গুৱাহাটী, 8 ডিচেম্বৰ: দীৰ্ঘদিনীয়া দাবী পূৰণৰ দাবীত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ মঙলবাৰে অসম চাহ জনজাতি ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷
প্ৰতিবাদকাৰী সকলে প্ৰকৃত চাহ জনজাতিৰ ছাত্র ছাত্ৰীৰ বাবে আসন সংৰক্ষনৰ দাবী উত্থাপন কৰাৰ লগতে প্ৰকৃত চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক MBBS, BDS আদি পাঠ্যক্ৰমত সংৰক্ষিত আসনত নাম ভৰ্তি নিশ্চিত কৰাৰো দাবী উত্থাপন কৰে ৷
ইয়াৰ লগতে ভুৱা জাতিগত প্ৰমানপত্ৰ সংগ্রহ কৰি অবৈধভাৱে সংৰক্ষিত আসন দখল কৰা সকলক তদন্ত কৰি শাস্তি প্ৰদানৰ বাবেও প্ৰতিবাদকাৰী সকলে দাবী জনায় ৷ উক্ত তিনি দফীয়া দাবীৰে বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰী সকলে আগন্তুক দিনত দাবী পূৰণ নকৰিলে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী আন্দোলন সাব্যস্ত কৰিব বুলি সকীয়াই দিয়ে ৷
লগতে পঢ়ক: আজাৰা আৰক্ষীৰ জালত দুই চোৰ