ETV Bharat / state

গড়চুক আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ দুই ATM চোৰ - গড়চুক আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ দুই ATM চোৰ

২২ অক্টোবৰৰ নিশা দুই গভাইত চোৰে শ্বিলঙৰ উমিয়ামত থকা এছ বি আইৰ  ATM ভাঙি নগদ ৩.১৫ লক্ষ টকা লৈ উধাও হৈছিল। সমগ্ৰ ঘটনা মেঘালয়ৰ এগৰাকী যুৱতীয়ে ATM টোৰ ওপৰত থকা ছাদৰ পৰা ম'বাইল কেমেৰাত আৱদ্ব কৰিছিল।

ৰফিকুল ইছলাম আৰু ছাইফুল ইছলাম
author img

By

Published : Oct 25, 2019, 3:32 PM IST

গুৱাহাটী, 25 অক্টোবৰ: ৰাজ্যৰ লগতে বহিৰাজ্যত এ টি এম ভাঙি টকা লুট কৰা চোৰৰ বিৰুদ্ধে গড়চুক আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুই ATM চোৰক। ২২ অক্টোবৰৰ নিশা দুই গভাইত চোৰে শ্বিলঙৰ উমিয়ামত থকা এছ বি আইৰ ATM ভাঙি নগদ ৩.১৫ লক্ষ টকা লৈ উধাও হৈছিল। সমগ্ৰ ঘটনা মেঘালয়ৰ এগৰাকী যুৱতীয়ে ATM টোৰ ওপৰত থকা ছাদৰ পৰা ম'বাইলৰ কেমেৰাত আৱদ্ব কৰিছিল।

গ্ৰেপ্তাৰ দুই ATM চোৰ

আনহাতে ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেটত আৰক্ষীৰ তালাচী চকীত চোৰদ্বয়ে ব্যৱহাৰ কৰা বলেৰ' বাহন খন ৰখাবলৈ চেষ্টা কৰিছিল যদিও সফল হ'ব নোৱাৰিলে। পৰৱৰ্তী সময়ত মেঘালয় আৰক্ষীয়ে গড়চুক আৰক্ষীৰ লগত যোগাযোগ কৰি বাহন খনৰ নম্বৰ পৰীক্ষা কৰিবলৈ দিয়াত গড়চুক আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি মহানগৰীৰ কটাহবাৰীত অভিযান চলাই গ্ৰেপ্তাৰ কৰে বৰপেটাৰ দুই ধৃত চোৰ ক্ৰমে ৰফিকুল ইছলাম আৰু ছাইফুল ইছলাম ।

জানিব পৰা মতে উক্ত চোৰ দুজন পেছাত গাড়ী চালক আৰু ৰাজ মিস্ত্ৰী ৷ আনহাতে আৰক্ষীৰ সন্মুখত ধৃত দুই চোৰে ঘটনাৰ লগত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে ৷ কিন্তু বৰ্তমান পলতক সেই লোক দুজন । গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ধৃত চোৰ দুজনক চমজাই দিয়ে মেঘালয় আৰক্ষীক ।

Intro:দুই এ টি এম চোৰ গ্ৰেপ্তাৰ গড়চুক আৰক্ষীৰ হাততBody:গুৱাহাটী, ২৫ অক্টোবৰ: ৰাজ্যৰ লগতে বহিৰাজ্যত এ টি এম ভাঙি টকা লুট কৰা চোৰৰ বিৰুদ্ধে গড়চুক আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুই ধৃত চোৰক। যোৱা ২২ অক্টোবৰৰ নিশা দুই গভাইত চোৰে শ্বিলঙৰ উমিয়ামত থকা এছ বি আই এ টি এম ভাঙি নগদ ৩.১৫ লক্ষ টকা AS01 DQ 9611 নম্বৰৰ বলেৰ বাহনখন লৈ উধাও হৈছিল। আৰু সেই সমগ্ৰ ঘটনা মেঘালয়ৰ এগৰাকী যুবতীয়ে এ টি এমৰ ওপৰত থকা ছাদৰ পৰা প্ৰত্যক্ষ কৰি সমগ্ৰ দৃশ্য যুৱতী গৰাকীৰ মোৱাইল কেমেৰাত আবদ্ব কৰিছিল। ৬নং ৰাষ্ট্ৰীয় ঘাইপথত থকা টোলগেট বলেৰ বাহন খন ৰখাবলৈ মেঘালয় আৰক্ষীয়ে চেষ্টা কৰিছিল যদিও পলায়ন কৰে দুৰ্বত্তই। পাছত মেঘালয় আৰক্ষীয়ে গড়চুক আৰক্ষীৰ লগত যোগাযোগ কৰি বাহন খনৰ নম্বৰ পৰীক্ষা কৰিবলৈ দিয়াত গড়চুক আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি মহানগৰীৰ কটাহবাৰীত অভিযান চলাই গ্ৰেপ্তাৰ কৰে বৰপেটাৰ দুই ধৃত চোৰ ক্ৰমে ৰফিকুল ইছলাম আৰু ছাইফুল ইছলাম পেছাত চালক আৰু ৰাজ মিস্ত্ৰী । আনহাতে আৰক্ষীৰ সন্মুখত ধৃত দুই চোৰে স্বীকাৰ কৰি কয় যে এই ঘটনাত তেওঁলোকৰ লগত আৰু দুজন লোক আছে। কিন্তু সেই লোক দুজন পলতক। গ্ৰেপ্তাৰিত দুই গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ধৃত চোৰদুজনক মেঘালয় আৰক্ষীৰ হাতত চমজাই দিয়ে।

উল্লেখযোগ্য যে দুই ধৃত চোৰে চোৰ কৰিব অনা বাহন খনৰ নম্বৰপ্লেট খুলি ৰাখিছিল।

Asrar Ansari
Guwahati
Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.