ETV Bharat / state

Assamese people in Meghalaya: অস্তিত্বৰ সংকটত মেঘালয়ৰ 10 খন অসমীয়াভাষী গাঁৱৰ বাসিন্দা

সংকটত মেঘালয়ৰ ৰিভয় জিলাৰ সদৰ নংপোৰ সমীপৰ দহখনকৈ অসমীয়াভাষী গাঁৱৰ ৰাইজ (Assamese people in Meghalaya)। চুবুৰীয়া ৰাজ্যত জীয়াই ৰাখিছে অসমীয়া সংস্কৃতি । খাচীপ্রধান লোকৰ বসতি হোৱা বাবে শাৰীৰিক, মানসিক হেঁচাৰ বাবে এতিয়া নিজ ধর্ম পালনৰ ক্ষেত্ৰতো সমস্যাৰ সন্মূখীন হৈছে অসমীয়াভাষী লোকসকল । সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে অঞ্চলটোৰ ৰাইজে ।

Assamese people in Meghalaya
অসমৰ পৰম্পৰাগত ৰীতি নীতিৰ মাজেৰে দশক দশক ধৰি চলি আহিছে মেঘালয়ৰ দহখন গাৱঁৰ বাসিন্দা
author img

By

Published : Dec 14, 2022, 10:08 PM IST

গুৱাহাটী, ১৪ ডিচেম্বৰ: কেইবাটাও দশক পুৰুষানুক্ৰমে অসমৰ বাহিৰত থাকিলেও তেওঁলোকে পাহৰা নাই অসম, অসমীয়া আৰু অসমৰ সংস্কৃতি । বহু ঘাত-প্ৰতিঘাত, সংঘাত তথা প্ৰতিকূল পৰিস্থিতিৰ মাজতো তেওঁলোকে এতিয়াও পালন কৰি আহিছে অসমৰ পৰম্পৰাগত ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, মহাপুৰুষ দুজনাৰ তিথি, জন্মজয়ন্তী, বিহুকে ধৰি প্ৰতিটো জাতীয় উৎসৱ । কিন্তু দিন যোৱাৰ লগে লগে পৰিস্থিতিৰ তাগিদাত পৰি তেওঁলোক এতিয়া অস্তিত্বৰ সংকটত ভুগিব লগা হৈছে । বাধ্যত পৰি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে এইসকল লোকে ।

গুৱাহাটীৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ নিলগৰ মেঘালয়ৰ ৰিৰ্ভয় জিলাৰ সদৰ নংপোৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ দূৰত্বত আছে দহখনকৈ অসমীয়া ভাষী গাঁও । এই দহখন গাঁৱত আছে অসমীয়া মূলৰ বিভিন্ন জনগোষ্ঠীৰ প্ৰায় দহ হাজাৰ লোক । বৃহত্তৰ মৰঙাৰ অঞ্চল হিচাপে পৰিচিত হৈ অহা এই দহখন গাঁও হ’ল ক্ৰমে পুৰাণগাঁও, নোৱাগাঁও, বৰগাঁও, লালুংপাম, নালাপাৰা, জয়গাঁও, বৰঘাটচাৰি, জাৰিকুছি, বৰকুছি আৰু আঠগাঁও । এই সন্দৰ্ভত পুৰাণগাঁওৰ বাসিন্দা, মেঘালয় শক্তি বিতৰণ নিগম লিমিটেডৰ অৱসৰপ্ৰাপ্ত কার্যবাহী অভিযন্তা, বিশিষ্ট সমাজকৰ্মী মনীন ৰাজাই জানিবলৈ দিয়া মতে তেওঁলোকৰ অঞ্চলটোত এতিয়াও আছে ১৯৫৬ চনতে অবিভক্ত অসমৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে (Assam minister Bishnuram Medhi) স্থাপন কৰা শংকৰদেৱ বিদ্যালয়(Sankardev sishu niketan in Meghalaya)।

Assamese people in Meghalaya
অসমৰ পৰম্পৰাগত ৰীতি নীতিৰ মাজেৰে দশক দশক ধৰি চলি আহিছে মেঘালয়ৰ দহখন গাৱঁৰ বাসিন্দা

বিদ্যালয়খনত এতিয়াও অধ্যয়ন কৰি আছে ৪০০ৰো অধিক শিক্ষাৰ্থীয়ে । তেনেদৰে আছে মহাপুৰুষ দুজনাৰ স্মৃতি যুগমীয়া কৰাৰ লক্ষ্যৰে সেই সময়তে প্ৰতিষ্ঠা কৰা শ্ৰীমন্ত শংকৰদেৱ নামঘৰ (Sankardev namghar in Meghalaya)। নামঘৰত এতিয়াও নিয়মীয়াকৈ নাম-প্ৰসংগৰ লগতে মহাপুৰুষ দুজনাৰ তিথি, জয়ন্তী আদিও পৰম্পৰাগতভাৱে পালন কৰি অহা হৈছে । প্রশাসনিকভাৱে অঞ্চলটো মেঘালয়ৰ ৰিভয় জিলাৰ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ৯নং নংপো সমষ্টিৰ অন্তৰ্গত ।

১০খন গাঁৱৰ বাসিন্দাসকলৰ ভিতৰত কাৰ্বি জনগোষ্ঠীৰ লোকৰ সংখ্যাই সর্বাধিক । কাৰ্বি জনগোষ্ঠীৰ সংখ্যা বর্তমান হ’ল ৫,৭৬৯জন । তাৰ বিপৰীতে মৰঙালী জনগোষ্ঠীৰ সংখ্যা হ’ল ২,১৫৯জন । প্রায় ৩৩,১১৪জন ভোটাৰ থকা ৯নং নংপো সমষ্টিত অসমৰ কাৰ্বি আৰু মৰঙালী জনগোষ্ঠীৰ লোকসকলে এক নির্ণায়ক ভূমিকা গ্ৰহণ কৰি অহাৰ পাছতো তেওঁলোক সকলো দিশতে অস্তিত্বৰ সংকটত ভুগিবলগা হৈছে । মনীন ৰাজাই সদৰি কৰা অনুসৰি ইতিহাস মতে মানৰ অসম আক্ৰমণৰ আগে-পিছে ১৫ৰ পৰা ১৭ শতিকাৰ ভিতৰত মৰিগাঁও জিলাৰ গৰঙা, কামৰূপৰ দীপৰ বিল আৰু ডিমৰু বিল কাষৰীয়া অঞ্চলৰ পৰা বৃহত্তৰ মৰঙাৰ অঞ্চললৈ তেওঁলোকৰ প্ৰব্ৰজন হৈছিল ।

১৯৭২ চনত মেঘালয় ৰাজ্য গঠন হোৱাৰ পাছৰে পৰা লাহে লাহে সামাজিক, ৰাজনৈতিক কাৰণত তেওঁলোক অস্তিত্বৰ সংকটত ভুগিবলৈ আৰম্ভ কৰে । বর্তমান এই সংকট ক্ৰমাৎ অধিক তীব্ৰতৰ হৈ পৰিছে । কিয়নো চাৰিওকাষে খাচী প্রধান লোকৰ বসতি হোৱা বাবে শাৰীৰিক, মানসিক হেঁচাৰ বাবে এতিয়া নিজ ধর্ম পালনৰ ক্ষেত্ৰতো ১০ খন গাঁৱৰ অসমীয়াভাষী ৰাইজ বহু প্ৰত্যাহ্বানৰ মুখামুখি হ’বলগীয়া হৈছে । আনকি তেওঁলোকক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰো হেঁচা প্ৰয়োগ কৰা হৈছে ।

যাৰ বাবে অনিচ্ছাস্বত্ত্বেও কেইবাটাও পৰিয়ালে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিব লগা হৈছে । ইফালে যিসকল যুৱকে বিভিন্ন কাৰণত খাচী সম্প্ৰদায়ৰ ছোৱালী বিয়া কৰাইছে, সেই যুৱকসকল মেঘালয় মাতৃপ্রধান ৰাজ্য হোৱা বাবে স্বাভাৱিকভাৱে খ্ৰীষ্টান ধৰ্মলৈ দীক্ষিত হৈছে । এই ধাৰা অব্যাহত থাকিলে অহা কেইবছৰমানৰ ভিতৰতে গৰিষ্ঠসংখ্যক লোক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ আশংকা ব্যক্ত কৰিছে মনীন ৰাজাই । যাৰ বাবে বৃহত্তৰ মৰঙা অঞ্চলৰ ১০ খনকৈ অসমীয়াভাষী গাঁৱৰ ৰাইজে তেওঁলোকে অস্তিত্বৰ সংকটত ভুগিব লগা হোৱা বিষয়টোৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ আন্তৰিকতাৰে কামনা কৰিছে (Assam CM Himanta Biswa Sarma)।

গাঁওবাসীৰ আশা যে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা বৰ্তমান উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ ভিতৰত এজন শক্তিশালী নেতা হিচাপে পৰিগণিত হৈ ৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে । সমান্তৰালভাৱে তেওঁ বিজেপিৰ সহযোগী হিচাপে কাম কৰি অহা নৰ্থ-ইষ্ট ডেমক্রেটিক এলায়েন্স চমুকৈ নেডাৰ আহ্বায়কৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বত অধিষ্ঠিত হৈ আছে (The North East Democratic Alliance)।

গতিকে গুৱাহাটীৰ কাষৰীয়া নংপো অঞ্চলৰ ১০ খনকৈ অসমীয়াভাষী গাঁৱৰ ৰাইজে ভুগি অহা অস্তিত্বৰ সংকটৰ বিষয়টো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সমাধান কৰি দিব বুলি অঞ্চলবাসীৰ বিশ্বাস ৷ আনকি ৯নং নংপো সমষ্টিৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী হিচাপে তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ যাতে অক্ষুণ্ণ থাকে, তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ 'নেডা'ৰ আহ্বায়কৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি অনুৰোধ জনাইছে অঞ্চলবাসীয়ে । উল্লেখ্য যে খাচীপ্রধান অঞ্চলত কেইবা শতিকা ধৰি বাস কৰি আহিলেও ১০খন গাঁৱৰ ৰাইজে অসমীয়াকে মাতৃভাষা বুলি গণ্য কৰি আহিছে ।

লগতে পঢ়ক: AJP filed court case against Ajmal : আজমলৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিবলৈ আদালতৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.