ETV Bharat / state

Modernisation of Police Force: আৰক্ষীৰ আধুনিকীকৰণৰ নামত অসমক বঞ্চনা কেন্দ্ৰৰ

পাঁচ বছৰত অসমৰ বাবে ধাৰ্য কৰা ১১৯.৪১ কোটি টকাৰ বিপৰীতে মোকলাই দিয়া হ'ল মাত্ৰ ১৮.৫৮ কোটি টকা । আৰক্ষী আধুনিকীকৰণৰ বাবে বাজেটত ধার্য কৰা পুঁজিৰ মাত্ৰ ২২ শতাংশহে মোকলাই দিলে কেন্দ্ৰই ।

Etv Bharat
Etv Bharat
author img

By

Published : Aug 18, 2023, 4:12 PM IST

Updated : Aug 18, 2023, 4:57 PM IST

গুৱাহাটী,১৮ আগষ্ট: আৰক্ষীৰ আধুনিকীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ধাৰ্য কৰা পুঁজি লাভৰ পৰা বঞ্চিত হৈছে অসম । লক্ষণীয় বিষয় যে অসম আৰক্ষীক সকলো দিশৰ পৰা সৱল আৰু কৰ্মদক্ষ কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ সময়ত কেন্দ্ৰীয় চৰকাৰৰ বঞ্চনাৰ ছবিখন উন্মোচিত হৈছে ।

Modernisation of Police Force
আৰক্ষীৰ আধুনিকীকৰণৰ নামত অসমক বঞ্চনা কেন্দ্ৰৰ

লোকসভাৰ মজিয়াত কেন্দ্ৰীয় গৃহ বিভাগৰ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে দাখিল কৰা তথ্যৰ পৰাই এই কথা পোহৰলৈ আহিছে । তথ্য অনুসৰি বিগত পাঁচটা বিত্তীয় বৰ্ষত কেন্দ্ৰই আৰক্ষী আধুনিকীকৰণৰ নামত অসমৰ বাবে মুঠ ১১৯.৪১ কোটি টকা ধার্য কৰিছিল । কিন্তু ধাৰ্য কৰা এই পুঁজিৰ বিপৰীতে কেন্দ্ৰই মোকলাই দিলে মাত্ৰ ১৮.৫৮ কোটি টকা ।

Modernisation of Police Force
কেন্দ্ৰৰ পৰা পৰ্যাপ্ত পুঁজি লাভ কৰা নাই কেন্দ্ৰই

অর্থাৎ আৰক্ষী আধুনিকীকৰণৰ বাবে বাজেটত ধার্য কৰা পুঁজিৰ মাত্ৰ ২২ শতাংশহে কেন্দ্ৰই মোকলাই দিছে । অসমৰ বাবে পাঁচ বছৰত ধার্য কৰা ১১৯.৪১ কোটি টকাৰ ১০০.৮৩ কোটি টকাই মোকলাই নিদিলে কেন্দ্ৰীয় চৰকাৰে ।

Modernisation of Police Force
বৰ্তমান সময়ত অসমত ৩২৯ খন থানা আছে

তথ্য অনুসৰি ২০১৮-১৯ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় গৃহ বিভাগে আৰক্ষী আধুনিকীকৰণৰ নামত অসমৰ বাবে ধার্য কৰিছিল ২৮.৫৭ কোটি টকা । ইয়াৰ বিপৰীতে মোকলাই দিছিল মাত্ৰ ৫.৬৭ কোটি টকা । ইফালে দুটা বিত্তীয় বৰ্ষ ক্ৰমে ২০১৯-২০ আৰু ২০২০-২১ বৰ্ষত অসমৰ বাবে ২৬.৪ কোটি টকাকৈ ধার্য কৰা হৈছিল যদিও কোনো পুঁজি মোকলাই নিদিলে ।

অসমৰ  ১২৬ খন থানাত নাই টেলিফোন সেৱা
অসমৰ ১২৬ খন থানাত নাই টেলিফোন সেৱা

আনহাতে ২০২১-২২ বিত্তীয় বৰ্ষত ২৬.৪ কোটি টকা ধার্য কৰা হৈছিল যদিও মোকলাই দিলে মাত্ৰ ৯.৩৬ কোটি টকা । ২০২২-২৩ বিত্তীয় বৰ্ষত অসম আৰক্ষীৰ আধুনিকীকৰণৰ বাজেট হ্ৰাস কৰি ১১.৬৪ কোটি টকা কৰা হৈছিল । কিন্তু বাজেট হ্ৰাস কৰাৰ পাছতো সমুদায় ধন মোকলাই নিদিলে । মোকলাই দিলে মাত্ৰ প্ৰায় চাৰি কোটি টকা । অসমৰ প্ৰতি কেন্দ্ৰৰ এনে অবহেলাৰ পৰিণতিতে ৰাজ্যৰ আৰক্ষী থানাসমূহৰ অৱস্থা আজিও অত্যন্ত পুতৌজনক হৈ আছে ।

লক্ষণীয় বিষয় যে দেশৰ আন ৰাজ্যৰ তুলনাত অসমত থানাৰ সংখ্যা যথেষ্ট কম । বৰ্তমান সময়ত অসমত ৩২৯ খন থানা আছে । ইয়াৰ বিপৰীতে চুবুৰীয়া ৰাজ্য পশ্চিমবংগত ৬৩৭ খন থানা থকাৰ বিপৰীতে পূব ভাৰতৰ বিহাৰত ১০৫৬ খন, ঝাৰখণ্ডত ৫৬৪ খন, ওড়িশাত ৬৪৩ খন আৰু ছত্তীশগড়ত ৪৫৬ খন থানা আছে ।

আনহাতে অসমৰ প্ৰতিখন থানাত কমেও এখন গাড়ী আৰু চি চি কেমেৰা আছে যদিও ১২৬ খন থানাত নাই টেলিফোন সেৱা । সেইদৰে অসমৰ ৩২৯ খন থানাত আছে মুঠ ২৬৬ টা কম্পিউটাৰ । অর্থাৎ কোনোবা থানাত একাধিক কম্পিউটাৰ আছে যদিও বহুতো থানাত নাই এটাও কম্পিউটাৰ ।

ৰাজ্যখনত চাইবাৰ ক্ৰাইম বৃদ্ধি পোৱাৰ উপৰি অপৰাধৰ ধৰণো সলনি হ'ব ধৰিছে । নিত্য নতুন অপৰাধৰ ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে । তেনেস্থলত ৰাজ্যৰ থানাসমূহক প্ৰযুক্তিগতভাৱে আগুৱাই নিব নোৱাৰিলে অপৰাধ নিয়ন্ত্ৰণ কৰাটো আৰক্ষীৰ বাবে সহজ নহ'ব ।

ইফালে ৰাজ্যৰ থানাসমূহৰ গৰিষ্ঠ সংখ্যকৰে অৱস্থা আজিৰ তাৰিখতো অতি শোচনীয় হৈ আছে । এনে এক পৰিস্থিতিৰ মাজত অসম আৰক্ষীক দেশৰ শীর্ষ ১০ টা বাহিনীৰ অন্যতম কৰি তোলাৰ মুখ্যমন্ত্ৰীৰ সপোন কিদৰে বাস্তৱায়িত হ'ব সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক: ULFA Peace Accord: শুকুৰবাৰে নতুন দিল্লীত আলফা-কেন্দ্ৰ চৰকাৰৰ বৈঠক; শান্তি চুক্তিৰ ওপৰত হ’ব আলোচনা

Last Updated : Aug 18, 2023, 4:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.