গুৱাহাটী,8জুলাইঃ এটা ব্যক্তিগত টেলিভিছন চেনেলত প্ৰচাৰিত এখন ধাৰাবাহিকক লৈ একাংশই তোলপাৰ লগাইছে ৰাজ্য ৷ হিন্দু মুছলমানৰ সম্প্ৰীতিক লৈ নিৰ্মাণ হোৱা ধাৰাবাহিক খনক লৈ ব্যাপক অসন্তুষ্টি প্ৰকাশ কৰিছে বহু দল সংগঠনে ৷ বিশেষকৈ সামাজিক মাধ্যমত ধাৰাবাহিকখন বৰ্জন কৰিব লাগে বুলি বহুতে মত ব্যক্ত কৰিছে ৷ এনে বিতৰ্কৰ মাজতে সামাজিক মাধ্যমত স্পষ্টীকৰণ দিছে ধাৰাবাহিকখনৰ নায়িকা প্ৰীতি কংকনাই ৷ কিন্ত ধাৰাবাহিকখন বন্ধ কৰাৰ বাবে আঁকোৰগোজ স্থিতি লৈছে সংগঠন সমূহে ৷ তেওঁলোকৰ অভিযোগ এনে ধাৰাবাহিকে এটা সম্প্ৰদায়ক উৎসাহিত কৰিব ৷ সেয়ে ধাৰাবহিকখন বন্ধ কৰিব লাগে বুলি দাবী তুলে হিন্দু জাগৰণ মঞ্চৰ বৰপেটা জিলা সম্পাদক ৰূপজিত দাসে ৷
লগতে পঢ়কঃকাশ্মীৰৰ এগৰাকী শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল সুশান্ত সিং ৰাজপুত