ETV Bharat / state

নাৰেংগী ছাত্ৰ সন্থাৰ কাৰ্যালয় আৰু পূৱ গুৱাহাটী প্ৰেছ ক্লাব লণ্ডভণ্ড - পূৱ গুৱাহাটী প্ৰেছ ক্লাব

ধ্বসস্তূপত পৰিণত হ'ল মহানগৰীৰ নাৰেংগীস্থিত আছুৰ কাৰ্যালয় আৰু পূৱ গুৱাহাটী প্ৰেছ ক্লাব । বৃহস্পতিবাৰে নিশা দুৰ্বৃত্তই কাৰ্যালয় ভাঙি সকলো সামগ্ৰী লণ্ডভণ্ড কৰে । দুৰ্বৃত্তক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদানৰ দাবী নাৰেংগী ছাত্ৰ সন্থাৰ ।

নাৰেংগী ছাত্ৰ সন্থাৰ কাৰ্যালয় আৰু পূৱ গুৱাহাটী প্ৰেছ ক্লাব লণ্ডভণ্ড

author img

By

Published : Dec 25, 2020, 2:20 PM IST

গুৱাহাটী, ২৫ ডিচেম্বৰ: মহানগৰীৰ নাৰেংগীত বৃহস্পতিবাৰে নিশা দুৰ্বৃত্তই লক্ষ্য কৰি ল’লে ছাত্ৰসন্থাৰ কাৰ্যালয় আৰু প্ৰেছ ক্লাৱ ৷ নিশা দুৰ্বৃত্তই কাৰ্যালয়টো ভাঙি পেলোৱাৰ লগতে কাৰ্যালয়ৰ ভিতৰৰ সামগ্ৰীও লণ্ডভণ্ড কৰে । সম্প্ৰতি ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । ঘটনাৰে জড়িত দুৰ্বৃত্তক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ছাত্ৰ সন্থাৰ সদস্যসকলে । পুনৰ কাৰ্যালয়টো মেৰামতি কৰাৰ বাবে এতিয়া ব্যস্ত হৈ পৰিছে সংগঠনটোৰ সদস্যসকল ।

নাৰেংগী ছাত্ৰ সন্থাৰ কাৰ্যালয় আৰু পূৱ গুৱাহাটী প্ৰেছ ক্লাব লণ্ডভণ্ড

দুৰ্বৃত্তই কাৰ্যালয়ৰ চটাই বেৰবোৰ ভাঙি পেলোৱাৰ লগতে বেনাৰো তলত পেলাই থৈ গৈছে । কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, কোনে আৰু কিয় ছাত্ৰ সন্থাৰ কাৰ্যালয় আৰু প্ৰেছ ক্লাব লণ্ডভণ্ড কৰিলে ? পৰৱৰ্তী সময়ত আৰক্ষীয়ে দুৰ্বৃত্ত কৰায়ত্ত কৰিবলৈ সক্ষম হ'ব নে নাই সেয়াহে লক্ষণীয় হ'ব । আনহাতে, ছাত্ৰ সন্থাৰ বিষয়ববীয়াই অভিযোগ তুলিছে যে, পূৰ্বেও একে দুৰ্বৃত্তই সংগঠনটোৰ কাৰ্যালয় লণ্ডভণ্ড কৰিছিল ।

PLEASE CHANGE THUMBNAIL IMAGE

লগতে পঢ়ক:মহাবিদ্যালয়ৰ অধ্যক্ষক হত্যাৰ ভাবুকিৰে চাকৰি নিয়মীয়াকৰণৰ দাবী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.