ETV Bharat / state

Hima Das Press Conference: বাৰ্মিংহামৰ অভিজ্ঞতা ব্যক্ত কৰিলে হিমা দাসে

"সময়ৰ মূল্যটো বুজি পাইছো । চেকেণ্ডৰ কিমান মূল্য সেয়া উপলব্ধি কৰিছো । খালী চকুৰে এই চেকেণ্ড মনিব নোৱাৰি। আমাক যিসকলে সমালোচনা কৰে তেওঁলোকে আমাৰ কিমান কষ্ট হয় দেখিলেহে গম পাব । কেতিয়াবা আমাৰ মুখৰে নাকেৰে তেজ ওলাই যায়"। বৃহস্পতিবাৰে ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসে গুৱাহাটীৰ হোটেল ভিভান্তাত আয়োজিত এক সংবাদমেল সম্বোধন কৰি এইদৰে মন্তব্য কৰে ৷

Athletics Hima Das Address a press conference at Taj Vivanta in Guwahati
সংবাদমেলত বাৰ্মিংহামৰ অভিজ্ঞতা ব্যক্ত কৰিলে হিমা দাসে
author img

By

Published : Aug 11, 2022, 8:10 PM IST

গুৱাহাটী, ১১ ‍আগষ্ট: খেলুৱৈ জীৱনৰ ক্ৰমাগত দ্বিতীয়খন কমনৱেলথ গেমছত অংশগ্ৰহনৰ পিছত বৃহস্পতিবাৰে গুৱাহাটীত আহি উপস্থিত হয় হিমা দাস (After CWG Hima Das in Guwahati )। পদক নাপালেও বাৰ্মিংহামত মহিলাৰ ২০০ মিটাৰ ইভেন্টত ছেমি ফাইনেলত সুন্দৰ প্ৰদৰ্শনেৰে ইতিহাস সৃষ্টি কৰিছিল হিমা দাসে ।

সংবাদমেলত বাৰ্মিংহামৰ অভিজ্ঞতা ব্যক্ত কৰিলে হিমা দাসে

মাইক্ৰ' ছেকেণ্ডৰ বাবে ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও হিমা দাসে গ্ৰেট ব্ৰিটেইনৰ ভূমিত দেখুৱাই দিছিল অসমীয়াৰ শক্তি । বৃহস্পতিবাৰে ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসে গুৱাহাটীৰ হোটেল ভিভান্তাত এখন সংবাদমেল সম্বোধন কৰে (Athletic Hima Das Address press conference at Taj Vivanta)। অসম এথলেটিকছ সন্থাই আয়োজন কৰা সংবাদমেলখনত হিমা দাসে বাৰ্মিংহামৰ অভিজ্ঞতা ব্যক্ত কৰে (Assam Athletics Association)।

হিমা দাসে কয় যে, "সময়ৰ মূল্যটো বুজি পাইছো । চেকেণ্ডৰ কিমান মূল্য সেয়া উপলব্ধি কৰিছো । খালী চকুৰে এই চেকেণ্ড মনিব নোৱাৰি । আঘাতটো খেলৰ ক্ষেত্ৰত থাকেই বুলি উল্লেখ কৰি তেওঁ কয় যে আঘাত হ'লেও খেলুৱৈয়ে যিকোনো ঔষধ খাব নোৱাৰে । ব্যায়াম কৰি ভাল কৰিব লগা হয় । য‍াৰ বাবে ধৈৰ্য শক্তি বেছি লাগে । নিজকে নিজে শক্তিশালী কৰিব লাগে "।

তেওঁ লগতে কয় যে "সকলোৱে সমালোচনা কৰিবই । সকলোতে পজিটিভ নিগেটিভ থাকে । ট্ৰ'ল নতুনকৈ ওলাইছে অসমত । সেইবোৰ বাদ দি কাম কৰি যাব লাগে । আমাক যিসকলে সমালোচনা কৰে তেওঁলোকে আমাৰ কিমান কষ্ট হয় দেখিলেহে গম পাব । কেতিয়াবা আমাৰ মুখৰে নাকেৰে তেজ ওলাই যায় "। প্ৰথমে সকলোৱে বোকা পানী দৌৰি আহিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে তাৰ পিছতহে সফলতা আহে । বাহিৰৰ খেলুৱৈ লগত আমাৰ একো পাৰ্থক্য নাই বুলি তেওঁ সদৰী কৰে ।

আনহাতে হিমা দাসৰ পৰৱৰ্তী লক্ষ্য হ'ল ২০২৪ চনৰ পেৰিছ অলিম্পিক । উল্লেখ যে হিমা দাসে মহিলাৰ ২০০ মিটাৰত দশম স্থান লাভ কৰিছিল । হিমা দাসৰ এইবাৰৰ কমনৱেলথ গেমছখন হ'ল ক্ৰমাগত দ্বিতীয়বাৰৰ কমনৱেলথ গেমছ ।

ইয়াৰ পূৰ্বে ২০১৮ চনৰ অষ্ট্ৰেলিয়াৰ গোল্ড কোষ্টত অনুষ্ঠিত একবিংশতিতম কমনৱেলথ গেমছত অংশ লৈ ষষ্ঠ স্থান লাভ কৰিছিল । এই সংবাদমেলত উপস্থিত আছিল অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ ।

লগতে পঢ়ক: AACHA Press Meet: অসমত লাহে লাহে কমি আহিছে চিনেমা হলৰ সংখ্যা; ইতিমধ্যে বন্ধ হৈছে ৮ টা চিনেমা হল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.