গুৱাহাটী,3 জুনঃ সমগ্ৰ বিশ্ব জুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা মহামাৰীয়ে ভাৰততো লৈছে ভয়ংকৰ ৰূপ । কিন্তু ইয়াৰ মাজতে এটা ভাল বাৰ্তা দিছে অসমৰ এগৰাকী জ্যোতিষীয়ে । গুৱাহাটীৰ আগশাৰীৰ জ্যোতিষী লীলা মাধৱ শইকীয়াই ইটিভি ভাৰতক জনোৱা অনুসৰি কৰ'ণা মহামাৰীয়ে বৃদ্ধি কৰিব বিশ্ব ৰাজনীতিত ভাৰতৰ প্ৰতিপত্তি । জ্যোতিষী লীলা মাধৱ শইকীয়াই কয়,"কৰ'ণা মহামাৰীয়ে বিশ্বত ভাৰতৰ প্ৰতিস্থা,সংস্কৃতি আৰু ব্যৱসায় বাণিজ্য বৃদ্ধি কৰিব।"
লগতে তেওঁ কয়,"কৰ'ণাৰ আৰম্ভণি ২০১৯ চনৰ ডিচেম্বৰ মাহৰ সূৰ্য গ্ৰহণৰ সময়ৰ পৰা হৈছিল আৰু ইয়াৰ প্ৰভাৱ ২০২০ চনৰ ছেপ্টেম্বৰ মাহলৈ থাকিব । আগন্তুক জুলাই মাহত হ'ব লগা সূৰ্য গ্ৰহণৰ পাছৰ পৰা লাহে লাহে এই ৰোগত মৃত্যুৰ সংখ্যা কমি আহিব আৰু ছেপ্টেম্বৰৰ পাছতে ইয়াৰ প্ৰতিষেধক ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে" ৷
লগতে চাওকঃ মৰিগাঁও আৰক্ষীৰ দিন দুপৰতে ধন সংগ্ৰহ ৰাজপথত