ETV Bharat / state

Chicago south asian film festival:চিকাগো ছাউথ এছিয়ান চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি "সত্য দ্যা ট্ৰুথ"

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 10:54 PM IST

অসমীয়াক গৌৰাৱান্বিত কৰি অসমীয়া ছবি "সত্য দ্যা ট্ৰুথ" পৰদৰ্শিত হৈছে চিকাগো ছাউথ এছিয়ান চলচ্চিত্ৰ মহোৎসৱত । ২৪ ছেপ্তেম্বৰত আমেৰিকাৰ চিকাগো চহৰৰ আইকন থিয়েটাৰত প্ৰদৰ্শিত হ’ব এই ছবিখন । ছবিখনৰ পৰিচালক ৰূপজ্যোতি বৰঠাকুৰৰ ।

chicago south asian film festival
চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি "সত্য দ্যা ট্ৰুথ"

গুৱাহাটী, 28 আগষ্ট : পুনৰ অসমবাসী লোকক গৌৰাৱান্বিত কৰিলে এখন অসমীয়া ছবিয়ে ৷ অসমীয়া ছবি জগত উদ্যোগটোৰ বাবে ই এটা নিশ্চয়কৈ ভাল খবৰ । পুনৰবাৰ বিশ্ব পৰ্যায়ত উজলি উঠিল এখন অসমীয়া ছবি ৷

চলিত বৰ্ষৰ চিকাগো ছাউথ এছিয়ান চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে অসমীয়া ছবি ‘সত্য দ্যা ট্ৰুথ’ । ২৪ ছেপ্তেম্বৰত আমেৰিকাৰ চিকাগো চহৰৰ আইকন থিয়েটাৰত প্ৰদৰ্শিত হ’ব এই ছবিখন । তিলোত্তোমা তালুকদাৰে চিটি প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ সামগ্ৰিক পৰিকল্পনা চন্দন তালুকদাৰৰ ।

আনহাতে ছবিখন পৰিচালনা কৰিছে ৰূপজ্যোতি বৰঠাকুৰে । অসমৰ নগৰীয়া জীৱনৰ পটভূমিত নিৰ্মাণ কৰা ছবিখনৰ মূল বিষয়বস্তু হৈছে-সমকামিতা । আমাৰ সমাজৰ বাবে এটা সংবেদশীল বিষয় এই সমকামিতা ৷ এনে এটা প্ৰত্যাহ্বানমূলক চৰিত্ৰত ছবিখনত নায়কৰ ভূমিকাত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা উৎপল দাসে ।

ছবিখনৰ সংগীত পৰিচালনা দিগন্ত ভাৰতী আৰু তৰালি শৰ্মাৰ । সম্পাদনা সঞ্জীৱ বৰঠাকুৰৰ, চিত্ৰগ্ৰহণ হিতেন ঠাকুৰীয়াৰ, শব্দ সংযোজন আৰু সংমিশ্ৰণ অমৃত প্ৰীতমৰ । ইয়াৰ লগতে উৎপল উপমান্যৰ কাহিনীৰে ছবিখনৰ চিত্ৰনাট্য লিখিছে চন্দন তালুকদাৰে । উল্লেখ্য যে, ছবিখনত থকা গীতসমূহৰ গীতিকাৰ প্ৰশান্ত বৰদলৈ আৰু তৰালি শৰ্মা ।

"সত্য দ্যা ট্ৰুথ" ছবিখন ইতিমধ্যে মুম্বাই কশীষ ফিল্ম ফেষ্টিভেললৈয়ো নিৰ্বাচিত হৈছিল । মুম্বাই কশীষ ফিল্ম ফেষ্টিভেলত বিগত ১০ জুন তাৰিখে ছবিখনৰ প্ৰিমিয়াৰ হয় । মন কৰিবলগীয়া কথা যে ১১ তম চিনে ইণ্ডিয়া ফিল্ম ফেষ্টিভেললৈয়ো নিৰ্বাচিত হৈছে এই ছবিখন ।

উল্লেখ্য যে, বিশ্বৰ ভিতৰতে এক অন্যতম ফিল্ম ফেষ্টিভেল চিকাগো ছাউথ এছিয়ান চলচ্চিত্ৰ মহোৎসৱ । ছবিখন চিকাগো ছাউথ এছিয়ান চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হোৱাৰ বাবে উৎফুল্লিত হৈ পৰিছে ছবিখনৰ কলা-কুশলী তথা পৰিচালক । আগন্তুক বৰ্ষৰ ২ ফেব্ৰুৱাৰীত ছবিখন ৰাইজৰ বাবে মুক্তি দিয়া হ’ব ।

লগতে পঢ়ক : অসমীয়া ছবি জগতৰ চকলেট হিৰো উৎপল দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.