ETV Bharat / state

ASTC running at loss: বৃহৎ কোটিৰ লোকচানত চলিছে অসম ৰাজ্যিক পৰিবহণ নিগম - ASTC running at loss

মৃত্যুৰ ক্ষণ গণিছে অসম ৰাজ্যিক পৰিবহন নিগমে ৷ প্ৰায় মৃতপ্ৰায় অৱস্থাতহে চলি আছে ৰাজ্যিক পৰিবহণ নিগম (ASTC is in loss) ৷

ASTC is in loss
অসম ৰাজ্যিক পৰিবহণ নিগমৰ দুৰৱস্থা
author img

By

Published : Apr 11, 2023, 9:03 PM IST

Updated : Apr 11, 2023, 9:24 PM IST

গুৱাহাটী, ১১ এপ্ৰিল : ৰাজ্যৰ পৰিবহণ ব্যৱস্থাৰ একমাত্ৰ ৰাজহুৱা প্ৰতিষ্ঠান হ’ল ASTC অৰ্থাৎ অসম ৰাজ্যিক পৰিবহণ নিগম ৷ পৰিবহণ নিগমটোৱে এতিয়া যেন মৃত্যুৰ ক্ষণ গণিছে ৷ সম্প্ৰতি ভয়ংকৰ লোকচানত চলিছে এসময়ৰ ৰাজ্যখনৰ একমাত্ৰ ৰাজহুৱা পৰিবহণৰ ভৰসাৰ থলী স্বৰূপ ৰাজ্যিক পৰিবহণ নিগম ৷ প্ৰায় ৬৩৮ কোটি টকাৰ লোকচান ভৰি চলি আছে পৰিবহণ নিগমটো (ASTC running at a loss) ৷

অসম চৰকাৰে দাঙি ধৰা এক তথ্যত সদৰি হৈছে এই ভয়ংকৰ তথ্য ৷ বৰ্তমান এ এছ টি চিৰ অধীনত সমগ্ৰ অসমত যিমান বাছ ৰাজপথত চলি আছে তাৰ প্ৰায় আধা সংখ্যক বাছ অচল হৈ পৰি আছে ৷ ৰাজ্যখনত মাত্ৰ ৬১৫ খন বাছহে কাৰ্যক্ষম হৈ ৰাজপথত চলি আছে ৷ বিপৰীতে নিগমৰ অধীনস্থ ৯৩৬ খন বাছৰ ৩২১ খন বাছ বিকল হৈ পৰি আছে ৷

ASTC is in loss
অসম ৰাজ্যিক পৰিবহণ নিগমৰ দুৰৱস্থা

অসম ৰাজ্যিক পৰিবহণ নিগম মুঠ ৬৪৮৮৮৯২১৫৮.০০ টকাৰ লোকচানত চলি আছে ৷ যোৱা বছৰৰ ৩১ ডিচেম্বৰ পৰ্যন্ত চৰকাৰে দিছিল এই হিচাব ৷ অসম চৰকাৰৰ পৰিবহণ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সদৰি কৰা তথ্য এইয়া ৷ ২০১৬ চনৰ পৰা ২০২২ ৰ ৩১ ডিচেম্বৰলৈ অসম পৰিবহণ নিগমৰ গাণনিকৰ লাভ-লোকচানৰ তথ্যই নিগমটোৰ মৃত্যুমুখী ছবি দাঙি ধৰিছে ৷ চৰকাৰৰ তৰফৰ পৰা বৃহৎ পৰিমাণৰ সাহাৰ্যক ৰাজহত যোগ কৰাৰ পিচতো মুঠ ৬৪৮৮৮৯২১৫৮.০০ টকাৰ লোকচান হৈছে পৰিবহণ নিগমটোৰ (ASTC is in loss) ৷

স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয় ইমান বৃহৎ লোকচান সোনকালে পূৰণ কৰিবলৈ সক্ষম হ’বনে অসম ৰাজ্যিক পৰিবহণ নিগম ? কিয়নো পৰোক্ষভাৱে পৰিবহণ নিগমৰ অধীনত ৰাজ্যৰ বিভিন্ন পথত চলি থকা ১২৭৪ খন ব্যক্তিগত মালিকাধীন বাছৰ ওপৰতে বেছিকৈ নিৰ্ভৰশীল নিগমটো ৷ শেহতীয়াকৈ CNG বাছ সুকলমে কিনি চলাব নোৱাৰি বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে এ এছ টি চি ৷ এনেদৰে ধাৰাবাহিক লোকচানত চলি থাকিলে অসম পৰিবহন নিগমৰ গঁড়ৰ ছবি থকা ৰঙা ৰঙৰ বাছবোৰ যে সোনকালেই অতীত হৈ পৰিব সেয়া নিশ্চিত ৷

লগতে পঢ়ক : TMC criticizes Assam govt: স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় প্ৰাদেশিকীকৰণৰ দাবী অসম তৃণমূল কংগ্ৰেছৰ

Last Updated : Apr 11, 2023, 9:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.