ETV Bharat / state

ISSF World Cup 2023: শ্বুটিং বিশ্বকাপৰ বাবে নিৰ্বাচিত অসম সন্তান হৃদয় হাজৰিকা - ISSF World Cup

ৰাজ্যৰ ক্ৰীড়া জগতৰ বাবে আন এক ভাল খবৰ ৷ ইজিপ্তত অনুষ্ঠিত হ’ব লগা ISSF World Cup 2023ত ভাৰতীয় দলটোত অন্তৰ্ভুক্ত হৈছে সুযোগ্য অসম সন্তান হৃদয় হাজৰিকা ৷ ইতিমধ্যেই বিশ্বৰ ক্ৰীড়া জগতত এগৰাকী তাৰকা শ্বুটাৰ হিচাপে পৰিচিত হৈ পৰিছে হৃদয় হাজৰিকাৰ নাম ৷

ISSF World Cup 2023
শ্বুটিং বিশ্বকাপৰ বাবে নিৰ্বাচিত অসম সন্তান হৃদয় হাজৰিকা
author img

By

Published : Jan 20, 2023, 3:31 PM IST

Updated : Jan 20, 2023, 3:37 PM IST

নিউজ ডেস্ক, 20 জানুৱাৰী: অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে আহিছে আৰু এটা ভাল খবৰ ৷ আগন্তুক শ্বুটিং বিশ্বকাপত ভাগ ল'বলগীয়া ভাৰতীয় দলটোত অন্তৰ্ভুক্ত হৈছে ইতিমধ্যে তাৰকা শ্বুটাৰৰূপে পৰিচিত হৈ পৰা সুযোগ্য অসম সন্তান হৃদয় হাজৰিকাই(Shooter Hriday Hazarika) ৷

ইজিপ্তৰ কাইৰোত অনুষ্ঠিত হ'ব আই এছ এছ এফ বিশ্বকাপ(ISSF World Cup 2023) ৷ এই বিশ্বকাপ অনুষ্ঠিত হ'ব আগন্তুক ফেব্ৰুৱাৰী মাহত ৷ ইতিমধ্যে দেশৰ এগৰাকী আগশাৰীৰ শ্বুটাৰ হিচাপে পৰিচিত হৈ পৰা হৃদয় হাজৰিকাই বিশ্বকাপত ভাৰতীয় দলৰ হৈ একক, দলীয় আৰু মিক্সড ছিনিয়ৰ শাখাত অংশগ্ৰহণ কৰিব ৷

সম্প্ৰতি নতুন দিল্লীৰ নেচনেল চেন্টাৰ অৱ এক্সিলেন্সত(National Centre of Excellence) প্ৰশিক্ষক দীপক কুমাৰ ডুবেৰ তত্ত্বাৱধানত প্ৰশিক্ষণ লৈ থকা হৃদয় হাজৰিকা এতিয়া দিনে-নিশাই ব্যস্ত হৈ পৰিছে আগন্তুক বিশ্বকাপৰ বাবে নিজকে শক্তিশালী ৰূপত সাজু কৰি তোলাত ৷ উল্লেখযোগ্য যে, আগন্তুক বিশ্বকাপত মিক্সড শাখাত হৃদয়ৰ সহযোগী হিচাপে থাকিব দেশৰ আন এগৰাকী আগশাৰীৰ শ্বুটাৰ তিলোত্তমা সেন ৷

ক্ৰীড়াপ্ৰেমীৰ অৱগত যে, ইতিমধ্যে 16 টাকৈ জুনিয়ৰ আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰা আৰু তিনিটাকৈ বিশ্ব অভিলেখৰ গৰাকী হৃদয় হাজৰিকা সম্প্ৰতি শ্বুটিঙৰ ভাৰতীয় ৰেংকিঙত শীৰ্ষ স্থানত আছে ৷ শ্বুটিঙৰ ক্ষেত্ৰখনত হৃদয় হাজৰিকাই হৈছে একমাত্ৰ অসমীয়া খেলুৱৈ, যিয়ে ইমানখিনি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে(Assam shooter Hriday Hazarika) ৷

স্মৰ্তব্য যে, 2022 বৰ্ষৰ নবেম্বৰ মাহত কেৰালাত অনুষ্ঠিত হোৱা 65 সংখ্যৰ ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত(National shooting championship) পুৰুষৰ 10 মিটাৰ শাখাত চিলভাৰ মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল হৃদয় হাজৰিকাই ৷ 2017 বৰ্ষতো জাপানৰ টকিয়ত অনুষ্ঠিত হোৱা দশম এছিয়ান এয়াৰ গান চেম্পিয়নশ্বিপতো সোণৰ মেডেল লাভ কৰিছিল শ্বুটাৰগৰাকীয়ে ৷

2017 চনতেই যুৱ খেলুৱৈগৰাকীয়ে নতুন দিল্লীত অনুষ্ঠিত হোৱা ISSF World Cupতো অংশগ্ৰহণ কৰিছিল ৷ 2020 বৰ্ষতো তৃতীয় ‘খেলো ইণ্ডিয়া ইউথ গেমছ’ত অংশলৈ ৰূপৰ পদক লাভ কৰিছিল হৃদয় হাজৰিকাই ৷

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ নিবাসী হৃদয় হাজৰিকাই পোন প্ৰথমবাৰৰ বাবে 2013 চনত লখিমপুৰৰ পথালি পাহাৰস্থিত শংকদেৱ মহাবিদ্যালয়ৰ শ্বুটিং ৰেঞ্জত 10 মিটাৰ এয়াৰ ৰাইফল শিক্ষাৰ প্ৰশিক্ষণ গ্ৰহণ কৰে ৷ আনহাতে, 2016চনত ইৰাণৰ তেহৰাণত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰে ৷ ধাৰাবাহিকভাৱে এই দৰেই খেলুৱৈগৰাকীয়ে আঁজুৰি আনিবলৈ সক্ষম হৈছে বিজয়ৰ খিতাপ আৰু বিশ্বৰ ক্ৰীড়াজগতত এক চিনাকি নাম হৈ পৰিছে হৃদয় হাজৰিকা ৷

লগতে পঢ়ক: Skeletons recovered at Bihpuria: মাছ ধৰিবলৈ যাওঁতেই পুখুৰীৰ পৰা উদ্ধাৰ নৰ কংকাল

Last Updated : Jan 20, 2023, 3:37 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.