৷ আমাৰ স্থিতিও স্পষ্ট ৷ আমি দলীয় বৈঠকত মিলিত হৈছো ৷ আমি যিকোনো গণতান্ত্ৰিক আন্দোলনক শ্ৰদ্ধা জনাও ৷ কেব সম্পৰ্কে গৃহ মন্ত্ৰীক জনাইছিলো ৷ আমি কেবৰ বিৰোধিতাত আছো ৷ পূৰ্বে আমি দল ত্যাগো কৰিছিলো ৷ ইয়াত এটা কথা নুই কৰিব নোৱাৰি যে কংগ্ৰেছৰ দৰে দল সমূহে মুনাফা লভৰ চেষ্ঠা চলাইছে ৷ বহুতে আমাক এই প্ৰতিবাদৰ পৰা আতৰি থকা বুলি কব বিছাৰিছে ৷ কিন্তু আমি কেতিয়াও কেবৰ সমৰ্থনত নাই ৷ এতিয়া আমি প্ৰধান মন্ত্ৰী গৃহ মন্ত্ৰীক লগ কৰিবলৈ যাম ৷ আৰু আইনী যুজ চলাই যাম ৷ ইতিমধ্য আমি এখন কমিতি গঠন কৰিছো ৷ ৰমেন্দ্ৰ নাৰায়ণ কলিতা কেশব মহন্ত ফনিভূষণ চৌধুৰীকে ধৰি বহুকেইজন থাকিব এই কমিতিখনত ৷ ইতিমধ্য আইনী যুজৰ হাহে আমাৰ এটা দল ৰাওনা হৈছে দিল্লীলৈ ৷

Body:অসম চুক্তিৰ ৬ নং দফা কৰ্যকৰী কৰিবলৈ যি এখন কমিতি গঠন কৰা হৈছিল সেই কমিতিয়ে এতিয়ালৈ প্ৰতিবেদন দাখিল কৰা নাই ৷
আমি আকৌ এবাৰ এই কমিতিৰ ন্যায়াধীশ বিপ্লৱ শৰ্মাক অনুৰোধ জনাম যে শীঘ্ৰে যাতে প্ৰতিবেদন দাখিল কৰে ৷
আমাৰ ইয়াতো ইনাৰ লাইন পাৰ্মিত দিয়া হওক তাৰ দাবী উত্থাপন কৰিছো ৷
এতিয়া আমি স্পষ্টকৈ জনাইছো যে ব্ৰহ্মপুত্ৰ উপত্যকাত যাতে আইনখন (কেব) প্ৰযোজ্য নহয় তাৰ বাবে কেন্দ্ৰীয় চৰকাৰক আবেদন জনাব ৷

প্ৰফুল্ল মহন্তৰ ভষ্য সন্দৰ্ভত অতুল বৰাৰ মন্তব্য ৷ প্ৰফুল্ল মহন্ত ডাঙৰিয়াই কেতিয়াও দলৰ ভিতৰত থাকি কথা নকয় ৷ মিচা আভূৱা ভাৰিছে প্ৰফুল্ল মহন্তই ৷ মিছা কথা কৈছে মহন্তই ৷ দলৰ নিজা নিয়ম আছে সেই নিয়ম অনুসৰি মহন্তৰ বিৰুদ্ধে আলোচনা কৰিম দলৰ মজিয়াত ৷ ৯ তাৰিখৰ আগত কেবৰ বিৰুদ্ধে কিয় ওলাই অহা নাছিল বুলি কৰা প্ৰশ্নৰ উত্তৰত অতুল বৰাৰ মন্তব্য যে আপুনি আমাক বল প্ৰয়োগ কৰিব নোৱাৰে ৷ দলে যেতিয়া সিদ্ধান্ত লয় তেতিয়াহে কাম কৰিব ৷

Conclusion:
বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কেবৰ বিৰোধিতা কৰি কিয় সপক্ষত ভোট দিলে?
কেশব মহন্তৰ উত্তৰ: NDA ৰ পৰা যিহেতু আমি ওলাই অহা নাই সেয়েহে NDAৰ চৰ্ত মতে সাংসদ বিৰেন বৈশ্যই ভোট দিছিল কেবৰ সপক্ষত ৷
Last Updated : Dec 15, 2019, 10:36 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.