ETV Bharat / state

সাৰ পাইছে মন্ত্ৰী সিংহলে; মহানগৰীত প্ৰতিদিনে কমেও 10 খন ছুপাৰ ছাকাৰক কামত নিয়োজিত কৰাৰ নিৰ্দেশ

author img

By

Published : Jun 13, 2023, 7:51 PM IST

গুৱাহাটী পৌৰ নিগম আৰু জলসিঞ্চন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ ৷ পৰৱৰ্তী 6 মাহৰ ভিতৰত মহানগৰীৰ প্ৰতিটো ৱাৰ্ডৰ বাট-পথ জাৱৰমুক্ত কৰাৰ লগতে প্ৰতিদিনে কমেও 10 খন ছুপাৰ ছাকাৰ বাহনক কামত নিয়োজিত কৰাৰ নিৰ্দেশ ৷

Guwahati artificial flood issue
artificial flood in guwahati

গুৱাহাটী, 13 জুন: এতিয়া অত্যন্ত ব্যস্ত মন্ত্ৰী অশোক সিংহল ৷ ৰাতিপুৱা কাউৰীয়ে কা নকৰোতেই যদি খাৰঘূলীৰ পাহাৰত গৈ পানীৰ প্ৰকল্প পৰিদৰ্শন কৰেগৈ, তেন্তে তাৰ অলপ পিচতেই জু-তিনিআলিৰ জলবিস্ফোৰণথলী পাইগৈ মন্ত্ৰীগৰাকী ৷ তাৰ পিচত আকৌ দিছপুৰ ৷ মুঠতে সাংঘাতিক ব্যস্ত মন্ত্ৰী সিংহল ৷ আচলতে গুৱাহাটীৰ ধাৰাবাহিক জলবিস্ফোৰণ আৰু কৃত্ৰিম বানৰ বাবে সাংঘাতিকভাৱে সমালোচিত হৈছে মন্ত্ৰীজন ৷ সেয়ে তেওঁৰ এতিয়া তৰা-নৰা ছিগিছে ৷ সোমবাৰে মুখ্যমন্ত্ৰীক সাক্ষাতৰ পিছতে তেওঁ হৈ পৰিছে ছুপাৰ একটিভ ৷

  • Visited the site once again at Rajgarh & Gauhati Commerce College link road, where a drinking water pipe exploded earlier this morning.

    Assessed the ongoing restoration work and progress. Our efforts are on to restore the road, ensuring convenience for the public as soon as… pic.twitter.com/Wi3EovtwsX

    — Ashok Singhal (@TheAshokSinghal) June 12, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মঙলবাৰে পুৱাই গৈ খাৰঘূলীৰ জাইকা প্ৰকল্প আৰু জু-তিনিআলিৰ জলবিস্ফোৰণথলীত আকস্মিক ভিজিটৰ পিচত দুপৰীয়া দিছপুৰত এখন বিশেষ বৈঠকত অংশগ্ৰহণ কৰে ৷ গৃহ নিৰ্মাণ, নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে মঙলবাৰে তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক বৈঠকত গুৱাহাটী পৌৰ নিগমৰ কাম-কাজৰ পৰ্যালোচনা কৰে ৷

  • Earlier this morning, I visited the ongoing repair work at the site damaged by the drinking water pipe explosion on the road connecting Rajgarh and Guwahati Commerce College.

    Also have directed the officials to ensure the immediate completion of this repair work and provide… pic.twitter.com/jIEEE2Ak9g

    — Ashok Singhal (@TheAshokSinghal) June 13, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক: Guwahati Water pipe explosion: জনৰোষত পৰাৰ ভয়ত পুৱাই জলবিস্ফোৰণস্থলী পৰিদৰ্শন মন্ত্ৰী সিংহলৰ

নিগমৰ গোটা আৱৰ্জনা নিষ্কাশন ব্যৱস্থাপনাৰ শেহতীয়া স্থিতিৰ বুজ লোৱাৰ লগতে আৱৰ্জনা সংগ্ৰহৰ কামত নিয়োজিত বেচৰকাৰী সংস্থা, আত্মসহায়ক গোট তথা ৱাৰ্ড উন্নয়ন সমিতিসমূহৰ বাবে পৌৰ নিগমে প্ৰস্তুত কৰা খচৰা এছ অ’ পি সন্দৰ্ভতো এই বৈঠকত আলোচনা কৰে ৷ পৰৱৰ্তী 6 মাহৰ ভিতৰত গুৱাহাটী মহানগৰীৰ সমগ্ৰ 60 টা ৱাৰ্ডৰ সকলো পথ যাতে মুকলিভাৱে পৰি থকা জাবৰ-জোঁথৰৰ পৰা মুক্ত হয় তাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ পৌৰ নিগমৰ আয়ুক্তক নিৰ্দেশ দিয়ে ৷

  • Today, visited & inspected the water supply project under JICA at Kharghuli. The negligence of the people in charge of managing this important project is by no means acceptable.

    Appropriate action will be taken on this matter. pic.twitter.com/fMpeRmrPSD

মহানগৰীৰ বিভিন্ন অঞ্চলত নলা-নৰ্দমাৰ পৰা বোকা নিষ্কাশনৰ কামত নিয়োজিত ছুপাৰ ছাকাৰ মেচিনসমূহৰ পৰিচালনাৰ সৈতে জড়িত বিষয়া আৰু ঠিকাদাৰসকলৰ সৈতেও আজিৰ বৈঠকত মন্ত্ৰীগৰাকীয়ে আলোচনাত মিলিত হয় ৷ সংশ্লিষ্ট এলেকাৰ অভিযন্তাসকলক তৎকালে এতিয়াও পৰিষ্কাৰ নোহোৱা নলাৰ তালিকা জমা দিবলৈ নিৰ্দেশ দিয়াৰ লগতে প্ৰতিদিনে কমেও 10 খন ছুপাৰ ছাকাৰ বাহনক কামত নিয়োজিত কৰাটো সুনিশ্চিত কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে ৷

লগতে পঢ়ক: Kharghuli pipe blast: সুমিত্ৰা ৰাভাৰ পৰিয়ালক 3 লাখ টকাৰ চেক প্ৰদান মন্ত্ৰী সিংহলৰ; পূৰ্বে দিছিল 2 লাখ

বৈঠকত গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব আৰু পৌৰ নিগমৰ আয়ুক্তও উপস্থিত থাকে ৷ জলসিঞ্চন বিভাগৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত আজিৰ দিনটোৰ আন এখন বৈঠকত মন্ত্ৰী সিংহলে জলসিঞ্চন বিভাগৰ শেহতীয়া কাম-কাজসমূহৰ পৰ্যালোচনা কৰে ৷ বিভাগটোৰ বিভিন্ন শাখাৰ অতিৰিক্ত মুখ্য অভিযন্তাসকলক নিয়মীয়াকৈ ক্ষেত্ৰ ভ্ৰমণ কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে ৷

মন্ত্ৰী সিংহলৰ এই বৈঠক আৰু নিৰ্দেশ কিমান দূৰ কাৰ্যকৰী হয় সেয়া এক বহুমূলীয়া প্ৰশ্ন ৷ সাময়িকভাৱে ডেমেজ কণ্ট্ৰলৰ বাবে নে প্ৰকৃতাৰ্থত মন্ত্ৰী সিংহলৰ ব্যস্ততা বাঢ়িছে সেয়াও হ’ব লক্ষণীয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.