ETV Bharat / state

ছাত্ৰীক অশ্লীল মেছেজ দিয়াৰ অভিযোগত নিলম্বিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক

author img

By

Published : Sep 30, 2021, 12:40 PM IST

গুৱাহাটী বিশ্ববিদ্যালয়(Gauhati University)ৰ হিন্দী বিভাগ(Hindi Department)ৰ সহকাৰী অধ্যাপক অমিত পাণ্ডে(Amit Pandey)ৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন ৷ বিশ্ববিদ্যালয়ত অধ্যয়নৰত বহু ছাত্ৰীলৈ হোৱাটছ এপ আৰু ফেচবুকযোগে অশ্লীল বাৰ্তা প্ৰেৰণৰ অভিযোগ তোলা হৈছে ৷ ঘটনা সন্দৰ্ভত তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে অধ্যাপকগৰাকীক নিলম্বন কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷

assistant-professor-of-gauhati-university-amit-pandey-suspended
নিলম্বিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক

গুৱাহাটী, 30 ছেপ্তেম্বৰ : পুনৰ বিৰ্তকত গুৱাহাটী বিশ্ববিদ্যালয়(Gauhati University) । বিশ্ববিদ্যালয়খনৰ সহকাৰী অধ্যাপকৰ বিৰুদ্ধে এগৰাকী ছাত্ৰীক অশ্লীল বাৰ্তা প্ৰেৰণৰ অভিযোগ উত্থাপন হৈছে । বিশ্ববিদ্যালয়খনৰ হিন্দী বিভাগ(Hindi Department)ৰ সহকাৰী অধ্যাপক অমিত পাণ্ডে(Amit Pandey)ৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভমিযোগ ৷

অভিযোগ অনুসৰি, বিশ্ববিদ্যালয়ত অধ্যয়নৰত বহু ছাত্ৰীলৈ হোৱাটছ এপ আৰু ফেচবুকযোগে অশ্লীল বাৰ্তা প্ৰেৰণ কৰে অধ্যাপকগৰাকীয়ে । এই সন্দৰ্ভত বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা(GU Post Graduate Students Union)ই উপাচাৰ্যক প্ৰদান কৰে এখন স্মাৰক পত্ৰ ।

ছাত্ৰ একতা সভাৰ সভাপতি উল্লাহ উদ্দীপ্ত বৰা আৰু সাধাৰণ সম্পাদক পাৰ্শ্ব পাটগিৰিয়ে উপাচাৰ্যক স্মাৰক পত্ৰ প্ৰদান কৰি সমগ্ৰ বিষয়টো তদন্ত কৰিবলৈ এখন বিশেষ কমিটি গঠনৰ দাবী জনাইছে । কমিটিখনত ছাত্ৰ প্ৰতিনিধি থাকিব লাগিব বুলিও উল্লেখ কৰা হৈছে । ইফালে অধ্যাপক পাণ্ডেক বিশ্ববিদ্যালয়খনত প্ৰৱেশ নিষিদ্ধ কৰিছে স্নাতকোত্তৰ ছাত্ৰ সন্থাই ।

তদন্তৰ অন্তত দোষী প্ৰমাণিত হ’লে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ লগতে শিক্ষাৰ্থীসকলে । ইফালে ঘটনা সন্দৰ্ভত তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে ইতিমধ্যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিলম্বন কৰিছে অভিযুক্ত অধ্যাপকগৰাকীক । পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত অধ্যাপকগৰাকীক নিলম্বন কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : কৰ’ণাত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালৰ কাষত মন্ত্ৰী অশোক সিংঘাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.