ETV Bharat / state

Death anniversary of Jayanta Hazarika: ৰাণাদা বিহীন 45 টা বছৰ

আজি প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকাৰ 45 সংখ্যক মৃত্যু বাৰ্ষিকী (Jayanta Hazarika on his 45th death anniversary)৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ সুৰ বাহিনী আৰু ব্যতিক্ৰম মাচডোৰ উদ্যোগত গুৱাহাটীৰ চান্দমাৰীৰ জয়ন্ত হাজৰিকা উদ্যানত আয়োজন কৰা হয় স্মৃতি তৰ্পন কাৰ্যসূচী ৷

Death anniversary of Jayanta Hazarika
ৰাণাদা বিহিনী পাৰ হ’ল 45 টা বছৰ
author img

By

Published : Oct 15, 2022, 6:18 PM IST

গুৱাহাটী, 15 অক্টোবৰ : ‘‘মই নাথাকিলে সাজৰ তৰাই মোৰেই কথাকে ক’ব...’’ ৷ সাজৰ তৰাটোক সাক্ষী কৰিয়েই এদিন চিৰবিদায় লৈছিল এই দৰদী মানুহজনে ৷ কিন্তু সহস্ৰজনৰ বুকুত তেওঁ বহুৱাই থৈ যোৱা সাজ আজিও জীপাল হৈ আছে ৷ যুগমীয়া হৈ ৰৈ গ’ল তেওঁৰ শিল্প সাধনা ৷

ৰাণাদা বিহিনী পাৰ হ’ল 45 টা বছৰ

মাত্ৰ 34 বছৰীয়া এটা জীৱন পৰিক্ৰমা ৷ এই জীৱন পৰিক্ৰমা সামৰি সকলোকে কন্দুৱাই 1977 চনৰ 15 অক্টোবৰত নিয়তিৰ কোলাত চিৰদিনৰ বাবে শুই পৰিছিল ৰাণাদা ৷ আজি ৰাণাদা বিহীনভাৱে অসমীয়াই পাৰ কৰিলে 45 টাকৈ বছৰ ৷ আজি প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকাৰ 45 সংখ্যক মৃত্যু বাৰ্ষিকী (Jayanta Hazarika on his 45th death anniversar) ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি দৰদী শিল্পী জয়ন্ত হাজৰিকাক শ্ৰদ্ধাৰে সকলোৱে সুঁৱৰিছে ৷ গায়ক, সুৰকাৰ, সংগীত পৰিচালক তথা গীতিকাৰ ৰাণাদাৰ মৃত্যু দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে নানা কাৰ্যসূচীও ৷ বাদ পৰি ৰোৱা নাই গুৱাহাটী মহানগৰো ৷

Death anniversary of Jayanta Hazarika
ৰাণাদা বিহিনী পাৰ হ’ল 45 টা বছৰ

প্ৰয়াত গণ শিল্পীগৰাকীৰ 45 সংখ্যক মৃত্যু দিৱস উপলক্ষে সুৰ বাহিনী আৰু ব্যতিক্ৰম মাচডোৰ উদ্যোগত চান্দমাৰীৰ জয়ন্ত হাজৰিকা উদ্যানত আয়োজন কৰা হয় স্মৃতি তৰ্পন কাৰ্যসূচী ৷ এই কাৰ্যসূচীত উপস্থিত থাকে প্ৰয়াত জয়ন্ত হাজৰিকাৰ পত্নী তথা কন্ঠশিল্পী মনীষা হাজৰিকা ৷ এই অনুষ্ঠাত উপস্থিত থাকি নৱ প্ৰজন্মক উদ্দেশ্যি কি ক’লে মনীষা হাজৰিকাই কৈ গ’ল প্ৰয়াত জয়ন্ত হাজৰিকাৰ বহু সপোন তথা বহু নজনা কথা ৷

শিল্পী জয়ন্ত হাজৰিকা তথা সকলোৰে মৰমৰ ৰাণাদা অসমীয়া লোক সংগীত, শাস্ত্ৰীয় সংগীতৰ লগত পশ্চিমীয়া বাদ্যযন্ত্ৰ সম্ভাৰৰ সংযোগেৰে এক নতুন ধ্বনি আছিল ৷ পশ্চিমীয়া সংগীতৰ সংযোজন আছিল জয়ন্ত হাজৰিকাৰ সংগীতৰ এক বিশেষ বৈশিষ্ট ৷ মাত্ৰ 34 বছৰীয়া জীৱন পৰিক্ৰমাত তেখেতে বহুতো গান সৃষ্টি কৰি থৈ গৈছে ৷ যিসমূহ গীতে আজিও জনমানসত আড়োলনৰ সৃষ্টি কৰে ৷

প্ৰয়াত গণ শিল্পীগৰাকীয়ে অসমত প্ৰথমে যুৱ চামৰ বাবে নিৰ্দিষ্ট গান সৃষ্টি কৰাৰ উপৰিও অসমীয়া লোক সংগীতৰ লগতে হিন্দুস্থানী ধ্ৰুপদী সংগীত, পশ্চিমীয়া ৰক্ এণ্ড ৰ’ল, জাজ, পশ্চিমীয়া ধ্ৰুপদী সংগীত আদিৰ সংমিশ্ৰণ ঘটাইছিল ৷ সেই সময়ত অপৰম্পৰাগত বুলি বিবেচিত বহুতো শৈলীক জয়ন্ত হাজৰিকাই সন্নিবিষ্ট কৰিছিল তেওঁৰ গীতত ৷

লগতে পঢ়ক : Jatinga Festival 2022: ডিমা হাছাওত জাতিংগা মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.