ETV Bharat / state

CM Vigilance: আয়কৰ বিভাগৰ সহকাৰী আয়ুক্তৰ গৃহত উদ্ধাৰ 65 লক্ষাধিক টকা

author img

By

Published : May 18, 2023, 10:58 PM IST

পুনৰ উৎকোচ লৈ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ জালত পৰিল ঘোচখোৰ, খঁকুৱা চৰকাৰী বিষয়া ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী তদৰাকী কোষে উৎকোচ লোৱাৰ সময়তে হাতে-লোটে আটক কৰে অসম চৰকাৰৰ আয়কৰ বিভাগৰ সহকাৰী আয়ুক্ত মিনাক্ষী কাকতি কলিতাক ৷ গুৱাহাটীৰ কৰ ভৱনত উৎকোচ লৈছিল মিনাক্ষী কাকতি কলিতাই (CM Vigilance Arrested Minakshi Kakati Kalita) ৷

CM Vigilance Arrested Minakshi Kakati Kalita
মুখ্যমন্ত্ৰী তদাৰকী কোষৰ জালত পৰিল ঘোচখোৰ আয়কৰ বিভাগৰ সহকাৰী আয়ুক্ত

নিউজ ডেস্ক, 18 মে’: চৰকাৰী ধনেৰেও খঁক নপলায় একাংশৰ ৷ এইবাৰ পুনৰ উৎকোচ লৈ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ জালত পৰিল ঘোচখোৰ, খঁকুৱা চৰকাৰী বিষয়া ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী তদৰাকী কোষে উৎকোচ লোৱাৰ সময়তে হাতে-লোটে আটক কৰে অসম চৰকাৰৰ আয়কৰ বিভাগৰ সহকাৰী আয়ুক্ত মিনাক্ষী কাকতি কলিতাক ৷ গুৱাহাটীৰ কৰ ভৱনত উৎকোচ লৈছিল মিনাক্ষী কাকতি কলিতাই ৷ উল্লেখ্য যে, GSTৰ অনলাইন কামকাজ পুনৰাই সক্ৰিয় কৰাৰ বাবদ উৎকোচ লৈছিল এইগৰাকী খঁকুৱা মিনাক্ষী কলিতাই (CM Vigilance Arrested Minakshi Kakati Kalita) ৷

ইফালে, মিনাক্ষী কলিতাক আটক কৰাৰ পাচতেই তেওঁৰ গৃহতো অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে ৷ এই অভিযানৰ সময়তে মিনাক্ষী কাকতি কলিতাৰ গৃহৰ পৰা জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ধন ৷ দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে জব্দ কৰে মুঠ 65 লাখ 37 হাজাৰ 500 টকা ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰু অধিক অভিযান অব্যাহত ৰখাৰ কথা টুইটযোগে সদৰী কৰিছে দুৰ্নীতি নিবাৰক শাখাই (Anti corruption brunch operation) ৷

  • Ref: Arrest of Minakshi Kakati Kalita, Asstt. Commissioner of State Tax. During search, an amount of Rs. 65,37,500/-( sixty five lakhs thirty seven thousand five hundred) has been recovered from her house. Further search is underway. @CMOfficeAssam @assampolice @surendrakr_ips pic.twitter.com/LiOEKjA9Wn

    — Directorate of Vigilance & Anti-Corruption, Assam (@DIR_VAC_ASSAM) May 18, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

সৰয়হৰ ডুলিতেই ভূল ওলোৱাৰ দৰে ৰাজ্যৰ চৰকাৰী কাৰ্যালয় এইদৰেই ভৰি পৰিছে একাংশ ঘোচখোৰ বিষয়া-কৰ্মচাৰী (CM Vigilance) ৷ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ব্যাপক ৰূপত অভিযান চলি থকাৰ পাচতো গা লৰা নাই একাংশৰ ৷ সহজে ধন ঘটাৰ লক্ষ্যৰে দুৰ্নীতিত নিমজ্জিত হৈ পৰিছে মিনাক্ষী কাকতি কলিতাৰ দৰে বিয়াগোম চৰকাৰী বিষয়া (Asst Commissioner of State Tax Arrested in) ৷

আনহাতে আজিৰ দিনটোতে উৎকোচ লৈ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ জালত পৰিল ঘোচখোৰ লাট মণ্ডল ৷ কামৰূপ গ্ৰাম্য জিলাৰ অন্তৰ্গত, নগৰবেৰা ৰাজহ চক্ৰৰ লাট মণ্ডল মহেন্দ্ৰ নাথক উৎকোচ লোৱাৰ সময়তে হাতে-লোটে আটক কৰে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ৷ মাটিৰ পট্টা সম্বন্ধীয় কামত এনেদৰে চাৰি হাজাৰ টকা উৎকোচ লৈ আটক হ’ল ঘোচখোৰ লাট মণ্ডল মহেন্দ্ৰ নাথ (Kar Bhawan)৷

লগতে পঢ়ক: Lat Mandal arrested: ৪ হাজাৰ টকাৰ ঘোচ লৈ হাত দাঙিলে লাট মণ্ডলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.