ETV Bharat / state

২৯তম কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি নেলীৰ কথা

author img

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 1:54 PM IST

Kolkata International film festival 2023: ২৯ তম কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে আহিবলগীয়া নতুন অসমীয়া ছবি 'নেলীৰ কথা' । অহা ৮ ডিচেম্বৰত ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে মুক্তি লাভ কৰিব ছবিখনে ।

Assamese film The Nellie Story selected for 29th Kolkata International film festival
কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত নেলীৰ কথা

গুৱাহাটী, 3 ডিচেম্বৰ: অসমীয়া ছবি জগতৰ বাবে এটা ভাল খবৰ । অহা ৮ ডিচেম্বৰত মুক্তি লাভ কৰিবলগীয়া অসমীয়া ছবি 'নেলীৰ কথা' নিৰ্বাচিত হৈছে ২৯ তম কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতা শাখালৈ । অহা ৫ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব ২৯তম কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ।

ইফালে অজন্তা-ইলোৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো প্ৰতিযোগিতা শাখাত আছে ছবিখন । লগতে গ্ৰীচৰ ৬৪ তম থেছালনিকী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মাৰ্কেটিং বিভাগ আৰু ইণ্ডিয়ান ফিল্ম ফেষ্টিভেললৈ আমন্ত্ৰণ লাভ কৰিছে অসমীয়া ছবি ‘নেলীৰ কথা’ । নেলীৰ গণহত্যাক মূল বিষয় হিচাপেলৈ পার্থজিৎ বৰুৱাৰ পৰিচালনাৰে অহা ৮ ডিচেম্বৰত ছবিগৃহলৈ আহি আছে "নেলীৰ কথা" ।

১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নগাঁৱৰ (বৰ্তমানে মৰিগাঁও জিলা) নেলীত সংঘটিত হোৱা এই কৰুণ ঘটনাক আজিও অসমীয়া সমাজে পাহৰিব পৰা নাই । নেলীৰ আকাশত যেন এতিয়াও বিয়পি আছে সেই আর্তনাদ, এই ঘটনাকে কাহিনী হিচাপে লৈ নিৰ্মাণ কৰা হৈছে ছবিখন । 'বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষক ছাত্ৰই নেলীৰ ঘটনাটোৰ বিষয়ে জানিবলৈ গুৱাহাটীৰ পৰা নেলীৰ ভিতৰুৱা মুছলিম আৰু তিৱা গাঁও সমূহলৈ গৈছিল আৰু বহু নজনা কথা জানিব পাৰে, এই কাহিনীৰ আধাৰতে ছবিখন নিৰ্মাণ কৰা হৈছে ।

ছবিখন ট্ৰেইলাটো ইতিমধ্যে সামাজিক মাধ্যমত বিশেষ জনপ্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে । চানলিষ্ট ষ্টুডিঅ’ৰ বেনাৰত নিৰ্মাণ কৰা ১০০ মিনিট দৈৰ্ঘৰ ছবিখনৰ পৰিচালনা, কাহিনী, চিত্ৰনাট্য আৰু সংলাপ পাৰ্থজিৎ বৰুৱাৰ । ছবিখনৰ সহকাৰী সংলাপ দিছে প্ৰাঞ্জল কুমাৰ মহন্তই । ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অৰ্ঘদ্বীপ বৰুৱাই । নীল বৰ্মন চিনেমাখনৰ মুখ্য সহকাৰী পৰিচালক । চিনেমাখনৰ চিনেমেট’ গ্ৰাফীৰ দ্বায়িত্ব সম্পাদন কৰিছে সুমন দুৱৰাই । সম্পাদনা হীৰক জ্যোতি পাঠকৰ চাউণ্ড ডিজাইন আৰু মিক্সিং দেৱজিৎ গায়নৰ, কালাৰ গ্ৰেডিং ৰাজেশ যাদৱৰ লগতে সংগীত ডেনিয়েল ইংটিৰ ।

আনহাতে ছবিখনত অভিনয় কৰিছে ক্ৰমে স্বাগতা ভৰালী, ৰয়ন্তী ৰাভা, ধনঞ্জয় দেৱনাথ, মহেন্দ্ৰ দাস, সুদৰ্শন নাথ, সপোনটি বৰদলৈ, ড৹ আশা কুঠাৰী চৌধুৰী, মুকুট চন্দ্ৰ ভূঞা, সুনয়না দত্ত, সমৰ জ্যোতি চৰকাৰ, মিণ্টু বৰুৱা, বৈষবী বৰা, সঞ্জীৱনী বৰা, চুচমিতা শইকীয়া, ত্ৰিদিশা আৰ. পৰাশৰ, পুনীৰাম শইকীয়া আৰু লক্ষ্য জ্যোতি শইকীয়া ৰূপম শইকীয়াই৷ বুৰঞ্জীৰ বুকুৰ পৰা নিৰ্মাণ কৰা অসমীয়া ছবি 'ৰঙাটাপু ১৯৮২' ছবিখনক যিদৰে ৰাইজে মৰম দিছে তেনেদৰে 'নেলীৰ কথা' ছবিখনকো ৰাইজে আকোৱালি ল’ব বুলি আশাবাদী ছবিখনৰ পৰিচালক তথা কলা-কুশলী সকল ।

লগতে পঢ়ক: The Nellie Story: ইলোৰা- অজন্তা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নেলীৰ কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.